ETV Bharat / state

বিভীষিকা :বাৰিষাৰ প্ৰথমটো বানত জলবন্দী হাজাৰ হাজাৰ জনতা - ASSAM FLOOD 2025

মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন । পশুধনৰ খাদ্য়ৰ বাবে হাহাকাৰ ।

ASSAM FLOOD 2025
ৰঙানদীৰ বলিয়া বানৰ কবলত পৰিছে লখিমপুৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 1, 2025 at 10:14 PM IST

6 Min Read

নিউজ ডেস্ক : বিগত কেইবাদিন ধৰি ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত হৈ মুষলধাৰ বৰষুণৰ ফলত কেবাখনো জিলা বানৰ কবলত পৰিছে । এই বছৰৰ প্ৰথমটো বানত কেবাখনো নৈ-উপনৈৰ জলস্তৰ বৃদ্ধি পোৱাত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে । লখিমপুৰৰ লগতে ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাটৰ বহুতো অঞ্চল বানৰ কবলত পৰিছে ।

জলবন্দী লখিমপুৰ :

ৰঙানদীৰ বলিয়া বানৰ কবলত পৰিছে লখিমপুৰ জিলা । নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া অতিৰিক্ত জলৰাশি যোগ হোৱাৰ পাছত ৰঙানদীয়ে বলিয়া ৰূপ ধাৰণ কৰি লখিমপুৰত ধন- জনৰ বিস্তৰ ক্ষতিসাধন কৰিছে । ৰঙানদীৰ সমানে সোৱণশিৰিৰ বানতো ত্রাহি মধুসূদন সুৱৰিছে লখিমপুৰৰ ৰাইজে ।

ৰঙানদীৰ বলিয়া বানৰ কবলত পৰিছে লখিমপুৰ (ETV Bharat Assam)

সোৱণশিৰিৰ বানে বিধ্বস্ত কৰিছে ঐতিহাসিক ঘুনাসুতিক । নীপকোৱে ৰঙানদীত ৰঙানদী প্ৰকল্পৰ জলাধাৰৰ পৰা অতিৰিক্ত জলৰাশি মোকলাই দিয়াৰ পৰিণতিত শুকুৰবাৰৰ নিশাৰে পৰাই লখিমপুৰৰ পাচনৈ পহুমৰা, পানীগাঁও, আমতলা আদি অঞ্চল বিধ্বস্ত হৈ পৰে । পথ, বান্ধ আদি ভাঙি-ছিঙি ৰঙানদীৰ বলিয়া বানে এই অঞ্চলসমূহত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে । দুজনকৈ লোক মৃত্যুমুখত পৰাৰ উপৰি অজস্র পোহনীয়া জীৱ-জন্তুৰ হানি হয় ।

লেখ-জোখ নোহোৱাকৈ ঘৰ-বাৰী, সা-সম্পত্তিৰ ক্ষতি হয় । এনে বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে । জিলাখনত বিপদসীমাৰ ওপৰত আছে তিনিখনকৈ নদীৰ জলপৃষ্ঠ । জামুগুৰিত ব্ৰহ্মপুত্ৰ, শিলিখাগুৰিত সোৱণশিৰি আৰু চিচাপথাৰত ডিক্ৰং নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰৰে বৈ আছে । নীপকোৱে পৰিমাণ কমালেও আজিও প্ৰকল্পৰ পানী এৰিয়েই আছে । জিলা প্ৰশাসনৰ তথ্য মতে, কালিৰ দিনটোত ৯৫ খন গাঁও বানৰ কবলত পৰিছে । ৰঙানদীৰ এনে বলিয়া বানৰ সমানে কালিৰ পৰা সোৱণশিৰি নদীয়েও ঘুনাসুতিত প্ৰৱল বানৰ সূচনা কৰে ।

ASSAM FLOOD 2025
ৰঙানদীৰ বলিয়া বানৰ কবলত লখিমপুৰ (ETV Bharat Assam)

ৰঙানদীৰ দৰে ঘূণাসুতিত অঞ্চলত বানৰ তাণ্ডব সৃষ্টি কৰে সোৱণশিৰিয়ে । দুদিন ধৰি বানপানীৰ কবলত আছে ঘূণাসুতি গাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰণী, বালিভেটা, ১নং নাহৰনী মিচিং গাঁও, বৰ্চাপৰি, উৰীয়ামতলা, শগুনেখোৱা আদি প্ৰায় ৬খন গাঁও । উল্লেখ্য় যে শনিবাৰে পুৱা প্ৰায় ৫ বজাত গাঁওবোৰত পানী সোমাই ।

বানপানীয়ে ছাগলী, কুকুৰা আদি উটুৱাই লৈ যায় বুলি ৰাইজে জানিবলৈ দিয়ে । ইপিনে, বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে অঞ্চলবাসী । জিলা প্ৰশাসনৰ ফালৰ পৰা আজিলৈকে খবৰ নোলোৱাৰ অভিযোগক কৰিছে বানৰ কবলত থকা লোকেসকলে । অৰুণাচলত ধাৰাষাৰ বৰষুণ হোৱাৰ ফলত ধেমাজি জিলাৰ গোগামুখত নিৰ্মাণ কৰা নামনি সোৱণশিৰি জল বিদ্যুত প্ৰকল্পৰ (NHPC) পানী এৰি দিয়াৰ ফলত ঘুনাসুতিত প্ৰথমটো বানপানীৰ সৃষ্টি হয় বুলি ৰাইজে অভিযোগ তুলিছে ।

ডিব্ৰুগড়ৰ বগীবিলৰ আইথানত মন্ত্ৰী প্ৰশান্ত ফুকন :

ডিব্ৰুগড়ত এইবাৰ ব্ৰহ্মপুত্ৰ আৰু উপ-নদীসমূহে লৈছে ভয়াৱহ ৰূপ । বিগত কেইবাদিনো ধৰি নেৰেনেপেৰা বৰষুণ হোৱা পাছতে ভয়াবহভাৱে বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । ডিব্ৰুগড়ত বিপদসীমা অতিক্ৰম কৰি বৈ আছে মহাবাহু । ডিব্ৰুগড়ত বিপদ সীমাৰ পৰিমাণ ১০৫.৭০ মিটাৰ; কিন্তু দেওবাৰে বিয়লি ১০৫.৮৫ মিটাৰ অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ পানী ।

বানৰ কবলত ডিব্ৰুগড় (ETV Bharat Assam)

ব্ৰহ্মপুত্ৰৰ জলস্তৰ ভয়াবহভাৱে বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । জিলা প্ৰশাসনে সম্ভাব্য বান পৰিস্থিতিৰ বাবে সকলো ধৰণে সাজু থকা বুলি জানিবলৈ দিছে । বিগত কেইবাদিনো ধৰি জিলা আয়ুক্তগৰাকীয়ে জিলাৰ প্ৰতিটো বিভাগৰ সৈতে বান পৰিস্থিতিক লৈ পৰ্যালোচনা বৈঠকত অংশ লৈছে ।

বগীবিলৰ ভিন্ন অঞ্চল বানৰ কবলত পৰাৰ পাছতে বান পৰিস্থিতি বুজ ল'লে শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে । মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে বানে প্লাৱিত কৰা অঞ্চলসমূহ । ডিব্ৰুগড় চহৰৰ পৰা বগীবিল আইথান সংযোগী মথাউৰিটোৰ বিভিন্ন অংশত পানীৰ পুং ওলাবলৈ আৰম্ভ কৰিছে । ফলত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে নৈকাষৰীয়া অঞ্চলসমূহৰ প্ৰায় ৩০ খনকৈ গাঁৱৰ বাসিন্দা । ইয়াৰ বাবে মন্ত্ৰী প্ৰশান্ত ফুকনে তৎকালীনভাৱে ব‍্যৱস্থা ল'বলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে ।

বান পৰিস্থিতিৰ বুজ লৈ মন্ত্ৰী প্ৰশান্ত ফুকনে কয়, "কালিৰ পৰা পানী বাঢ়িবলৈ ধৰিছে । ডিব্ৰুগড় চহৰৰ পৰা বগীবিল আইথান সংযোগী মথাউৰিটো কোনো কোনো ঠাইত পানী লিকেজ হৈছে । বিভিন্ন কাৰণত এনে ঘটনা হয় । মথাউৰিৰ পানী লিকেজ বন্ধ কৰিবলৈ বিভাগীয় বিষয়াসকলে কাম কৰি আছে । এতিয়া অঞ্চলটোৰ ৰাইজ সুৰক্ষিত । ডিব্ৰুগড় চহৰৰ পৰা বগীবিল আইথান সংযোগী মথাউৰিটো সুৰক্ষিত হৈ আছে আৰু থাকিব সেইটো ডিব্ৰুগড়ৰ ৰাইজক কথা দিছো ।"

ASSAM FLOOD 2025
ডিব্ৰুগড়ৰ বানবিধ্বস্ত অঞ্চলত মন্ত্ৰী প্ৰশান্ত ফুকন (ETV Bharat Assam)

টিংখাঙৰ কেইবাখনো গাঁও বাঢ়নী পানীৰ কবলত :

নেৰানেপেৰা বৰষুণৰ পাছতে উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিং । আজি টিংখাঙৰ ২ নং শলগুৰি, শলগুৰি, কৈৱৰ্ত গাঁৱৰ, আঘুনীবাৰী আদি অঞ্চলত শ শ ৰাইজ বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীৰ কবলত । গাঁওসমূহৰ মূল পথ পানীয়ে বুৰাই পেলোৱাত যাতায়াত বন্ধ । মূল পথটোৰ ঠায়ে ঠায়ে একাঁঠু একঁকাল পানী হোৱাত যাতায়ত বন্ধ হৈ পৰিছে ।

গাঁওসমূহত থকা প্ৰায়বোৰ ৰাজহুৱা অনুষ্ঠানৰ চৌহদ ইতিমধ্যে বুঢ়ীদিহিঙৰ পানীয়ে বুৰাই পেলাইছে । অঞ্চলটোৰ শ শ বিঘা কৃষি ভূমি পানীত বুৰ গৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত টিংখাঙৰ নদী কাষৰীয়া গাঁও সমূহৰ ৰাইজৰ মাজত হাহাঁকাৰ পৰিস্থিতি সৃষ্টি হৈছে।

হাফলং-শিলচৰ ঘাইপথত ভূমিস্খলন :

নেৰানেপেৰা বৰষুণৰ বাবে এতিয়া হাফলং-শিলচৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা তথৈবচ হৈছে । ভূমিস্খলনৰ বাবে হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ ৰূপে বিধ্বস্ত হৈ পৰে । আজি দিনৰ ভাগত এখন বাহন পানীৰ সোঁতত উটি যায় । হাফলং-শিলচৰ ৰাষ্ট্রীয় ঘাইপথৰ ৰেটজল, বৰমূলকই, কাপোৰচৰা, দলাইচুঙা আদি এলেকাত বৈছে পানীৰ সোঁত । জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে ।

শিৱসাগৰত ভাঙিল শ্লুইচ গেট :

মেৰামতিৰ নকৰাৰ ফলত ভাঙিল ৰৌমাৰীৰ শ্লুইচ গেট । বিগত কেইবাদিন ধৰি হৈ থকা বৰষুণৰ বাবে পানীৰ সোঁত বৃদ্ধি পোৱাত ৰৌমাৰি শ্লুইচ গেট ভাঙি যোৱাৰ ফলত বহত্তৰ অঞ্চলটোৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি। অবিৰতভাৱে ব্ৰহ্মপুত্ৰৰ পানী সোমাইছে জনাকীৰ্ণ অঞ্চলত । ফলত হানি হৈছে পশুধনৰ । অনতিপলমে এই গেটটোৰ মেৰামতিৰ ব্যৱস্থা নকৰিলে শিৱসাগৰ নগৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:কপিলী নদীৰ বাঢ়নী পানীয়ে ছিগিলে কামপুৰৰ পটিয়াপামত মথাউৰি - ASSAM FLOOD 2025

হঠাৎ আহিল বান: এবুকু পানীত নামি পূৰঠ নোহোৱা ধানকে কাটিলে কৃষকে - ASSAM FLOOD 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.