ETV Bharat / state

সন্দেহৰ চূড়ান্ত পৰ্যায়: চোৰ বুলি আধামৰাকৈ মাৰিলে তিনিটি শিশুক

এইখন অসমৰে এটা অঞ্চলত সংঘটিত হৈছে মৰেল পুলিচিঙৰ দৰে অমানৱীয় ঘটনা ৷

MORAL POLICING IN LAKHIMPUR
কোন দিশে গতি কৰিছে আমাৰ সমাজ ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2025 at 4:48 PM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ: বৃহস্পতিবাৰে এটা শনি মন্দিৰৰ সমীপত সংঘটিত হয় এক অমানৱীয় ঘটনা । তিনিটি শিশুক হাত-ভৰি বান্ধি গুৰিয়াই-চৰিয়াই অমানুষিক অত্যাচাৰ চলাই অঞ্চলটোৰ একাংশ লোকে । পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে সমগ্ৰ ঘটনা ৷ লগে লগে ঘটনা সন্দৰ্ভত সচেতন মহলত সৃষ্টি হয় তীব্র প্ৰতিক্ৰিয়া ।

কি আছিল প্ৰকৃত ঘটনাটো ?

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আঞ্চলিক সভাপতিৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

জানিব পৰা মতে, তিনিওটি শিশুৱে শনি মন্দিৰটোৰ সমীপত টিঘিল-ঘিলাই থকা প্ৰত্যক্ষ কৰে অঞ্চলটোৰ একাংশ লোকে ৷ শিশু তিনিটিয়ে কান্ধত কঢ়িয়াই লৈ ফুৰা মোনাটোতো আছিল কেতবোৰ সা-সামগ্ৰী ৷ যাৰ বাবে শিশু তিনিটা চৌৰ্যবৃত্তিত জড়িত বুলি স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰে ৷ আনকি সন্দেহ কৰাতে ক্ষান্ত নাথাকি চোৰ বুলি ধৰি লৈ শিশুকেইটাৰ ওপৰত অমানুষিক অত্যাচাৰ চলাই অঞ্চলটোৰ বহুকেইজন লোকে ৷

অৱশ্যে শিশু তিনিটিয়ে মোনাত কি লৈ ফুৰিছিল আৰু সেয়া শনি মন্দিৰটোৰ সামগ্ৰী হয় নে নহয়, সেয়া কিন্তু এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই ৷ প্ৰকৃততে ক’বলৈ গ’লে মাথো সন্দেহৰ ভিত্তিতে লখিমপুৰ জিলাৰ খেলমাটিত সংঘটিত হয় এনেধৰণৰ এক অমানৱীয় কাণ্ড ৷

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া

সমগ্ৰ ঘটনাটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত সহজভাৱে ল’ব পৰা নাই সচেতন মহলে ৷ ইতিমধ্যে ঘটনাটোক লৈ বহুকেইটা স্থানীয় দল-সংগঠনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

MORAL POLICING IN LAKHIMPUR
অসম জাতীয়তাবাদী যুৱ পৰিষদে দাখিল কৰা এজাহাৰৰ প্ৰতিলিপি (ETV Bharat Assam)

তাৰ মাজতে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতাসহ কেইজনমান বিষয়ববীয়াই লখিমপুৰ সদৰ থানাত শিশু নির্যাতনকাৰী কেইজনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে দাখিল কৰে এজাহাৰ ।

এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি দুৰ্গেশ ঠাকুৰ, বিপ্লৱ সিংসহ তিনিজন লোকক আটক কৰে । সম্প্ৰতি সদৰ থানাতে আটকাধীন লোককেইজনক সোধা-পোছা কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে শিশুকেইটাকো উদ্ধাৰ কৰি নিয়ে ।

এই সন্দৰ্ভত এজাহাৰকাৰী মনোজ কলিতাই কয়- ‘‘চুৰিকাৰ্যত অভিযুক্ত শিশুকেইটাক হাত-ভৰি বান্ধি গুৰিয়াই-চৰিয়াই একাংশই আইন হাতত তুলি লোৱা ঘটনা দুৰ্ভাগ্যজনক । তাকে নকৰি শিশুকেইটাক আইনৰ হাতত তুলি দিব লাগিছিল ।’’

আনহাতে, শিশু সুৰক্ষা বিভাগটোৰ বিৰুদ্ধেও কলিতাই ক্ষোভ প্ৰকাশ কৰে । তেওঁ কয়- ‘‘লখিমপুৰ বিশেষকৈ খেলমাটি এলেকাত বিদ্যালয় এৰা অথবা বিপথে যোৱা বহু শিশু বাটে-ঘাটে দেখা যায় । এই শিশুসকলক লৈ শিশু সুৰক্ষা বিভাগে একো কৰা নাই ।’’

এই ঘটনাটোৱে সম্প্ৰতি সমগ্ৰ লখিমপুৰ জিলাতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ অৱশ্যে শিশুৰ ওপৰত অমানৱীয় অত্যাচাৰ চলোৱা লোককেইজনে উচিত শাস্তি পাবনে আইনৰ সুৰুঙাৰে সাৰি যাব, সেই বিষয়তে দৃষ্টি আবদ্ধ থাকিব সকলোৰে ৷

লগতে পঢ়ক: শিৱসাগৰত মোবাইল চুৰিৰ সন্দেহত গণপ্ৰহাৰত প্ৰাণ গ’ল এজনৰ, আহত আন এজন - Moral policing in Sivasagar - MORAL POLICING IN SIVASAGAR