জোনাইত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত পঃৰাগ উৎসৱৰ সামৰণি
দূৰ-দূৰণিলৈ বিয়া-বাৰু হৈ যোৱা প্ৰায় তিনি শতাধিক জী-জোঁৱাই, গাঁওবাসী আৰু বিভিন্ন ঠাইৰ অতিথিক মহা ব্যৱস্থাপনাৰে জনগোষ্ঠীয় সুস্বাদু খাদ্যৰে আপ্যায়ন গাঁৱৰ ৰাইজৰ ।

Published : March 8, 2025 at 10:37 AM IST
জোনাই : জোনাই সমজিলাৰ শতিকা গৰকা অসম-অৰুণাচল সীমান্তৱৰ্তী পুৰণা জেলম গাঁৱত বুধবাৰৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা পঃৰাগ উৎসৱৰ শুকুৰবাৰে সামৰণি পৰে । গাঁওখনৰ পৰা অপায়-অমঙ্গল দূৰ কৰাৰ বিশ্বাস ৰাখি বুধবাৰৰ পৰা তিনিদিনীয়াকৈ পুৰণা জেলম গাঁৱত উদযাপন কৰা পঃৰাগ উৎসৱ মিচিং জনগোষ্ঠীয়ে পূৰ্বৰ পৰম্পৰা অনুসৰি সৃষ্টিকৰ্তা, মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ বাবে অনাদি কালৰে পৰাই পালন কৰি আহিছে ৷
অন্তিমদিনা ডেকা-গাভৰুৰ নেতৃত্বত পঃৰাগ উৎসৱত গাঁওখনৰ পৰা দূৰ-দূৰণিলৈ বিয়া-বাৰু হৈ যোৱা প্ৰায় তিনি শতাধিক জীয়ৰী আৰু জোঁৱাইসকলৰ লগতে গাঁওবাসী আৰু বিভিন্ন ঠাইৰ পৰা অহা অতিথিক আপং, গাহৰি মাংস, মাছ, বিভিন্ন ধৰণৰ শাক-পাচলিৰে ৰন্ধা সুস্বাদু খাদ্যৰে আপ্যায়ন কৰে গাঁৱৰ ৰাইজে ৷
অতি উলহ-মালহেৰে উদযাপন কৰা পঃৰাগ উৎসৱত ডেকা-গাভৰু, গাঁৱৰ বুঢ়া-মেথা, পুৰুষ-মহিলা সকলোৱে আনন্দ আৰু স্ফূৰ্তিত মতলীয়া হৈ পৰে । পঃৰাগ উৎসৱত পৰম্পৰা অনুসৰি বিভিন্ন মাংগলিক পৰ্ব শেষ কৰাৰ পিছতে মুৰঙত এই পঃৰাগ উৎসৱত বিভিন্ন পদত পদবী থকা ডেকা-গাভৰুৰ লগতে অন্য গাঁৱৰ পৰা নিমন্ত্ৰণ কৰি অনা মিনম অৰ্থাৎ ডেকা-গাভৰু কৃষ্টি দলে একেলগে গাহৰি মাংসৰ জঃচাগ, বনৰীয়া শাক-পাচলি, মাটিমাহেৰে গাহৰি মাংস বনোৱা আদি আঞ্জাৰ লগতে পঃৰ আপং বা ছাইমদ গ্ৰহণ কৰে ৷
পঃৰাগ উৎসৱত মিবুজনে গাঁৱৰ বিষয়ে কি কয়
বৃস্পতিবাৰে সন্ধিয়া মুৰঙত পঃৰাগ উৎসৱৰ মূল ব্যক্তি মিবুজনে মিবু দাগ নামৰ জৰিয়তে গাঁওখনত অনাগত দিনবোৰত হ’ব পৰা অপায়-অমঙ্গল সম্পৰ্কে গাঁওখনৰ ৰাইজক অৱগত কৰাৰ লগতে ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভতো ৰাইজক বিধান দিয়ে ৷ মিবুজনে কয়, "মিবুয়ে পৌৰাহিত্য কৰা পঃৰাগ উৎসৱত দঁতাল গাহৰি, আপং আদি উছৰ্গা কৰি আই বসুমতী, অন্নদাতা পৰম পুৰুষ কাচিং-কাৰ্তাং, দঃঞি-পঃল, চেঃ দি-মেঃল আদি সৃষ্টিকৰ্তাসকলক আৰাধনা কৰে ৷ পঃৰাগ উৎসৱৰ মূল উদ্দেশ্য হৈছে ‘আই বসুন্ধৰা শস্য শ্যামলা হৈ ভৰি পৰক, চহা গঞা ৰাইজে সুখেৰে দিন নিয়াওক’ ।"
উল্লেখ্য যে মিচিংসকলৰ আলি আঃই লৃগাং উৎসৱৰ পিছতেই পঃৰাগ উৎসৱৰ নামো উল্লেখ কৰিব পাৰি । অৱশ্যে লৃগাঙৰ দৰে পঃৰাগ উৎসৱ নহয় । পঃৰাগ মিচিং সমাজৰ এখন গাঁৱৰ অপায়-অমংগল দূৰ কৰা এক সমজুৱা পূজা । ইয়াক পঃৰাগ উৎসৱ বা নৰা-ছিগা বিহুও বোলা হয় ।

যিহেতু এই উৎসৱ ধান কাটি চপোৱাৰ অন্তত অৰ্থাৎ ধানৰ নৰা ছিগাৰ সময়তহে অনুষ্ঠিত হয়, সেইবাবে নৰা ছিগা বিহু বুলি প্ৰচলিত । ডেকা-গাভৰুৰ প্ৰচেষ্টাত এই উৎসৱ হয় যদিও গাঁৱৰ ল’ৰা-ছোৱালী, বুঢ়া-বুঢ়ী সকলোৱে ইয়াৰ লগত জড়িত হৈ থাকে । পঃৰাগ উৎসৱ পাতিবৰ বাবে মুৰং ঘৰ নিৰ্মাণ কৰাটো অপৰিহাৰ্য । এই মুৰঙত গাঁৱৰ মূৰত নাইবা মুকলি আহল-বহল ঠাইত সজা হয় । ঘৰৰ চ’তি আৰু খুঁটাবোৰ চিত্ৰ-বিচিত্ৰ কাৰুকাৰ্যৰে জাতিষ্কাৰ কৰে । ছবিৰ ভিতৰত দুই মূৰে সূৰ্য আৰু ড্ৰেগনৰ চিত্ৰ অংকন কৰা থাকে ।
ড্ৰেগন চিত্ৰ অংকনৰ জৰিয়তে তেওঁলোকে তিব্বতীয়-চীন-মংগোলীয় নৃগোষ্ঠীৰ বংশধৰ হিচাপে চিনাকি দিয়ে । ‘তাৰ উপৰি চিত্ৰ-বিচিত্ৰ ৰঙীন কাগজৰ ফুল কাটি গোটেই মুৰংঘৰটো জাতিষ্কাৰ কৰা দেখা হয় ।
মিবুজনে কয়, "পঃৰাগ উৎসৱ পৰিচালনা কৰিবৰ কাৰণে কেইটামান পদবীৰ সৃষ্টি কৰা হয় । এই পদবীবোৰৰ ভিতৰত মিগম বৰা, বৰ পূজাৰী, ডেকা বৰা, তিৰি বৰা আদি উল্লেখযোগ্য । মিগম বৰা আৰু বৰ পূজাৰীয়ে ৰাইজক পৰিচালনা কৰে । ডেকা বৰা, তিৰি বৰা আৰু সমস্ত ডেকা-গাভৰুসকলে তেওঁলোকৰ কথামতে বিভিন্ন কাম সম্পন্ন কৰে ।"
মিগম বৰা আৰু বৰ পূবাৰীক আলপৈচান ধৰিবলৈ তামুলী আৰু বৰ বৰাণী নামৰ দুজন লোক থাকে । মিগম বৰা বিবাহিত পুৰুষো হ’ব পাৰে । কিন্তু বৰ পূজাৰীক গাভৰু ছোৱালীবিলাকৰ মাজৰপৰা নিৰ্বাচন কৰা হয় । এই উৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে অন্য গাঁৱৰ ৰাইজক মিনম বা অতিথি হিচাপে আমন্ত্ৰণ কৰে । অন্ততঃ চাৰি-পাঁচখন গাঁৱৰ ৰাইজক এনেদৰে আমন্ত্ৰণ কৰা দেখা যায় । আমন্ত্ৰণ ৰক্ষা কৰাসকলক বাটৰ পৰা মুৰংঘৰলৈ গুমৰাগ্ নাচৰ যোগেদি আগবঢ়াই অনা প্ৰথাক মিনম-য়াম্নাম বোলে । পঃৰাগ উৎসৱ তিনি দিন পালন কৰা দেখা যায় ।

