ETV Bharat / state

এইবাৰ ধান ক্ৰয়ত সফলতা ৰাজ্য চৰকাৰৰ : নিৰ্ধাৰিত লক্ষ্যৰ ৮৭ শতাংশ ধান ক্ৰয়, উপকৃত ৬৫ হাজাৰ কৃষক - RICE PROCUREMENT

ধান ক্ৰয়ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সফলতা অৰ্জন কৰিছে ৷ ২০ মে'লৈ নির্ধাৰিত লক্ষ্যৰ ৮৭ শতাংশ ধান ক্ৰয় কৰাত সফল হৈছে চৰকাৰ ।

THIS TIME THE ASSAM GOVERNMENT IS ON THE PATH OF SETTING A RECORD IN RICE PROCUREMENT
ধান ক্রয় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 3:56 PM IST

4 Min Read

গুৱাহাটী: পূৰ্বতে প্ৰায় প্ৰত্যেকবাৰ ব্যৰ্থ হোৱাৰ পাছত এইবাৰ ধান ক্ৰয়ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সফলতা অৰ্জন কৰাৰ দিশে আগবাঢ়িছে । এককথাত এইবাৰ ৰাজ্য চৰকাৰে অভিলেখ গঢ়িবলৈ সক্ষম হ'ব ।

লক্ষণীয় বিষয় যে ২০ মে'লৈ ধান ক্রয়ৰ দায়িত্ব লাভ কৰা প্রতিষ্ঠানসমূহে নির্ধাৰিত লক্ষ্যৰ ৮৭ শতাংশ ধান ক্ৰয় কৰাত সফল হৈছে । কৃষকক উৎপাদিত ধানৰ প্ৰাপ্য দাম দি উৎসাহিত কৰিবলৈ ন্যূনতম সমর্থিত দাম নির্ধাৰণ কৰি ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ অধীনস্থ চাৰিটা প্রতিষ্ঠানক ক্ৰয়ৰ লক্ষ্য বান্ধি দি চৰকাৰে দায়িত্ব দি আহিছে ।

আগৰ এটাও বছৰত নিৰ্ধাৰিত লক্ষ্য মতে প্রতিষ্ঠানসমূহে ধান ক্ৰয়ত সফলতা লাভ কৰা নাছিল । এইবাৰ ধান ক্ৰয়ৰ বাবে দায়িত্বপ্রাপ্ত প্রতিষ্ঠানসমূহ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ পথত অগ্ৰসৰ হৈছে । খাদ্য আৰু অসামৰিক যোগান বিভাগে অহা ৩১ মে'ৰ ভিতৰত শালি ধান ক্ৰয় কৰাৰ শেষ সময় নিৰ্ধাৰণ কৰিছিল ।

THIS TIME THE ASSAM GOVERNMENT IS ON THE PATH OF SETTING A RECORD IN RICE PROCUREMENT
ধান ক্রয়ৰ দায়িত্ব লাভ কৰা প্রতিষ্ঠান (ETV Bharat)

গুৱাহাটীস্থ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা সঞ্চালকালয়ৰ এগৰাকী জিলা খাদ্য যোগান বিষয়াই জনোৱা মতে অসমৰ জিলাসমূহৰ পৰা মুঠ ৫,৮২,৫০০ মেট্ৰিক টন শালি ধান ক্রয় কৰিবলৈ অসম খাদ্য আৰু অসামৰিক যোগান নিগম, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ, ভাৰতীয় খাদ্য নিগম আৰু নাফেডক দায়িত্ব দিয়া হৈছিল । খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এগৰাকী যোগান বিষয়াই জনোৱা মতে, ২০ মে'লৈ প্ৰায় ৬৫ হাজাৰ কৃষকৰ পৰা মুঠ ৫,০৭,৪৭৪ মেট্ৰিক টন (৮৭ শতাংশ) ধান সংশ্লিষ্ট সংস্থাকেইটাই ক্রয় কৰিবলৈ সক্ষম হৈছে ।

কুইণ্টলে প্রতি ২৩০০ টকা দামত ধান ক্রয় কৰিবলৈ বান্ধি দিয়া সময় অন্ত পৰিবলৈ মাজত কেইদিন মান বাকী । কৃষকৰ ভঁৰালত এতিয়াও ৮,০৯,৪৮১ মেট্ৰিক টন ধান জমা হৈ থকাৰ তথ্য আছে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ হাতত । অসমৰ কৃষকে উৎপাদিত ধানৰ এটা অংশ নিজৰ ব্যৱহাৰৰ বাবে মজুত ৰাখে । অর্থাৎ মজুত ৰখাৰ পৰা অতিৰিক্ত ধান বাকী এই কেইদিনত কৃষকে ন্যূনতম সমর্থিত দামত বিক্ৰী কৰিলে ধান ক্ৰয়ত এশ শতাংশ নহ'লেও নিৰ্ধাৰিত লক্ষ্যৰ কাষ চপাৰ সম্ভাৱনা আছে ।

ধান ক্ৰয়ৰ পৰিমাণ সন্তোষজনক নোহোৱা জিলাকেইখনৰ নাম (ETV Bharat Assam)

জিলা খাদ্য যোগান বিষয়াগৰাকীয়ে কয়- "শিৱসাগৰ, মাজুলী, শ্রীভূমি, গোলাঘাট, কাছাৰ, চৰাইদেউ আদি কেইখনমান জিলাত ধান ক্ৰয়ৰ পৰিমাণ একেবাৰে সন্তোষজনক নহয় । ইয়াৰ পৰিৱৰ্তে ৰাজ্যৰ ৭খন জিলাত বান্ধি দিয়া লক্ষ্যতকৈ অধিক ধান কৃষকে ন্যূনতম সমর্থিত দামত ক্রয় কেন্দ্ৰসমূহত বিক্ৰী কৰিছে ।"

চৰকাৰৰ অধীনস্থ প্রতিষ্ঠানসমূহক তামুলপুৰৰ পৰা ৭ হাজাৰ মেট্রিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছিল । জিলাখনৰ পৰা নিৰ্ধাৰিত লক্ষ্যতকৈ বেছি অর্থাৎ ৮৩৪৮ মেট্ৰিক টন ধান ২০ মে' পর্যন্ত ন্যূনতম সমর্থিত দামত ক্ৰয় কৰা হৈছে ।

ধান ক্ৰয়ৰ পৰিমাণ সন্তোষজনক হোৱা জিলাকেইখনৰ নাম (ETV Bharat Assam)

তেওঁ লগতে আৰু কয়- "কোকৰাঝাৰত লক্ষ্যৰ ১২ হাজাৰতকৈ বেছি অর্থাৎ ১৩৮৯৮ মেট্ৰিক টন, কামৰূপ মহানগৰৰ পৰা ৮ হাজাৰ মেট্ৰিক টনৰ বিপৰীতে ১২৮৬১ মেট্ৰিক টন ধান প্রতিষ্ঠানসমূহে ক্ৰয় কৰিবলৈ সক্ষম হৈছে । হোজাই জিলাৰ পৰা ৪৯ হাজাৰ মেট্ৰিক টন ধান ক্ৰয়ৰ কথা আছিল যদিও জিলাখনৰ পৰা ৫৬,৮৬১ মেট্ৰিক টন, বিশ্বনাথত ডেৰহাজাৰ মেট্রিক টনৰ বিপৰীতে ১৬১০৬ মেট্ৰিক টন, বাক্সাত লক্ষ্য নিৰ্ধাৰণ কৰা ১০ হাজাৰ মেট্ৰিক টনৰ বিপৰীতে ১০৮৬২ মেট্ৰিক টন ধান ক্রয় কৰা হৈছে ।"

এই তথ্যই ৰাজ্যৰ কৃষকসকল যে ধানখেতিৰ প্ৰতি আগ্ৰহী হৈ উৎপাদিত ধান মধ্যভোগী ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰাৰ পৰিৱৰ্তে চৰকাৰী ক্রয় কেন্দ্ৰত বিক্ৰী কৰি ন্যূনতম সমর্থিত দাম লাভ কৰিবলৈ সক্ষম হোৱাৰ কথাকে প্রতিপন্ন কৰিছে । এয়া ৰাজ্যখনৰ কৃষক আৰু কৃষিখণ্ডৰ বাবে ভাল খবৰ ।

লগতে পঢ়ক : বালিৰে পৰিপূৰ্ণ পথাৰত সেউজীয়া সপোন ৰচিছে চাৰি ভাতৃয়ে

লগতে পঢ়ক : ফুলৰে মেলাতে... নীৰৱে পুষ্প বিপ্লৱত মগ্ন এগৰাকী মহিলা, দেখুৱাইছে স্বনিয়োজনৰ পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.