মানুহৰ আক্ৰমণত জীৱনলৈ ঘূনীয়া: কেতিয়াও আৰু বনলৈ ঘূৰি যাব নোৱাৰিব বনৰজা
মানুহে নিক্ষেপ কৰা শিলগুটিৰ আঘাতত বাঘিনীজনীৰ এটা চকু সম্পূৰ্ণৰূপে বেয়া হৈ পৰিছে, ফলস্বৰূপে পুনৰবাৰ বনাঞ্চলত বিচৰণ কৰাৰ কোনো আশা দেখা নাই চিকিৎসকে ।

Published : December 10, 2024 at 10:36 AM IST
তেজপুৰ: জখলাবন্ধাৰ কলং নদীৰ পাৰত আঘাতপ্ৰাপ্ত বাঘিনীজনী লাহে লাহে সুস্থ হৈ উঠিছে যদিও পুনৰ বনাঞ্চললৈ ঘূৰি যোৱাৰ সম্ভাৱনা নাই । কিয়নো মানুহৰ আক্ৰমণত দুৰ্ভগীয়া বাঘিনীজনীয়ে ইতিমধ্যে হেৰুৱাই পেলাইছে এটা চকুৰ দৃষ্টিশক্তি ৷ যোৱা ২৬ নৱেম্বৰত বাঘিনীজনীক স্থানীয় একাংশ লোকে শিলগুটি নিক্ষেপ কৰি গুৰুতৰভাৱে আহত কৰাত বন বিভাগে উদ্ধাৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য প্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসা অব্যাহত ৰাখিছে ।
বন বিভাগৰ তথ্য অনুসৰি মানুহে নিক্ষেপ কৰা শিলগুটিৰ আঘাতত বাঘিনীজনীৰ এটা চকু সম্পূৰ্ণৰূপে বেয়া হৈ পৰিছে, ফলস্বৰূপে পুনৰবাৰ বনাঞ্চলত বিচৰণ কৰাৰ কোনো আশা দেখা নাই চিকিৎসকে । ডব্লিউ টি আই ৰ অভিজ্ঞ চিকিৎসক তথা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ (CWRC) ৰ চিকিৎসক ভাস্কৰ চৌধুৰীয়ে কয়, "বাঘিনীজনীৰ বয়স তিনি বছৰ, তাইৰ সোঁফালৰ চকুটো সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে, আমি চিকিৎসা কৰি কিছু পৰিমাণে সুস্থ কৰি তুলিছো যদিও সম্পূৰ্ণ সুস্থ হ'বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন ।"
তেওঁ পুনৰ কয়, "এটা কথা স্পষ্ট যে তাই পুনৰ জংঘলত মুক্তভাৱে চলাফুৰা কৰিবলৈ সক্ষম নহ'ব । বাঘিনীজনীয়ে ভিতৰি আঘাত পোৱাৰ উপৰি নাকত গুৰুতৰভাৱে আঘাত পাইছে । বৰ্তমান চি ডব্লিউ আৰ চিত নিৰীক্ষণত ৰখা হৈছে । কিন্তু পৰৱৰ্তী সময়ত কোনো চিৰিয়াখানাত থোৱা হ'বনে নাই সেই বিষয়ে সম্পূৰ্ণ সুস্থ হোৱাৰ পিছত বিবেচনা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । আনহাতে ডব্লিউ টি আইৰ বিশেষজ্ঞ ৰথীন বৰ্মনে এই ঘটনা সন্দৰ্ভত ই টিভি ভাৰতক কয়," মই ক'ব পাৰো যে সংৰক্ষিত অঞ্চলৰ সীমা বাঘ বা আন জন্তুৰ বাবে নহয়, এয়া আমিহে দি লোৱা ।
জীৱ-জন্তু এই সীমাৰ পৰা ওলাই আহিলে আমাৰ কিছুমান নৈতিক দায়িত্ব আছে, যদিহে আমি আমাক "মানুহ" বুলি কওঁ । এইক্ষেত্ৰত চৰকাৰৰ ডাঙৰ ভূমিকা আছে ।" সংৰক্ষিত অঞ্চলৰ সীমাৰ বাহিৰত জীৱ-জন্তুৱে কৰা যিকোনো ক্ষতিৰ সঠিক আৰু সময়মতে ক্ষতিপূৰণ দি মানুহ-বন্যপ্ৰাণীৰ সংঘাত কম কৰাৰ লগতে সংৰক্ষিত অঞ্চলৰ বাহিৰৰ জীৱ-জন্তুৰ প্ৰতি মানুহৰ সহনশীলতা দেখুওৱা প্ৰয়োজন ।"
উল্লেখযোগ্য যে বিগত সময়ছোৱাত অসমত বাঘ আৰু মানুহৰ সংঘাত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে । তথ্য অনুসৰি ২০২২ চনলৈকে অসমত বাঘৰ সংখ্যা ২২৭ টা আছিল । কিন্ত ২০০৬ চনত ইয়াৰ সংখ্যা ৭০ টা, ২০১০ চনত ১৪৩ টা আৰু ২০১৮ চনত ১৯০ টা বাঘ আছিল অসমত ৷ বাঘৰ সংখ্যা অসমত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । অসমত মানস, কাজিৰঙা, ওৰাং আৰু নামেৰী চাৰিটা বাঘ সংৰক্ষিত বনাঞ্চল আছে ।
মানস, কাজিৰঙা, ওৰাঙত বাঘৰ সংখ্যা বৃদ্ধি পাইছে যদিও নামেৰীত চাৰিৰ পৰা তিনিলৈ হ্ৰাস পাইছে । শেহতীয়াকৈ শোণিতপুৰৰ সোনাই-ৰূপাই বনাঞ্চলত কেমেৰা ট্ৰেপিঙত এটা ঢেকীয়াপতীয়া বাঘৰ তথ্য উপলদ্ধ হৈছে । মানস ৰাষ্ট্ৰীয় উদ্যানৰ সহকাৰী সঞ্চালক জেচিম আহমেদে জনাই যে উদ্যানত বৰ্তমান বাঘৰ সংখ্যা বয়স্ক ৫৭ টা আৰু চাব এডাল্ট ৩ টালৈকে বৃদ্ধি পাইছে ।
লগতে পঢ়ক: জীৱশ্ৰেষ্ঠৰ নৃশংসতাত চিৰদিনলৈ দৃষ্টি হেৰুৱালে বনৰজাই

