একেদিনাই আছুৰ পৰা বিদায় ল'লে তিনি সদস্যই - 3 MEMBERS RESIGNED FROM AASU
3 members leave AASU: শনিবাৰে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় ল'লে তিনিগৰাকীকৈ সদস্যই । দীৰ্ঘদিনে আছুৰ সৈতে জড়িত হৈ থাকি বিদায় পৰত আবেগিক হৈ পৰে তিনি সদস্য ।

Published : August 10, 2024 at 10:20 PM IST
ৰঙিয়া,১০ আগষ্ট: শনিবাৰে তিনিগৰাকী সদস্যই বিদায় ল'লে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা । বিদায় লোৱা সদস্য কেইগৰাকী হৈছে কামৰূপ জিলা ছাত্র সন্থাৰ উপদেষ্টা ধৰ্মেশ্বৰ দাস, আদিল হাচান আৰু কামৰূপ জিলা ছাত্র সন্থাৰ উপ সভাপতি অৰুণ দাস । ১৯৮৩ চনৰে পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত সংগঠনটোৰ শীৰ্ষ নেতা ধৰ্মেশ্বৰ দাস সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি হোৱাৰ লগতে কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা , কেন্দ্ৰীয় সমিতিৰ সদস্য, তথ্য, কাৰ্যালয় আৰু সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল । ধৰ্মেশ্বৰ দাসৰ ঘৰ ৰঙিয়াৰ ডোবকত ।
আনহাতে ধৰ্মেশ্বৰ দাসৰ সৈতে কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা আদিল হুছেইন আৰু উপ-সভাপতি অৰুণ দাসেও সকলো বিষয়বাবৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি লয় । ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত কামৰূপ জিলা ছাত্ৰ সন্থাৰ বৰ্তমানৰ সভাপতি তৌফিকুৰ ৰহমানৰ হাতত আছুৰ পৰা অব্যাহতি লোৱা পত্ৰ দাখিল কৰে তিনিওগৰাকী শীৰ্ষ নেতাই ।
তিনিওগৰাকী প্ৰাক্তন আছু নেতাই শীঘ্ৰে ৰাজনৈতিক দলৰ যোগদান কৰাৰ সম্ভাৱনা থকাৰ কথা ইতিমধ্যে ৰঙিয়াৰ ৰাজনৈতিক মহলত চৰ্চিত হৈছে । বিদায় পৰত প্ৰাক্তন নেতা ধৰ্মেশ্বৰ দাসে আছুৰ বৰ্তমানৰ সদস্যসকলক উদ্দেশ্যি কয় , "সদৌ অসম ছাত্ৰ সন্থা বিশ্বৰ অন্যতম সৰ্ববৃহৎ অৰাজনৈতিক ছাত্র সংগঠন । এই সংগঠনটোৱে জাতিটোৰ হকে সদায় মাত মাতি আহিছে । অসমীয়া জাতিটোৰ দুৰ্যোগপূৰ্ণ সময়ত আছুৱে মাত নামাতিলে কোনো সমস্যাৰ সমাধান হোৱা নাই । গতিকে আগন্তুক সময়ত যাতে সদৌ অসম ছাত্ৰ সন্থাই নিজৰ অৰাজনৈতিক ধাৰা আটুত ৰাখি জাতিটোৰ হকে কাম কৰি যায় ।"
আনহাতে 'কা' সম্পৰ্কে নিজৰ স্থিতি স্পষ্ট কৰি তেওঁ কয় যে ছাত্র সন্থাত থকা কালছোৱাত জাতিটোৰ হকে সদায় মাত মাতি আহিছে । আগলৈও তেওঁ সেই স্থিতিত অটল থাকি ভৱিষ্যতেও 'কা'ৰ বিৰোধিতা কৰি যাব ।

