ETV Bharat / state

ডিব্ৰুগড়ত জঘন্য কাণ্ড: এগৰাকী, দুগৰাকী নহয় তিনিগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা

জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি চলি থকাৰ মাজতে ডিব্ৰুগড়ত পাশৱিক ঘটনা ।

Dibrugarh rape and murder
এগৰাকী, দুগৰাকী নহয় তিনিগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা ডিব্ৰুগড়ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 25, 2025 at 5:35 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী ।‌ প্ৰিয় শিল্পীজনক হেৰুৱাই যেন আজিও স্বাভাৱিক হ'ব পৰা নাই অসমৰ ৰাইজ ।

কিন্তু প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যত শোকাকুল পৰিৱেশ সৃষ্টি হৈ থকাৰ সময়তে ডিব্ৰুগড়ত ৩ গৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা । জিলাখনৰ দুখনকৈ চাহ বাগিচাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ।‌

এগৰাকী, দুগৰাকী নহয় তিনিগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা ডিব্ৰুগড়ত (ETV Bharat Assam)

জুবিন গাৰ্গৰ মৃত্যুক লৈ সকলো উদ্বিগ্ন হৈ থকা বাবে এই খবৰ ৰাজহুৱা হোৱা নাছিল যদিও বৃহস্পতিবাৰে এই খবৰ ৰাজহুৱা হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।‌

ঘটনা অনুসৰি, সোমবাৰে তিনিআলি চাহ বাগিচাৰ কাচাৰীয়া লাইনৰ দুগৰাকী ব্যক্তিৰ ক্ৰমে ১৩ বছৰীয়া আৰু ১৫ বছৰীয়া দুগৰাকী কিশোৰীৰ মৃতদেহ পথৰ কাষৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছিল । স্থানীয় দণ্ডাধীশৰ উপস্থিতিত টিংখাং আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে কিশোৰী দুগৰাকীৰ মৃতদেহ প্ৰায় অৰ্ধ-উলংগ অৱস্থাত উদ্ধাৰ হৈছিল । যাৰ ফলত তেওঁলোকক প্ৰথমে ধৰ্ষণ কৰি পাছত হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়াল তথা স্থানীয় ৰাইজে । আৰক্ষীৰ সঠিক অনুসন্ধান আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে ঘটনাৰ প্ৰকৃত ৰহস্য ফাদিল হ'ব ।

ঘটনাক লৈ ভুক্তভোগী কিশোৰীৰ পৰিয়ালৰ সদস্যই সংবাদ মাধ্যমৰ আগত কয়, "প্ৰথমে এগৰাকী ছোৱালী ওপঙি থকা অৱস্থাত দেখাৰ পাছত তলত আৰু এজনী ছোৱালী উদ্ধাৰ হয় । দুগৰাকী ছোৱালী অৰ্ধ-উলংগ অৱস্থাত আছিল ।‌ আৰক্ষীৰ উপস্থিতিত উদ্ধাৰ কৰা হৈছে । আমাৰ চাহ বাগিচাত বহু বাহিৰা মানুহ সোমায় । মদ, ভাং বহুত বিক্ৰী হয়, এইবিলাক বন্ধ হ'ব লাগে । কোনোবাই হত্যা কৰি পেলাই দিছে ।‌"

দুলীয়াজানৰ নিউ ডিৰিয়াল চাহ বাগিচাত ৭ বছৰীয়া কিশোৰীৰ মৃতদেহ নলাত উদ্ধাৰ

আনহাতে, যোৱা ২২ ছেপ্টেম্বৰত দুলীয়াজানৰ নিউ ডিৰিয়াল চাহ বাগিচাত প্ৰায় ৭ বছৰীয়া কণমানি শিশু এটিক হত্যা কৰা হয় । বাগিচাখনত অনুষ্ঠিত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ঘৰৰ পৰা ওলাই অহা শিশুটি ঘৰলৈ উভতি অহা নাছিল । পৰিয়ালৰ লোকে ওচৰে-পাজৰে বিচাৰ-খোচাৰ কৰে যদিও সেইদিনা তেওঁক বিচাৰি নাপায় ।

পিছদিনা পুৱা স্থানীয় লোকে চাহ বাগিচাখনৰ নলাত উলংগ অৱস্থাত শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰে ।‌ জানিব পৰা অনুসৰি, শিশুটিক সুনীল মুড়া আৰু সুদৰ্শন নায়ক নামৰ দুটা নৰপিশাচে ধৰ্ষণ কৰি হত্যা কৰি এটা নলাত পেলাই থৈ যায় ।

ইয়াৰ পিছতে বুধবাৰে বৰডুবিৰ দেওহাল বাগানৰ পৰা দুয়োটা অপৰাধীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে দুলীয়াজান আৰক্ষীয়ে । আনহাতে, বৃহস্পতিবাৰে আদিবাসী ছাত্ৰ সন্থাৰ এটা সঁজাতি দল শিশুটিৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনায় ।

লগতে পঢ়ক :তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা প্ৰশাসনৰ
লগতে পঢ়ক :প্ৰিয় শিল্পীগৰাকীৰ মৃত্যু সহিব নোৱাৰি উপবাসে থাকি প্ৰাণত্য়াগ অনুৰাগীৰ