লখিমপুৰ: বৃহস্পতিবাৰে এটা শনি মন্দিৰৰ সমীপত সংঘটিত হয় এক অমানৱীয় ঘটনা । তিনিটি শিশুক হাত-ভৰি বান্ধি গুৰিয়াই-চৰিয়াই অমানুষিক অত্যাচাৰ চলাই অঞ্চলটোৰ একাংশ লোকে । পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে সমগ্ৰ ঘটনা ৷ লগে লগে ঘটনা সন্দৰ্ভত সচেতন মহলত সৃষ্টি হয় তীব্র প্ৰতিক্ৰিয়া ।
কি আছিল প্ৰকৃত ঘটনাটো ?
জানিব পৰা মতে, তিনিওটি শিশুৱে শনি মন্দিৰটোৰ সমীপত টিঘিল-ঘিলাই থকা প্ৰত্যক্ষ কৰে অঞ্চলটোৰ একাংশ লোকে ৷ শিশু তিনিটিয়ে কান্ধত কঢ়িয়াই লৈ ফুৰা মোনাটোতো আছিল কেতবোৰ সা-সামগ্ৰী ৷ যাৰ বাবে শিশু তিনিটা চৌৰ্যবৃত্তিত জড়িত বুলি স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰে ৷ আনকি সন্দেহ কৰাতে ক্ষান্ত নাথাকি চোৰ বুলি ধৰি লৈ শিশুকেইটাৰ ওপৰত অমানুষিক অত্যাচাৰ চলাই অঞ্চলটোৰ বহুকেইজন লোকে ৷
অৱশ্যে শিশু তিনিটিয়ে মোনাত কি লৈ ফুৰিছিল আৰু সেয়া শনি মন্দিৰটোৰ সামগ্ৰী হয় নে নহয়, সেয়া কিন্তু এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই ৷ প্ৰকৃততে ক’বলৈ গ’লে মাথো সন্দেহৰ ভিত্তিতে লখিমপুৰ জিলাৰ খেলমাটিত সংঘটিত হয় এনেধৰণৰ এক অমানৱীয় কাণ্ড ৷
ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া
সমগ্ৰ ঘটনাটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত সহজভাৱে ল’ব পৰা নাই সচেতন মহলে ৷ ইতিমধ্যে ঘটনাটোক লৈ বহুকেইটা স্থানীয় দল-সংগঠনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

তাৰ মাজতে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতাসহ কেইজনমান বিষয়ববীয়াই লখিমপুৰ সদৰ থানাত শিশু নির্যাতনকাৰী কেইজনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে দাখিল কৰে এজাহাৰ ।
এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি দুৰ্গেশ ঠাকুৰ, বিপ্লৱ সিংসহ তিনিজন লোকক আটক কৰে । সম্প্ৰতি সদৰ থানাতে আটকাধীন লোককেইজনক সোধা-পোছা কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে শিশুকেইটাকো উদ্ধাৰ কৰি নিয়ে ।
এই সন্দৰ্ভত এজাহাৰকাৰী মনোজ কলিতাই কয়- ‘‘চুৰিকাৰ্যত অভিযুক্ত শিশুকেইটাক হাত-ভৰি বান্ধি গুৰিয়াই-চৰিয়াই একাংশই আইন হাতত তুলি লোৱা ঘটনা দুৰ্ভাগ্যজনক । তাকে নকৰি শিশুকেইটাক আইনৰ হাতত তুলি দিব লাগিছিল ।’’
আনহাতে, শিশু সুৰক্ষা বিভাগটোৰ বিৰুদ্ধেও কলিতাই ক্ষোভ প্ৰকাশ কৰে । তেওঁ কয়- ‘‘লখিমপুৰ বিশেষকৈ খেলমাটি এলেকাত বিদ্যালয় এৰা অথবা বিপথে যোৱা বহু শিশু বাটে-ঘাটে দেখা যায় । এই শিশুসকলক লৈ শিশু সুৰক্ষা বিভাগে একো কৰা নাই ।’’
এই ঘটনাটোৱে সম্প্ৰতি সমগ্ৰ লখিমপুৰ জিলাতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ অৱশ্যে শিশুৰ ওপৰত অমানৱীয় অত্যাচাৰ চলোৱা লোককেইজনে উচিত শাস্তি পাবনে আইনৰ সুৰুঙাৰে সাৰি যাব, সেই বিষয়তে দৃষ্টি আবদ্ধ থাকিব সকলোৰে ৷