তিনি মিচিং জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদত কঁপি উঠিল ৰঙানদীৰ পাৰ
নীপকোৰ পৰা প্ৰায় দুহেজাৰ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি সংগঠনসমূহে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Published : June 9, 2025 at 5:07 PM IST
লখিমপুৰ: লখিমপুৰত নীপকো আৰু এন এইচ পি চিৰ বিৰুদ্ধে তীব্রতৰ হ’বলৈ ধৰিছে প্ৰতিবাদ । বিশেষকৈ এই দুয়োটা প্ৰকল্পই লখিমপুৰক বিধ্বস্ত কৰাৰ পাছৰে পৰা ৰাইজ তথা বিভিন্ন সংগঠনে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷
সোমবাৰেও তিনিটাকৈ মিচিং জনগোষ্ঠীয় সংগঠনে একেটা বিষয়কে লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । মূলতঃ প্ৰকল্পকেইটাৰ বাবে সৃষ্টি হোৱা বানত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিয়াৰ উপৰিও এই সমস্যাৰ স্থায়ী সমাধানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে সংগঠনকেইটাই ।
লখিমপুৰ নগৰৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ৰঙানদীৰ দলঙৰ কাষতে তিনিটাকৈ মিচিং জনগোষ্ঠীয় সংগঠন ক্ৰমে টি এম পি কে, এম এম কে আৰু টি এম এম কেই যৌথভাৱে নীপকো আৰু এন এইচ পি চিৰ বিৰুদ্ধে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ ।
‘‘নীপকো হায় হায়, নীপকো গ’ বেক, এন এইচ পি চি হায় হায়, এন এইচ পি চি গ’ বেক, নীপকোৱে বান ক্ষতিগ্রস্ত লোকক দুহেজাৰ কোটি টকাৰ ক্ষতিপূৰণ দিয়ক’’ আদি শ্লোগানৰে প্ৰতিবাদকাৰীসকলে ৰঙানদীৰ পাৰ কঁপাই তোলে ।

কাৰ্যসূচীত অংশ লৈ টি এম পি কেৰ লখিমপুৰ জিলাৰ সভাপতি বিজিত পায়েঙে কয়- ‘‘আমি মুখ্যমন্ত্রী আৰু প্ৰধানমন্ত্ৰীক দাবী জনাইছো বান ক্ষতিগ্রস্তক কেৱল চাউল, দাইল, তেল দিলেই নহ’ব । কেৱল চাউল, দাইল, তেল খায়েই আমি জীয়াই থাকিব নোৱাৰো । আমাক স্থায়ী সমাধান লাগিব । বান বিধ্বস্ত পৰিয়ালক মাটিৰ ম্যাদী পট্টা দিব লাগিব । পৰিয়ালসমূহক এককালীন সাহায্য প্ৰদান কৰিব লাগিব ৷ ২০০২ চনতে স্থাপন হোৱা নীপকোৱে এতিয়ালৈকে নামনিৰ অংশত যিমান ক্ষতি কৰিলে, তাৰ বাবে চৰকাৰৰ জৰিয়তে দুহেজাৰ কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব । আমি ৰঙানদী আৰু সোৱণশিৰিৰ দুয়োপাৰে মথাউৰি উন্নত মানৰ আৰু বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰো দাবী জনাইছো ।’’
আনহাতে, নীপকোসৃষ্ট বানে ৰঙানদীৰ দলঙৰ সমীপত এটি বান্ধ ছিঙি পেলোৱাৰ প্ৰসংগত বিজিত পায়েঙে কয়- ‘‘প্ৰায় ডেৰশ পৰিয়ালে বসবাস কৰা ন-ভগনীয়া গাওঁখনৰ সুৰক্ষা কবচস্বৰূপ বান্ধটো ছিঙি ৰঙানদীৰ বানে গাঁওখন উছন কৰি পেলালে । ইয়াৰ বাবে দায়ী সেই অংশৰ সমীপত নদীৰ বুকুত চলা অবৈধ খননকাৰ্য ।’’
জিলা আয়ুক্তৰ লগতে জিলা বন সংমণ্ডল প্ৰাধিকাৰীজনে চকুমুদা কুলিৰ ভাও লোৱাৰ বাবে সেই অংশত অবৈধ খনন চলি আছে বুলি পায়েঙে অভিযোগ তুলি এই অবৈধ খনন বন্ধ কৰিবলৈ মুখ্যমন্ত্রীৰ হস্তক্ষেপ কামনা কৰে । অন্যথা নীপকো, এন এইচ পি চিৰ লগতে কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে সংগঠনসমূহে প্ৰতিবাদী আন্দোলন আৰম্ভ কৰিব বুলিও তেওঁ কয় ৷
চৰকাৰক সমালোচনা কৰি বিজিত পায়েঙে কয়- ‘‘এন এইচ পি চিয়ে নামনি অংশত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্রসকলৰ জীৱনক লৈ হেতালি খেলিছে । জিলা প্ৰশাসনক সহযোগ নকৰাকৈ যেতিয়াই মন গৈছে তেতিয়াই পানী এৰি দিছে । যাৰ বাবে নামনি অংশৰ ৰাইজ পানীত ককবকাবলগীয়া হৈছে । এইবোৰ দেখা পোৱাৰ পাছতো কিন্তু চৰকাৰখনে গুৰুত্ব দিয়া নাই ।’’
আনহাতে, প্ৰতিবাদৰ অন্তত তিনি সংগঠনে তেওঁলোকৰ দাবীসমূহ পূৰণৰ বাবে ৰাজহ চক্র বিষয়াৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এখন স্মাৰকপত্রও প্ৰেৰণ কৰে ।

