শতিকাজোৰা আইনৰ পৰিসমাপ্তি : দেশত কাৰ্যকৰী হ’ব তিনিখন নতুন ফৌজদাৰী আইন - Three new criminal laws
New criminal laws : পহিলা জুলাইৰ পৰা দেশত কাৰ্যকৰী হ’ব তিনিখন নতুন ফৌজদাৰী আইন ৷ এই আইন সন্দৰ্ভত দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা হয় এক কৰ্মশালাৰ ৷ উক্ত কৰ্মশালাত অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্নাপ্ৰসাদ গুপ্তা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই এই তিনিখন ফৌজদাৰী আইনৰ বিষয়ে ৰাইজক সজাগ কৰে ৷

Published : July 1, 2024 at 7:01 AM IST
গুৱাহাটী, ১ জুলাই : পহিলা জুলাই অৰ্থাৎ আজিৰে পৰা দেশত কাৰ্যকৰী হ’ব অতি প্ৰয়োজনীয় তিনিখন নতুন ফৌজদাৰী আইন । সেইকেইখন হ’ল -
১) ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা,
২) ভাৰতীয় ন্যায় সংহিতা,
৩) ভাৰতীয় সাক্ষ্য অধিনিয়ম ৷
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে সেই আইনসমূহৰ সন্মতি প্ৰদান কৰি স্বাক্ষৰ কৰা পাচতে আইন ৩ খন ১ জুলাইৰ পৰা কাৰ্যকৰী কৰা হ’ব । ফৌজদাৰী আইন তিনিখন সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে এখন কৰ্মশালাৰ অনুষ্ঠিত কৰা হয় ৷ উক্ত কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্নাপ্ৰসাদ গুপ্তা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰা ৷
লগতে পঢ়ক : 1 জুলাইৰ পৰা কাৰ্যকৰী হ’ব নতুনকৈ প্ৰণয়ন কৰা তিনিখন অপৰাধমূলক আইন
আজিৰে পৰা প্ৰৱৰ্তন হ’ব লগা তিনিখন ফৌজদাৰী আইনৰ জৰিয়তে সাধাৰণ ৰাইজ কি দৰে উপকৃত হ'ব, কি দৰে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰেৰে আইন কেইখন কাৰ্যকৰী হ'ব, সেই বিষয়ে অৱগত কৰে ADGP মুন্না প্ৰসাদ গুপ্তাই ৷ তেওঁ কয় যে ন্যায় সংহিতাৰ ভিতৰত আছে - সংগঠিত অপৰাধ, সন্ত্ৰাসবাদী কাৰ্যকলাপ, গণহত্যা, হিট এণ্ড ৰাণ, প্ৰৱঞ্চনামূলক উপায়েৰে এগৰাকী মহিলাৰ যৌন শোষণ, ভাৰতৰ বাহিৰত কাঢ়ি নিয়া, প্ৰৰোচিত কৰা, ভাৰতৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু ঐক্য বিপদাপন্ন কৰা আৰু মিছা বা ভুৱা বাতৰি প্ৰকাশ কৰা আদিৰ দৰে ২০ টা নতুন অপৰাধ ।
লগতে পঢ়ক : পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খোৱাকৈ প্ৰণয়ন কৰা হৈছে নতুন অপৰাধ আইন - New Criminal Law
আইন তিনিখনৰ সাল সলনি ঔপনিৱেশিক যুগৰ আইন প্ৰণয়নৰ ঠাই ল’ব বুলি মন্তব্য কৰে মুন্না প্ৰসাদ গুপ্তাই । তেওঁ লগতে আইন তিনিখনৰ কাৰ্যকৰী পাচতে যিকোনো অপৰাধৰ সন্দৰ্ভত কি ধাৰা জৰিতে কেনেদৰে শাস্তিমূলক ব্যৱস্থা হ’ব তাৰ সন্দৰ্ভতো ব্যাখা আগবঢ়ায় । আৰক্ষী থানালৈ নহাকৈ অনলাইন প্ৰক্ৰিয়াৰে এজাহাৰ দিয়াৰ সন্দৰ্ভতো তেওঁ মন্তব্য কৰে ৷
তেওঁ আৰু কয় যে এজাহাৰ দিয়াৰ তিনি দিনৰ ভিতৰত এজাহাৰত স্বাক্ষৰ কৰা লগতে আৰক্ষীয়ে ৯০ দিনৰ ভিতৰত ইয়াৰ তদন্তৰ অগ্ৰগতি ভুক্তভোগীক জনাব লাগিব । তদুপৰি ইলেকট্ৰনিক এজাহাৰ দিয়াৰ ব্যৱস্থা থাকিব । আনহাতে আইন কেইখনত কি সুৰুঙা থাকি গ'ল, আইন কেইখনৰ ভাল আৰু বেয়া দুয়োটা দিশ সামৰি বক্তৃতা প্ৰদান কৰে জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই ৷ অনুষ্ঠানত সাংবাদিকৰ কেইবাটাও প্ৰশ্নৰ উত্তৰো দিয়ে দুয়ো সমল ব্যক্তিয়ে ৷
লগতে পঢ়ক : ব্ৰিটিছ যুগৰ আইনত পৰ্দা, ১ জুলাইৰ পৰা দেশত কাৰ্যকৰী হ’ব নতুন অপৰাধমূলক আইন - New criminal laws

