ETV Bharat / state

নিৰ্যাতিতা মহিলাক পোহৰমুখী বাট দেখুওৱা নৰ্থ ইষ্ট নেটৱৰ্কৰ ত্ৰিশ বছৰীয়া সোণালী যাত্ৰা

এক সুদীৰ্ঘ পৰিক্ৰমা ৷ শোষিতা, নিৰ্যাতিতা মহিলাক পোহৰমুখী বাট দেখুওৱাৰ উদ্দেশ্যে আৰম্ভ হোৱা এই যাত্ৰাই অতিক্ৰম কৰিলে ত্ৰিশ বছৰ ৷

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : March 20, 2025 at 10:41 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী: আমিনা (নাম সলনি কৰা হৈছে) ৰ দৰং জিলাৰ এখন গাঁৱত বিয়া হৈছিল । তেওঁক স্বামীৰ দ্বিতীয়া পত্নী হিচাপে বিয়া দিয়া হৈছিল । তেওঁ ঘৰুৱা হিংসাৰ সন্মুখীন হৈছিল আৰু ঘৰৰ পৰা ওলাই যোৱা বা চুবুৰীয়াৰ সৈতে মুক্তভাৱে কথা পাতিবলৈকো অনুমতি নাছিল । তেওঁ ঘৰতে আবদ্ধ হৈ আছিল, অলপ বোৱা-কটাৰ কাম কৰি অতি কম উপাৰ্জন কৰিছিল, যিখিনি তেওঁৰ ডাঙৰ পৰিয়ালটোৰ খাদ্যৰ নামতে খৰচ হৈছিল ।

তেওঁ কয়- "মই এন্ধাৰৰ মাজত আছিল । সদায় ঘৰুৱা নিৰ্যাতনৰ মুখামুখি হৈ আছিলো । এদিন, উত্তৰ-পূৰ্ব নেটৱৰ্কৰ দুগৰাকী সমাজ সংগঠক ক্ৰমে উষাৰাণী দেৱী আৰু কবিতা সাহাৰীয়া আহিছিল আমাৰ গাঁৱলৈ । মোক আৰু কেইগৰাকীমান মহিলাক এখন সভালৈ আমন্ত্ৰণ কৰা হৈছিল আৰু মই ছিপাঝাৰৰ NEN গ্ৰামীণ মহিলা কেন্দ্ৰত ভয় আৰু আশংকাৰে উপস্থিত হৈছিলো ।"

তেওঁৰ অস্বস্তি শীঘ্ৰে আশালৈ ৰূপান্তৰিত হ’ল, যেতিয়া সম্ভাৱনাৰ দুৱাৰবোৰ তেওঁৰ সন্মুখত খুলি দিয়া হ’ল । যেতিয়া আমিনাই জানিলে যে তেওঁ NEN গ্ৰামীণ মহিলা কেন্দ্ৰৰ জৰিয়তে অধিক পাৰিশ্ৰমিকৰ হাৰত বয়ন শিল্পৰ কাম কৰিব পাৰে । তেতিয়া তেওঁৰ আনন্দৰ সীমা নাছিল ।

আমিনাই ২০১৮ চনৰ পৰা উত্তৰ-পূৰ্ব নেটৱৰ্ক (NEN)ৰ জীৱিকাৰ উদ্যোগৰ সৈতে এগৰাকী বয়নশিল্পী হিচাপে জড়িত হৈ পৰে । আজি আমিনা কেৱল এগৰাকী বয়নশিল্পী নহয়, এগৰাকী উদীয়মান তৃণমূল পৰ্যায়ৰ নেত্ৰীও, যি একেধৰণৰ পৰিস্থিতিত থকা সকলো মহিলাৰ বাবে অৰ্থনৈতিক আৰু সামাজিক সশক্তিকৰণৰ পথ প্ৰশস্ত কৰিছে ।

North East Network
এই যাত্ৰাই অতিক্ৰম কৰিলে ত্ৰিশ বছৰ (ETV Bharat Assam)

NEN এ জীৱন সলনি কৰা আন এগৰাকী মহিলা হ'ল ইবা (নাম পৰিৱৰ্তন কৰা হৈছে) ৷ মেঘালয়ৰ খাৰ্টেইন গাঁৱৰ পূৱ-পশ্চিম খাচী পাহাৰ জিলাৰ, ২০১৬ চনৰ পৰা NEN ৰ সৈতে এগৰাকী তৃণমূল মহিলা নেত্ৰী হিচাপে জড়িত হৈ আহিছে । তেওঁ একেলগে একাধিক ভূমিকা পালন কৰে- এখন স্থানীয় স্কুলত ৰান্ধনী আৰু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কাম কৰাৰ লগতে গাঁৱৰ স্বাস্থ্য সমিতি (VHC) ৰ সহ-অধ্যক্ষ, গাঁৱৰ সংগঠন (VO) ৰ সভাপতি আৰু চেং লংকমি (সমাজ মহিলা গোট) ৰ সভাপতি হিচাপেও কাম কৰে । তেওঁৰ দিনবোৰ স্কুলৰ দায়িত্ব, তেওঁৰ খেতিপথাৰৰ চোৱাচিতা আৰু পৰিয়ালৰ বাবে ৰান্ধনী কৰাৰ মাজতে থাকে । তেওঁ তেওঁৰ সমাজৰ প্ৰতি গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ, গাঁৱৰ মুৰব্বী, যুৱ গোট আৰু অন্যান্য সদস্যৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে । তেওঁ সক্ৰিয়ভাৱে মহিলাসকলক নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে, যাতে কোনোৱে পিছপৰি নাথাকে । তেওঁ তেওঁৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে তেওঁ একাকীয়াভাৱে তেওঁৰ সন্তানসকলক চোৱাচিতা কৰে ৷

ইবাৰ ব্যক্তিগত যাত্ৰা আছিল প্ৰত্যাহ্বানময় । তেওঁৰ প্ৰথম বিবাহ ভাঙি গৈছিল আৰু তেওঁৰ এটা সন্তান আছিল । পিছত তেওঁ ২১ বছৰ বয়সত পুনৰ বিবাহপাশত আবদ্ধ হয় আৰু চাৰিটা সন্তান জন্ম দিয়ে । কিন্তু তেওঁ দ্বিতীয় স্বামীৰ দ্বাৰা ঘৰুৱা হিংসাৰ সন্মুখীন হৈছিল আৰু তেওঁৰ দায়িত্ববোৰ উপেক্ষা কৰিছিল । স্বামীয়ে তেওঁক NEN ৰ সৈতে তেওঁৰ জড়িত হোৱাটোৰো বিৰোধিতা কৰিছিল, য’ত তেওঁ লিংগ, লিংগভিত্তিক হিংসা আৰু মহিলা নেতৃত্বৰ বিষয়ে প্ৰশিক্ষণ আৰু কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল । NEN এ তেওঁক অন্যান্যসকলৰ বাবে থিয় হ’বলৈ সাহস দিছিল ।

North East Network
এক সুদীৰ্ঘ পৰিক্ৰমা (ETV Bharat Assam)

উল্লেখযোগ্য যে উত্তৰ-পূব ভাৰতত তিনি দশক ধৰি লিংগ ন্যায় আৰু মহিলাৰ অধিকাৰৰ হকে কাম কৰি অহা নৰ্থ ইষ্ট নেটৱৰ্ক, চমুকৈ নেন আৰম্ভ হৈছিল ১৯৯৫ চনৰ ২২ মাৰ্চত । এই সন্দৰ্ভত নৰ্থ ইষ্ট নেটৱৰ্কৰ সঞ্চালক অনুৰিতা পাঠক হাজৰিকা কয়- ‘‘দুগৰাকী তৰুণী নাৰীবাদী, অসমৰ ড৹ মনীষা বেহেল আৰু মেঘালয়ৰ ড৹ ৰশ্মি গোস্বামীৰ নেতৃত্বত নেনৰ প্ৰতিষ্ঠা হৈছিল । সেই বছৰতে বেইজিঙত বিশ্ব চতুৰ্থ মহিলা সন্মিলন অনুষ্ঠিত হৈছিল । নেনৰ প্ৰতিষ্ঠাপকসকলে উত্তৰ-পূৱৰ মহিলাসকলৰ কণ্ঠ বিশ্বৰ সমুখত তুলি ধৰিবলৈ ইয়াক এক সুযোগ হিচাপে গ্ৰহণ কৰিছিল । অশেষ পৰিশ্ৰমৰে উত্তৰ-পূৱৰ সাতোখন ৰাজ্যৰ পাহাৰ আৰু ভৈয়ামৰ মহিলাসকলক সংগঠিত কৰি ২০ গৰাকী প্ৰতিনিধি লগত লৈ তেওঁলোক বেইজিঙলৈ নিছিল । তেতিয়াৰ পৰা নৰ্থ ইষ্ট নেটৱৰ্কৰ মহিলাসকলক লৈ উত্তৰ-পূৰ্বাঞ্চলত সংগ্ৰামৰ যাত্ৰা অব্যাহত আছে’’ ।

তেওঁ কয় - ‘‘নেনে তৃণমূল পৰ্যায়ত নাৰীবাদী মহিলা নেত্ৰী সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, যিসকল এতিয়া অনুষ্ঠানটোৰ তৃতীয় শাৰীৰ নেত্ৰী । নেন জড়িত হৈ থকা বিভিন্ন সম্প্ৰদায়ৰ মহিলাসকলে বহু কামৰ নেতৃত্ব লৈ নিজৰ আত্মসত্ত্বা গঢ়ি তুলিবলৈ সক্ষম হৈছে । এই পদক্ষেপসমূহে মহিলা নেতৃত্বাধীন কিছুমান সামূহিক স্থানৰ সৃষ্টি কৰিছে । সেয়া হৈছে, অসমৰ গ্ৰামীণ মহিলা কেন্দ্ৰ, নাগালেণ্ডৰ চিজামি ৰিচৰ্চ চেণ্টাৰ আৰু মেঘালয়ৰ কমিউনিটি চাপৰ্ট চেণ্টাৰ । এই স্থানসমূহে ৩ খন ৰাজ্যৰ ২০ খন জিলাৰ বিভিন্ন গাঁৱত ব্যাপক প্ৰচাৰৰ জৰিয়তে তৃণমূল পৰ্যায়ত নেনক এক সুকীয়া পৰিচয় প্ৰদান কৰিছে । এই কেন্দ্ৰবোৰ পাৰিবাৰিক নিৰ্যাতনৰ ভুক্তভোগী মহিলাসকলৰ বাবে নিৰাপদ স্থানৰ লগতে সমাজৰ যুৱক-যুৱতী আৰু শিশুসকলৰ বাবে সৃষ্টিশীল শিক্ষণ মঞ্চলৈ পৰিণত হৈছে । যুৱ গোট সৃষ্টিৰ জৰিয়তে যুৱক-যুৱতীসকলক পৰিৱৰ্তনৰ বাহক হিচাপে গঢ়ি তোলা হৈছে আৰু মহিলাৰ বিৰুদ্ধে সামাজিক অন্যায় আৰু পক্ষপাতিত্বৰ ওপৰত তেওঁলোকৰ প্ৰতিবাদ তীব্ৰ কৰি তোলাৰ প্ৰয়াস কৰা হৈছে’’ ।

নেন অসমৰ প্ৰজেক্ট লিড ৰশ্মিৰেখা বৰা কয়- ‘‘চাৰিটা বিষয়ভিত্তিক ক্ষেত্ৰত নেনে সমাজত পৰিৱৰ্তন নিশ্চিত কৰিছে । গ্ৰাম্য অৰ্থনীতি বিকাশৰ বাবে বিভিন্ন জীৱিকাৰ প্ৰসাৰ নেনৰ এটা মূল লক্ষ্য । শ শ মহিলাক কৃষি, বয়ন, চিলাই, খাদ্য প্ৰক্ৰিয়াকৰণ আদিৰ ওপৰত সামৰ্থ আৰু দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ জৰিয়তে জীৱিকাৰ ব্যৱস্থা কৰা হৈছে । গ্ৰাম্য অঞ্চলত প্ৰশিক্ষিত বেয়াৰফুট কাউন্সেলাৰ, সমনীয়া নেত্ৰী আৰু মহিলাৰ সহায়ক গোট সৃষ্টি কৰি লিংগভিত্তিক নিৰ্যাতন হ্ৰাস কৰাৰ বাবে সহায়ক ব্যৱস্থাটো শক্তিশালী কৰা হৈছে’’ ।

North East Network
নৰ্থ ইষ্ট নেটৱৰ্কৰ সোণালী যাত্ৰা (ETV Bharat Assam)

সঞ্চালক অনুৰিতা পাঠক হাজৰিকাই কয়- ‘‘লিংগ-সংবেদনশীল আইন আৰু নীতি ৰূপায়ণ শক্তিশালী কৰাৰ দিশত মহিলাসকলৰ বাবে বিভিন্ন চৰকাৰী অধিকাৰ আৰু প্ৰাপ্যৰ সুবিধা, প্ৰশিক্ষণ কাৰ্যসূচী আৰু স্থানীয় শাসনত মহিলাৰ ভূমিকা নিশ্চিত কৰাৰ দিশত এই গোটসমূহে ৰাজ্যিক সংস্থাসমূহৰ সৈতে একেলগে কাম কৰিছে । মেঘালয়ৰ দৰবাৰ স্নং, অসমৰ গাঁও প্ৰতিৰক্ষা দল, গাঁও পৰিষদ, জৈৱ বৈচিত্ৰ্য সমিতি আৰু অন্যান্য চৰকাৰী সংস্থা আৰু শিক্ষানুষ্ঠানত স্থানীয়ভাৱে মহিলা নেত্ৰীসকলক অন্তৰ্ভুক্ত কৰাটো দেখা গৈছে । প্ৰাকৃতিক সম্পদ পুনৰুজ্জীৱনৰ বিষয়টোৱে নাৰীবাদী স্থিতি শক্তিশালীভাৱে ধাৰণ কৰিছে । মহিলাসকল জৈৱ বৈচিত্ৰ্য আৰু পৰম্পৰাগত কৃষিপ্ৰণালীৰ ৰক্ষক আৰু এইক্ষেত্ৰত ৰাইজে হাতত লোৱা সকলো কাম আৰু পৰিৱেশ নীতিত মহিলাৰ জ্ঞান অন্তৰ্ভুক্ত কৰিব লাগিব । জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, বীজ ভঁৰাল, পৰিৱেশ, খাদ্য আৰু কৃষি ব্যৱস্থা, পুনৰুত্পাদনশীল স্থানীয় খাদ্য উৎপাদন ইত্যাদিৰ ওপৰত নেনে মহিলা নেতৃত্বাধীন পদক্ষেপসমূহ সংগঠিত কৰিছে’’ ।

সময় পাৰ হৈ যোৱাৰ লগে লগে নেনে একেই দায়বদ্ধতাৰে মহিলাৰ অধিকাৰৰ কথাবোৰ প্ৰসাৰিত কৰাৰ বাবে আগবাঢ়িছে ৷ আন্তঃপ্ৰজন্মৰ সংহতি গঢ়ি তুলিছে আৰু নাৰীবাদী ভগ্নীত্বক প্ৰসাৰিত কৰিছে । নাৰীৰ অধিকাৰ আৰু লিংগ ন্যায়ৰ সন্ধানত নেনে বিশ্বাস কৰা মূল্যবোধসমূহ হৈছে- বৈষম্যহীনতা, বস্তুনিষ্ঠ সমতা আৰু বৈচিত্ৰ্য, অন্তৰ্ভুক্তি, বহুত্ব, শান্তি আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰতি সন্মান । নেনে নাৰীৰ বাস্তৱ আখ্যান আৰু পৰিৱৰ্তনৰ কাহিনীৰে সকলোকে প্ৰভাৱিত কৰি যাব আৰু মহিলা নেতৃত্বাধীন ভৱিষ্যৎ নিশ্চিত কৰিব ।

লগতে পঢ়ক: ক’লৈ গ’ল চোতালত, ঘৰৰ মূধচত কিচিৰ-মিচিৰ কৰি ফুৰা কণমানি ঘৰচিৰিকাকেইটা ? - WORLD SPARROW DAY 2025