ETV Bharat / state

ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি; উত্তৰ-পূৱ সীমান্ত ৰে'লৱে আগবঢ়াইছে বিশেষ ৰে’ল

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বিশেষ ব্যৱস্থা গ্ৰহণ । উৎসৱৰ বতৰত যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা ।

Three pairs of Holi special trains in Northeast Frontier Railway
উত্তৰ-পূব সীমান্ত ৰে'লৱেত তিনিযোৰ হোলী বিশেষ ৰে'ল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 5, 2025 at 10:16 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: উৎসৱৰ বতৰত বৰ্ধিত যাত্ৰীৰ চাহিদা পূৰণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে'লৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । হোলীৰ বাবে তিনিযোৰ বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

উত্তৰ-পূব সীমান্ত ৰে'লৱেয়ে আগবঢ়োৱা এই তিনিযোৰ বিশেষ ৰে'লে ক্ৰমে- নাৰেংগী-গোৰখপুৰ জংচন, গোৰখপুৰ-নাৰেংগী, কাটিহাৰ-অমৃতসৰ, অমৃতসৰ-কাটিহাৰ, কামাখ্যা-আনন্দ বিহাৰ টাৰ্মিনেল, আনন্দ বিহাৰ টাৰ্মিনেল-কামাখ্যাৰ মাজত চলাচল কৰিব ।

প্ৰতিখন ৰে'লে উভয় দিশত চাৰিটাকৈ ট্ৰিপত চলাচল কৰিব । উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জনোৱা অনুসৰি, বিশেষ ৰে'ল নং-০৫৬৩৩ নাৰেংগী-গোৰখপুৰ জংচন, ৬ পৰা ২৭ মার্চলৈ প্রতি বৃহস্পতিবাৰে প্রস্থান কৰিব । ৰে'লখন নাৰেংগীৰ পৰা ১৩:২০ বজাত প্রস্থান কৰি পিছদিনা ১৩:০০ বজাত গোৰখপুৰ জংচনত উপস্থিত হ'ব । একেদৰে, ৰে’ল নং-০৫৬৩৪ (গোৰখপুৰ জংচন-নাৰেংগী) প্রতি শুকুৰবাৰে ৭ পৰা ২৮ মার্চ লৈ প্রস্থান কৰিব । ৰে’লখন গোৰখপুৰ জংচনৰ পৰা ২০:৫৫ বজাত প্রস্থান কৰি পিছদিনা ২৩:১০ বজাত নাৰেংগীত উপস্থিত হ'ব ।

বিশেষ ৰে'ল নং ০৫৭৩৪ (কাটিহাৰ-অমৃতসৰ) প্রতি বৃহস্পতিবাৰে ৬ পৰা ২৭ মার্চ লৈ প্রস্থান কৰিব । ৰে'লখন কাটিহাৰৰ পৰা ১১:৪০ বজাত প্রস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ০০:১০ বজাত অমৃতসৰত উপস্থিত হ'ব । একেদৰে, ০৫৭৩৩ (অমৃতসৰ-কাটিহাৰ) বিশেষ ৰে'ল প্রতি শনিবাৰে ৮ পৰা ২৯ মার্চলৈ প্রস্থান কৰিব । ৰে'লখন অমৃতসৰৰ পৰা ০৪:২০ বজাত প্রস্থান কৰি পিছদিনা ১৫:০০ বজাত কাটিহাৰত গৈ উপস্থিত হ'ব ।

বিশেষ ৰে'ল নং ০২৫২৫ (কামাখ্যা-আনন্দ বিহাৰ টার্মিনেল) প্রতি শুকুৰবাৰে ৭ পৰা ২৮ মার্চ লৈ প্রস্থান কৰিব । ৰে'লখন কামাখ্যাৰ পৰা ২২:৪৫ বজাত প্রস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ০৮:৫০ বজাত আনন্দ বিহাৰ টার্মিনেলত উপস্থিত হ'ব ।

একেদৰে ৰেল নং ০২৫২৬ (আনন্দ বিহাৰ টার্মিনেল-কামাখ্যা) বিশেষ ৰে'ল প্রতি দেওবাৰে ৯ পৰা ৩০ মার্চলৈ প্রস্থান কৰিব । ৰে'লখন আনন্দ বিহাৰ টার্মিনেলৰ পৰা ১৭:২০ বজাত প্রস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ০৩:৪০ বজাত কামাখ্যাত আহি উপস্থিত হ'ব ।

তেওঁ লগতে কয়, "হোলীৰ সময়ত উত্তৰ প্ৰদেশ, বিহাৰলৈ যাত্ৰীবোৰ যায় । হোলীৰ সময়ত যাত্ৰীৰ সুবিধাৰ্থে দিয়া আটাইকেইখন বিশেষ ৰে'লতে যাত্ৰী ভৰ্তি হৈ যায় । বহু যাত্ৰীয়ে টিকটে নাপায় । টিকটৰ অপেক্ষাত থাকে । ইতিমধ্যে টিকট বুকিং আৰম্ভ হৈছে ।"

লগতে পঢ়ক: শীঘ্ৰে আৰম্ভ হ'ব ভাৰত-ভূটান সংযোগী ঐতিহাসিক ৰে'লপথৰ নিৰ্মাণকাৰ্য ! - INDIAN BHUTAN RAIL LINE