নিতাল পৰিল বৰপেটা সত্ৰ - Doul Utsav 2024
Doul Utsav 2024 : প্ৰতি বছৰৰ দৰে এইবাৰো সত্ৰনগৰী বৰপেটাত হোলীৰ আনন্দ ৷ লোকাৰণ্য হৈ পৰে বৰপেটা সত্ৰৰ বাকৰি ৷ মঙলবাৰে বৰপেটা সত্ৰত সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে তিনিদিনীয়াকৈ অনুষ্ঠিত "দেউল / দৌল মহোৎসৱ"ৰ ৷

Published : March 26, 2024 at 8:58 PM IST
বৰপেটা, ২৬ মাৰ্চ: বৰপেটা সত্ৰত যোৱা ২৪ মাৰ্চৰ পৰা সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে তিনিদিনীয়াকৈ অনুষ্ঠিত "দেউল / দৌল মহোৎসৱ"ৰ মঙলবাৰে তথা আজি সামৰণি পৰে ৷ আজি সত্ৰনগৰী বৰপেটাত আকাশ-বতাহ আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰে ৷
- " class="align-text-top noRightClick twitterSection" data="">
আজি পুৱাৰে পৰাই আয়তী, পুৰুষ, মহিলা যুৱক-যুৱতীসকলে বৰপেটা সত্ৰত উপস্থিত হৈ ইজনে সিজনক ফাকুগুৰিৰে হোলীৰ শুভেচ্ছা জনায় ৷ আবিৰৰ ৰঙত ৰঙীন হৈ পৰা সত্ৰনগৰীৰ আকাশ বতাহ মুখৰিত হৈ পৰে মন প্ৰাণ উতলা কৰা হোলী গীতৰ সুৰেৰে ৷ বৰপেটাৰ প্ৰানৰ উৎসৱ, মনৰ উছৱ, ৰঙৰ উছৱ দেউলৰ আনন্দ উলাহত মতলীয়া হৈ পৰা প্ৰতিজনৰ কন্ঠৰ পৰা নিগৰিত হয় হোলী গীতৰ অমিয়া সুৰ ৷ আবিৰৰ ৰং, কৃষ্ণপ্ৰেম আৰু প্ৰকৃতি বন্দনাৰে মুখৰিত হোলী গীতৰ সুৰত বৈকুন্ঠপুৰীলৈ পৰিণত হৈ পৰে সত্ৰনগৰী বৰপেটা ৷
ইপিনে আবেলি দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইক দুখন দোলাত তুলি গায়ন বায়ন প্ৰমুখ্যে হাজাৰ হাজাৰ ভক্তই কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ লৈ যায় ৷ দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইৰ সৈতে বাৰাদি সত্ৰৰ গোসাইকো দোলাত তুলি কলবাৰী সত্ৰলৈ লৈ যোৱা হয় ৷ ধৰ্মীয় বিশ্বাস আৰু লৌকিক পৰম্পৰাৰে পালিত হৈ অহা মাহজাতীয় শস্য হেকেটা খুৱাই গোসাইক কলবাৰী সত্ৰৰ পৰা বৰপেটা সত্ৰলৈ গোঁসাই উভতি আহি বৰপেটা সত্ৰৰ দালানৰ সমুখ পোৱাৰ সময়তে সত্ৰৰ টুপৰ চোতালত অনুষ্ঠিত হয় বাঁহ ভঙা কাৰ্য ৷
ইয়াৰ পিচতে গোঁসাইক সত্ৰৰ কীৰ্তনঘৰৰ চাৰিওফালে সাতপাক প্ৰদক্ষিণ কৰাই মনিকূট গৃহত প্ৰবেশ কৰোৱা হয় ৷ দুয়োজনা গোসাই মনিকূট গৃহত প্ৰৱেশৰ পূৰ্বে পৰম্পৰাগত বোলবুলনি অনুষ্ঠান অনুষ্ঠিত হয় ৷ তাৰ পিচতেই গোঁসাই মনিকূটত প্ৰৱেশৰ লগে লগে সামৰণি পৰে সত্ৰনগৰী বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱৰ ৷ ইয়াৰ লগে লগে নিজম পৰে আবিৰৰ ৰং, কৃষ্ণপ্ৰেম আৰু ভকতিৰ অমিয়া ৰসত বুৰ গৈ থকা সত্ৰনগৰী বৰপেটা ৷
লগতে পঢ়ক: শতাব্দী প্ৰাচীন বৰপেটা দৌল মহোৎসৱৰ ইতিহাস - HOLI AT BARPETA SATRA

