জি এছ পিৰ তিনি প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন - Lok Sabha Election 2024
Naba Sarania files nomination: জনজাতিৰ প্ৰমানপত্ৰ বাতিলৰ পিচতো জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ লোকসভা সমষ্টিত মনোনয়ন দাখিল নৱ কুমাৰ শৰণীয়াৰ । জি এছ পিৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে তিনিজনৰ মনোনয়ন দাখিল ৷ এইবাৰো কোকৰাঝাৰ লোকসভা সমষ্টিত টৰ্ছলাইট জ্বলিবই বুলি দাবী নৱ কুমাৰ শৰণীয়াৰ ৷

Published : April 19, 2024 at 7:55 PM IST
কোকৰাঝাৰ,১৯ এপ্ৰিল: জনজাতিৰ প্ৰমানপত্ৰ বাতিল কৰাৰ পিচতো জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ তথা জি এছ পিৰ সভাপতি নৱ কুমাৰ শৰণীয়াই শুকুৰবাৰে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে । কেৱল এয়াই নহয়, কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে নৱ কুমাৰ শৰণীয়াকে ধৰি জি এছ পিৰ পৰা তিনিজনকৈ প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিচত নৱ কুমাৰ শৰণীয়াই জনজাতি সংৰক্ষিত সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব বুলি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই প্ৰকাশ কৰাৰ পিচত শুকুৰবাৰে কোকৰাঝাৰ লোকসভা (জনজাতি সংৰক্ষিত) সমষ্টিত আজি নৱ কুমাৰ শৰণীয়াই দাখিল কৰে মনোনয়ন ।
ইয়াৰ লগতে কেইদিনমান পূৰ্বে বি টি আৰৰ কাৰ্যবাহী সদস্য পদ খাৰিজ হোৱা জি এছ পিৰ পাৰিষদ ঘনশ্যাম দাসেও কোকৰাঝাৰ লোকসভা সমষ্টিত দাখিল কৰে মনোনয়ন । বিনীতা মেধিয়ে জি এছ পিৰ হৈ মনোনয়ন দাখিল কৰে । ইফালে মনোনয়ন দাখিল কৰাৰ পিচত নৱ কুমাৰ শৰণীয়াই তেওঁৰ মনোনয়ন বৈধ হ'ব বুলি আশা প্ৰকাশ কৰি বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়তো আবেদন জনাব বুলি জানিবলৈ দিয়ে ।
নৱ কুমাৰ শৰণীয়াই লগতে কয় যে তেওঁলোকে নিৰ্বাচনৰ বাবে খৰধৰ কৰিলে, যাতে নৱ কুমাৰ শৰণীয়াই নিৰ্বাচন খেলিব নোৱাৰে । কোকৰাঝাৰ সমষ্টিৰ ৰাইজৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰদান কৰি এইবাৰো কোকৰাঝাৰ লোকসভা সমষ্টিত টৰ্ছলাইট জ্বলিবই বুলি দাবী কৰে নৱ কুমাৰ শৰণীয়াই ৷ উল্লেখ্য যে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা বি পি এফৰ খাম্ফা বৰগয়াৰী, কমতাপুৰ পিপুলচ ফ্ৰণ্টৰ পৰা তৃপ্তীনা ৰাভা, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নন্দদেৱ ব্ৰহ্ম আৰু পংকজ ইছলাৰীসহ সাতজনে মনোনয়ন দাখিল কৰে । ইয়াকে লৈ কোকৰাঝাৰ লোকসভা সমষ্টিত মুঠ ১৬ জনে মনোনয়ন দাখিল কৰে ৷
লগতে পঢ়ক: কোনে দিছিল সাংসদ নৱ কুমাৰ শৰণীয়াক ভুৱা জাতিগত প্ৰমাণপত্ৰ ? - Naba Kumar Sarania

