উন্মুক্ত মেনহলত পৰি শিশুৰ মৃত্যু: নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ তিনিজনক গ্ৰেপ্তাৰ
এজাহাৰৰ লগতে মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়াৰ পাছতে ফটাশিল আৰক্ষীয়ে নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভাৰ্টিয়া ইনফ্ৰা প্ৰজেক্টছ লিমিটেডৰ সঞ্চালক অবিনাশ ভাৰ্টিয়াক উলুবাৰীৰ পৰা যোৱানিশা গ্ৰেপ্তাৰ কৰে ।

Published : September 5, 2025 at 5:17 PM IST
গুৱাহাটী: গুৱাহাটীৰ চাইকেল ফেক্টৰী অঞ্চলত উন্মুক্ত মেনহলত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে । বুধবাৰে সন্ধিয়া তিনি বছৰীয়া এটি শিশুৰ চাইকেল ফেক্টৰীত নিৰ্মীয়মান পদপথৰ এটা উন্মুক্ত মেনহলত পৰি মৃত্যু হৈছিল । যিটো ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে স্থানীয় ৰাইজে এ কে আজাদ ৰোড বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ।
ঘটনাটো সন্দৰ্ভত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণৰ আশ্বাস দি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল । ইফালে ঘটনাটো সন্দৰ্ভত শিশুটিৰ পিতৃয়ে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ফটাশিল থানাত এজাহাৰ দাখিল কৰিছিল । এজাহাৰৰ লগতে মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়াৰ পাছতে ফটাশিল আৰক্ষীয়ে নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভাৰ্টিয়া ইনফ্ৰা প্ৰজেক্টছ লিমিটেড (Bhartia Infra Projects Limited) চমুকৈ বি আই পি এলৰ সঞ্চালক অবিনাশ ভাৰ্টিয়াক উলুবাৰীৰ পৰা যোৱানিশা গ্ৰেপ্তাৰ কৰে ।
আনহাতে সোধ-পোছৰ পাছত বি আই পি এলৰ সুৰক্ষা অভিযন্তা কৌশিক গগৈ আৰু উপ-প্ৰকল্প প্ৰবন্ধক প্ৰসন্নজিৎ পাঠকক শুকুৰবাৰে ফটাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰি সোধ-পোছ অব্যাহত ৰাখিছে । লোকনিৰ্মাণ বিভাগৰ তত্বাৱধানত বি আই পি এল এই নিৰ্মাণকাৰ্যত নিয়োজিত হৈ আছিল ।

লক্ষণীয় বিষয় যে গুৱাহাটীৰ লখৰা আৰু নেপালী মন্দিৰ সংযোগী এ কে আজাদ পথত নিৰ্মাণ হৈ থকা উৰণসেতু একপ্ৰকাৰ মৰণফান্দত পৰিণত হৈছে । দৈনিক প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ থকা পথটোত বুধবাৰে সন্ধিয়া এটি তিনি বছৰীয়া শিশুৰ মৃত্যু হৈছিল । কালাপাহাৰ অঞ্চলৰ চাইকেল ফেক্টৰীত উন্মুক্ত মেনহলত পৰি তিনি বছৰীয়া সুমিত কুমাৰ নামৰ শিশুটিৰ মৃত্যু হৈছিল । খেলি থকা অৱস্থাতে উন্মুক্ত প্ৰায় ৭ ফুট গভীৰতাৰ মেনহলত পৰি যোৱাৰ বাবে শিশুটিৰ মৃত্যু হয় । উৰণসেতু নিৰ্মাণ কৰি থকা পথটোৰ লালগণেশৰ পৰা কালাপাহাৰলৈ প্ৰায় পাঁচ কিলোমিটাৰ অংশৰ অৱস্থা অতি শোচনীয় শোচনীয় হৈ পৰিছে । পথটোৰ ঠায়ে ঠায়ে বিশাল গাঁত আৰু নিৰ্মাণকাৰ্যৰ সামগ্ৰীসমূহ বিপদজনকভাৱে পেলাই থোৱাৰ ফলত পথটোত যাতায়াত কৰাটোৱেই কঠিন হৈ পৰিছে । প্ৰতি মূহুৰ্ততে দুৰ্ঘটনাৰ ভয় ।

ইফালে উৰণসেতুৰ লগতে নিৰ্মাণ কৰি থকা পদপথৰ উন্মুক্ত মেনহলবোৰ অধিক বিপদজনক । চাইকেল ফেক্টৰী অঞ্চলৰ তেনে এক উন্মুক্ত মেনহলত পৰিয়েই শিশুটোৰ মৃত্যু হৈছিল । চৰকাৰী বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ ভুলৰ বাবেই উন্মুক্ত মেনহলত পৰি শিশুটিৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে কালাপাহাৰ অঞ্চলৰ ৰাইজ উত্তেজিত হৈ ন্যায় আৰু সুৰক্ষা বিচাৰি চাইকেল ফেক্টৰী অঞ্চলত পথ অবৰোধ কৰিছিল । ৰাইজৰ অভিযোগ যে নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ভুলৰ বাবেই শিশুটিৰ মৃত্যু হ'ল । উন্মুক্ত মেনহলৰ বাবেই শিশুটিয়ে এনেদৰে মৃত্যুক সাৱটি ল'বলগা হ'ল ।

ৰাইজৰ ক্ষোভ আৰু মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়াৰ পাছতে আৰক্ষীয়ে ঘটনাটোক গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ তিনিজনক গ্ৰেপ্তাৰ কৰিছে । শিশুটিৰ পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি বাৰম্বাৰ কোৱাৰ পাছতো মেনহলবোৰ বন্ধ কৰা হোৱা নাছিল । মেনহলবোৰ বন্ধ কৰাৰ বাবে কাম কৰি থকা কৰ্মচাৰী তথা শ্ৰমিকসকলে পইচা বিচৰাৰ অভিযোগো উত্থাপিত হৈছে । এই সমস্ত অভিযোগ আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
এই সন্দৰ্ভত ডি চি পি (পশ্চিম সংমণ্ডল) পদ্মনাভ বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘শিশুটিৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে । তদন্ত কৰি আমি ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ ভুল হোৱাটো পাইছো । যাৰ বাবে তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে । বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে । ইয়াৰ পূৰ্বেও এই নিৰ্মাণকাৰ্যৰ ক্ষেত্রত এটা ঘটনা হৈছে । আমি গোটেই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছো ।’’

উল্লেখ্য যে উন্মুক্ত মেনহলত পৰি শিশুটিৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্রীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । নলা উন্মুক্ত কৰি ৰখাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দি মুখ্যমন্ত্ৰীয়ে কৈছিল, ‘‘মই মুখ্য সচিবক কৈছো যে ছেটেলাইট দি চাব লাগে ক'ত ক'ত নলা উন্মুক্ত হৈ আছে । আমি নিশ্চিতভাৱে তাৰ ব্যৱস্থা ল'ম । কিন্তু গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বিভিন্ন সময়ত লগাই যোৱাৰ পিছত নিশাটোৰ ভিতৰতে নলাৰ ঢাকোনবোৰ চুৰি হৈ যায় । গতিকে বিষয়টোত সামাজিক সমস্যা জড়িত হৈ আছে । একেলগে লগ লাগি সমস্যাবিলাক সমাধান কৰিব লাগিব ।’’
লক্ষণীয় বিষয় যে মুখ্যমন্ত্রীৰ এনে প্ৰতিক্ৰিয়াৰ পাছতেহে কাৰ্যতঃ আৰক্ষী সষ্টম হৈ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক: চৰণেহে জানে মৰণৰ ঠাই... উন্মুক্ত নলাই প্ৰাণ ল'লে এটি নিস্পাপ শিশুৰ - CHILD FALLS INTO MANHOLE

