মৰাণ: ৰাজ্য়ৰ বিভিন্ন ঠাইত ছাগলী চোৰৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতেই চোৰক ৰাইজে সোধালে উত্তম-মধ্য়ম । ছাগলী চুৰিৰ সন্দেহত উত্তেজিত ৰাইজে প্ৰহাৰ কৰাত প্ৰাণ হেৰুৱালে এজন যুৱকে । এই ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে ডিব্ৰুগড় জিলাৰ বকুল চাহ বাগিচাৰ হাতীগড় বকপৰা ডিভিজন ।
ঘটনাৰ বিৱৰণি অনুসৰি আজি এখন স্কুটীত অহা দুটা ছাগলী চোৰক হাতে-লোটে কৰায়ত্ব কৰে একাংশ লোকে । ইয়াৰ পাছতে ক্ষুব্ধ ৰাইজে দুই যুৱকক প্ৰহাৰ কৰাৰ লগতে ছাগলী চুৰিত ব্যৱহৃত স্কুটীখন জ্বলাই দিয়ে । স্কুটীখন সম্পূৰ্ণৰূপে ভষ্মীভূত হয় । উত্তেজিত ৰাইজে প্ৰহাৰ কৰাত এটা ছাগলী চোৰ থিতাতে নিহত হয় । লগতে আনজন যুৱক গুৰুতৰভাৱে আহত হয় । আহত যুৱকজন ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ জ্যোতিৰ্ময় হাজৰিকা বুলি জানিব পৰা গৈছে যদিও মৃত যুৱকজনৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
এই ঘটনাটো ৰাজহুৱা হোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা । আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই গণপ্ৰহাৰ কৰা উত্তেজিত ৰাইজ পলায়ন কৰে ঘটনাস্থলীৰ পৰা । ঘটনাস্থলীত জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।
আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে ঘটনাৰ বুজ লৈ কয়, "ছাগলী চুৰি কৰাৰ বাবে দুজনক আক্ৰমণ কৰা হৈছে । ৰাইজে আইন হাতত তুলি লৈছে সেই কথা আমি কেতিয়াও মানি ল'ব নোৱাৰো । এজনৰ মৃত্যু হৈছে, এজনক মেডিকেললৈ পঠিয়াইছো । মৃত্যু হোৱাজনৰ পৰিচয় লাভ কৰা নাই । এই ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"
আনহাতে ঘটনাস্থলীত উপস্থিত হৈ জিলা আয়ুক্তগৰাকীয়ে কয়, "ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰা হৈছে । কঠোৰ ব্যৱস্থা লোৱা হ'ব ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে । সমগ্ৰ ঘটনাক আমি গুৰুত্ব সহকাৰে লৈছো । আহত যুৱকজন যিহেতু চিকিৎসাধীন, সেয়ে তেওঁ সুস্থ হ'লেই সকলো কথা পোহৰলৈ আহিব ।"