বিষয়া এজন পদ তিনিটা: লোক নিৰ্মাণ বিভাগত চৰম অৰাজকতা
ডিমা হাছাও জিলাত কেনেদৰে চলিছে চৰকাৰী কাম-কাজ সেয়া দেখিলে সকলোৰ চকু কপালত উঠিব ।

Published : February 28, 2025 at 6:05 PM IST
হাফলং: হাফলং লোক নিৰ্মাণ বিভাগত চৰম অৰাজকতা । এজন বিষয়াই পালন কৰি আছে লোক নিৰ্মাণ বিভাগৰ তিনিটাকৈ পদৰ দায়িত্ব । বৰ্তমান হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা হৈছে নুৰ জামান আহমেদ ।
এই কাৰ্যবাহী অভিযন্তাগৰাকীয়ে আকৌ লোক নিৰ্মাণ বিভাগৰ ছুপাৰেনটেণ্ডিং ইঞ্জিনীয়াৰ আৰু অতিৰিক্ত মুখ্য অভিযন্তাৰ দায়িত্বতো আছে বুলি শুকুৰবাৰে অভিযোগ কৰে আম আদমী পাৰ্টীৰ ডিমা হাছাও জিলাৰ সভাপতি বাপুজিৎ লাংথাচাই ।
শুকুৰবাৰে বাপুজিৎ লাংথাচাই হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত কয়, "দুই-তিনিদিন আগতে হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা নুৰ জামান আহমেদৰ ওচৰত নোটিচ ইনভাইটিং টেণ্ডাৰ (এন আই টি) বিচাৰি আহিছিলোঁ । তাৰ পিছত তেওঁ দুই-তিনি দিনৰ পিছত আহি এন আই টি লৈ যোৱাৰ কথা কয় । আজি সেইমতে লোক নিৰ্মাণ বিভাগত উপস্থিত হৈ এন আই টি বিচাৰোঁ । কিন্তু কাৰ্যবাহী অভিযন্তাই মোক দুৰ্ব্যৱহাৰ কৰি আৰু গালি পাৰি এন আই টি দিব নোৱাৰিব বুলি কয় ।"
এই অভিযোগ কৰি আম আদমী পাৰ্টীৰ জিলা সভাপতিগৰাকীয়ে কয় যে এনেদৰেই কাম চলিছে হাফলং লোক নিৰ্মাণ বিভাগত । ৱৰ্ক অৰ্ডাৰ (Work Order) অবিহনে কিছু বিশেষ লোকক কাম দিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়, "নিবিদাৰ ন'টিচ চৰকাৰীভাৱে বা সংবাদ মাধ্যমত নিদিয়াকৈ কিছু ঠিকাদাৰক কাম দিয়া হয় । ইয়াৰ পিছতে বেক ডেটত ৱৰ্ক অৰ্ডাৰ ইছ্যু কৰা হয় ।"
বাপুজিৎ লাংথাচাই লগতে কয়, "আমাৰ লগতে যদি কাৰ্যবাহী অভিযন্তাই এনে ব্যৱহাৰ কৰে তেনেহ'লে সাধাৰণ মানুহৰ লগতে তেওঁ কেনেধৰণৰ ব্যৱহাৰ কৰিব পাৰে সেয়া হৈছে লক্ষণীয় বিষয় ।"
আনহাতে, ডিমা হাছাও জিলাত কেৱল লোক নিৰ্মাণ বিভাগতেই নহয়, বিভিন্ন চৰকাৰী বিভাগতো এনে ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে চৰকাৰী কাম-কাজ চলি আছে বুলি অভিযোগ উত্থাপন হৈছে ।

