এফালে বান-আনফালে বাঘ : নগাঁৱত বাঘৰ আক্ৰমণত আহত দুজন - Tiger scare in Nagaon
Tiger scare in Nagaon: এফালে বান বিভীষিকা, আনফালে বাঘৰ আতংক । নগাঁৱৰ জেঙনি অঞ্চলত আতংকৰ সৃষ্টি কৰিছে প্ৰকাণ্ড বাঘে । বাঘৰ আক্ৰমণত আহত দুজনকৈ লোক । হাতে হাতে লাঠি লৈ ৰাইজে খেদি ফুৰিছে বাঘ । আশ্ৰয় বিচাৰি হাহাকাৰ বনৰজাৰ ।

Published : July 3, 2024 at 3:51 PM IST
নগাঁও,৩ জুলাই: নগাঁৱৰ বিভিন্ন প্ৰান্তত বানে একপ্ৰকাৰ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তেই নগাঁৱৰ এটা অঞ্চলত বুধবাৰে পুৱাই আতংকৰ সৃষ্টি কৰিছে এটা প্ৰকাণ্ড বাঘে । পুৱাৰ ভাগতেই অঞ্চলটোত এটা প্ৰকাণ্ড বাঘৰ বিচৰণক কেন্দ্ৰ কৰি আতংকিত হৈ পৰিছে অঞ্চলটোৰ জনতা । নগাঁৱৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত জেঙনি অঞ্চলত পুৱাই এটা প্ৰকাণ্ড বাঘে বিচৰণ কৰাই নহয়, দুজনকৈ লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰাৰ পাচতেই আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী ।
জেঙনি গাঁৱৰেই আব্দুল আজিজ আৰু দক্ষিণ কলাডুবা গাঁৱৰ আক্তাৰ আলী নামৰ দুজনকৈ লোকক পুৱাই আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে বাঘটোৱে । বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুয়োজনকে ততাতৈয়াকৈ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও দুয়োজনৰে অৱস্থা সংকটজনক হোৱাত নগাঁৱৰ আন এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে । এই পৰ্যন্ত আহত দুয়োজনৰ এজনো সংকটমুক্ত নহয় বুলিও জানিব পৰা গৈছে ।
বুধবাৰে পুৱাৰ ভাগতে জেঙনি গাঁৱৰ মাজত থকা প্ৰাথমিক বিদ্যালয়ৰ ওচৰৰ পথাৰলৈ গৈ থকাৰ সময়ত ব্যক্তি দুজনক বাঘে অতৰ্কিতে আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে । বানৰ কৱলত পৰা লাওখোৱা অভয়াৰণ্যৰ পৰা আশ্ৰয় বিচাৰি ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰা বাঘটোৱে খাদ্যৰ সংকটত পৰি আক্ৰমণ চলোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে । জুৰীয়া, বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত আতংকৰ সৃষ্টি কৰা বাঘটো ঢেঁকীয়াপতীয়া বুলি ধাৰণা কৰিছে স্থানীয় লোকে । ইপিনে দুজনকৈ লোকক আক্ৰমণ কৰি আহত কৰা বাঘটোক পিচে পিচে খেদি ফুৰিছে স্থানীয় একাংশ লোকে ।

