ETV Bharat / state

তাঁতশালখনেৰেই পৰিয়াল পোহপাল দিছে এদল মহিলাই, ৰচিছে জীৱনৰ সপোন

অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে । এতিয়া তাঁতশালখন কেৱল সপোন হৈ থকা নাই । হৈ পৰিছে জীৱন-জীৱিকাৰ সম্বল ।

Through weaving, few women has become self-reliant in Baihata
তাঁতশালখনেৰেই পৰিয়াল পোহপাল দিছে এদল মহিলাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 9, 2025 at 3:17 PM IST

2 Min Read
Choose ETV Bharat

বাইহাটা: বাইহাটাৰ এদল মহিলাই তাঁতশালত ৰচিছে সপোন । তাঁতশালত সপোন ৰচি জীৱিকাৰ পথ বাচি লৈছে বাইহাটাৰ বৰডাংগেৰীকুছি গাঁৱৰ এদল মহিলাই । বিশ্ব বিখ্যাত বস্ত্ৰনগৰী শুৱালকুছিক প্ৰত্যাহ্বান জনাবলৈ ওলাই আহিছে এইসকল মহিলা । বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী বৰডাংগেৰীকুছি গাঁৱৰ প্ৰায় শতাধিক মহিলা তাঁতশালৰ লগত জড়িত হৈ পৰিছে ।

সুদীৰ্ঘ দিন ধৰি মহিলাসকলে নিজৰ মন পছন্দৰ কাপোৰ তাঁতশালত লগাই উপাৰ্জনৰ পথ মুকলি কৰি আহিছে । সময়ৰ সোঁতত হেৰাই যাবলৈ লোৱা তাঁতশালৰ খিটখিটনি এতিয়াও শুনিবলৈ পোৱা যায় বৰডাংগেৰীকুছি গাঁৱৰ নাথ চুবুৰীত । এই চুবুৰীটোত প্ৰায় শতাধিক ঘৰৰ পৰিয়ালত দুইৰ পৰা তিনিখনকৈ আছে তাঁতশাল ।

তাঁতশালখনেৰেই পৰিয়াল পোহপাল দিছে এদল মহিলাই (ETV Bharat Assam)

বোৱাৰী, মহিলাসকল কেৱল ৰান্ধনীশালতে ব্যস্ত নাথাকি নিজৰ খৰচ নিজে উলিয়াই স্বাৱলম্বী হোৱাৰ লগতে আনকো পথ দেখুৱাইছে । যদিওবা এইসকল মহিলা স্বাৱলম্বী হৈছে তথাপিও ইয়াৰ পৰিসৰ বৃদ্ধিৰ বাবে সহায় বিচাৰিছে চৰকাৰৰ, সহায় বিচাৰিছে জন প্ৰতিনিধিৰ ।

এই গাঁওখনৰ এই বয়ন শিল্পকৰ্মৰ লগত জড়িত এগৰাকী ব্যক্তিয়ে কয়, "আচলতে এই অঞ্চলত পোন প্ৰথমবাৰৰ বাবে এই গাঁৱৰে ৰমেন নাথৰ বাবে আজি গাঁওখনৰ মহিলাসকলে এই পৰ্যায় পাইছেগৈ । প্ৰথমে ব্যক্তিগৰাকীয়ে শুৱালকুছিত তাঁত বোৱা কাম শিকি পিছৰ পৰ্যায়ত এই গাঁওখনৰ লোকসকলৰ মাজত বিলাই দিয়ে । ইয়াৰ যোগেদি আজি এই গাঁওখনত প্ৰতি ঘৰ লোকৰ মাজত প্ৰায় তিন- চাৰিখন তাঁতশাল উপলব্ধ হৈছে ।

তেওঁ লগতে কয়, "এই বয়ন শিল্পৰ জৰিয়তে এইসকল মহিলাই নিজৰ পৰিয়াল সুন্দৰকৈ পোহপাল দিব পাৰিছে । এইসকল মহিলাই চৰকাৰৰ পৰা যি ধৰণে সহায় সহযোগিতা পাব লাগিছিল তেনেধৰণৰ কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই আৰু চৰকাৰ তথা স্থানীয় বিধায়কে নিশ্চয় এইক্ষেত্ৰত বিশেষ পদক্ষেপ লব বুলি আশাবাদী ।"

লগতে পঢ়ক: বৰ্তমান সময়ত গুৱাহাটীৰ বাদে প্ৰথমবাৰৰ বাবে চিটী বাছ চলিব অসমৰ আন এখন চহৰত - CITY BUS SERVICE

ঘৰলৈ গ'ল গেলাবিলকাণ্ডৰ ভুক্তভোগী: আৰক্ষীৰ জালত ১০ অভিযুক্ত - GELABIL MORAL POLICING