পানীময় ৰাজ্য; দৰঙত তিনি আৰু চৰাইদেউত দুজনৰ মৃত্যু - Assam Flood 2024
Assam Flood updates : ৰাজ্যত বানৰ সংহাৰ ৷ এই বানৰ কবলত পৰি বহু লোক মৃত্যু হৈছে ৷ শেহতীয়াকৈ দৰঙত এই সংহাৰী বানে এগৰাকী শিশুসহ মুঠ তিনিজন লোকৰ প্ৰাণ কাঢ়ি নিলে ৷ লগতে চৰাইদেউত এজন লোকৰ লগতে আন এগৰাকী মহিলাৰ মৃত্যু হয় ৷

Published : July 4, 2024 at 1:50 PM IST
দৰং/মৰাণ, ৪ জুলাই : সকলোতে মাথোঁ পানী আৰু পানী ৷ বানত এতিয়াও বুৰ গৈছে ৰাজ্যৰ অধিকাংশ জিলা ৷ এটুপি বিশুদ্ধ খোৱাপানী, কিছু খাদ্যৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে বন্যাৰ্তই ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ দৰং জিলাত বানে ধাৰণ কৰিছে জটিল ৰূপ ৷
তথ্য অনুসৰি, জিলাখনৰ ৫ টা ৰাজহ চক্ৰৰ ১২৯ খন গাঁও এতিয়াও বানৰ কবলত পৰিছে । বৰ্তমানলোকে জিলাখনৰ ১৮৩৭৩৮ গৰাকী লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৷ ছিপাঝাৰ, গৰুখুটি, দলগাঁও, গেৰিমাৰী, মোৱামৰী, বান্দিয়া, বাঘপৰি, ৰঙামাটি, মান্তাপাৰাকে ধৰি বিস্তীৰ্ণ অঞ্চল এতিয়াও পানীৰ তলত আছে ।
শেহতীয়া খবৰ অনুসৰি, বানত এতিয়ালৈকে দৰঙত এগৰাকী শিশুসহ মুঠ তিনিজন লোকৰ মৃত্যু হৈছে । বুধবাৰে দিনৰ ভাগত মঙলদৈ নদীত ডুবগৈ লালচন্দ চৌহান (40) নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে 18 মাহীয়া আৰিয়ান আলীৰ মৃত্যু হয় । ইয়াৰোপৰি মঙলবাৰে বান্দিয়াত এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত লোকৰো পানীত পৰি মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে ৷
ইতিমধ্যে দৰঙত বহু কেইটা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে । জানিব পৰা মতে, মঙলদৈ চহৰত চাৰিটাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰিছে । পূব মঙলদৈ কলেজ আৰু মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়, আই টি আই আৰু কলেজিয়েট হাই স্কুলত স্থাপন কৰা হৈছে এই আশ্ৰয় শিবিৰ । প্ৰশাসনৰ ফালৰ পৰাও সাহায্য প্ৰদানৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে ।
লগতে পঢ়ক : একেদিনাই ৮ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱালে বানত, কিমানদিনলৈ চলিব এই বিভীষিকা ! - ASSAM FLOOD 2024
আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে চৰাইদেউ জিলাতো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । দিচাং, টাওকাক নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে সোণাৰিৰ বিভিন্ন অঞ্চল । ইয়াৰ মাজতে বুধবাৰে চৰাইদেউ জিলাত এগৰাকী মহিলাসহ আন এজন লোকৰ মৃত্যু হয় ৷
জানিব পৰা মতে, চৰাইদেউৰ বৰাহী চাহ বাগিচাত সংঘটিত ঘটনা অনুসৰি বাগিচাৰ নলাত পৰি মৃত্যু হয় ৰাধিকা দুছাদ নামৰ এগৰাকী মহিলাৰ । বাগিচাৰ কাম শেষ কৰি ঘৰলৈ উভতাৰ পথতে পানী ভৰ্তি এটা নলাত পৰি মৃত্যু হয় মহিলাগৰাকীৰ ।
ইফালে চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত আইদেউবাৰী বাগিচা গাঁৱত বুধবাৰে বিয়লি বলো খাকলাৰী নামৰ লোকজনে এখন ব্যক্তিগতখণ্ডৰ এখন বাগিচাত কাম কৰি ঘৰলৈ যোৱা সময়তে পানীৰে উফন্দি থকা নগাজান নামৰ জানটোত পৰি উটি যায় ।
ঘটনাৰ পাচতে লোকজনক উদ্ধাৰৰ বাবে এচ ডি আৰ এফে অভিযান চলাইছিল যদিও পানীৰ সোঁত বেছি হোৱা বাবে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল । এই ঘটনাৰ পাচতে চৰাইদেউ জিলাখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : প্ৰলয়ৰে সহাৱস্থান ৰাজ্যৰ লাখ লাখ জনতাৰ : প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ভিন্ন স্থানত - Assam Flood 2024

