ETV Bharat / state

শ্বহীদ ৫ জন, নাগৰিকত্ব পালে ৩ জনে; অসমত কা-ৰ বিশেষ কোনো প্ৰভাৱ নাই : মুখ্যমন্ত্ৰী

তেজপুৰৰ এক অনুষ্ঠানত অংশ লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে পুনৰবাৰৰ বাবে আশ্বাস দিলে যে অসমত কা-ৰ প্ৰভাৱ নপৰে ।

Himanta Biswa Sarma
কেন্দ্ৰীয় সামূহিক ৰান্ধনি ঘৰ আৰু হৰেকৃষ্ণ সাংস্কৃতিক কেন্দ্ৰৰ ভূমি পূজন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 5, 2025 at 12:29 PM IST

5 Min Read
Choose ETV Bharat

তেজপুৰ : "কা-ৰ বিশেষ কোনো প্ৰভাৱ আমাৰ ৰাজ্যত নাই । শ্বহীদ হ'ল ৫ জন আৰু নাগৰিকত্ব পালে ৩ জনে । গতিকে কা বিৰোধী আন্দোলন কোনো যে যুক্তিৰ আধাৰত নাছিল তাক প্ৰমাণ কৰিছে আৰু আজিও নিৰ্বাচনলৈ কোনো আবেদনে অহা নাই আৰু নাহেও ।" শেহতীয়াকৈ গৃহ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে কা সন্দৰ্ভত অসমৰ ৰাইজ চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে আশ্বাস প্ৰদান কৰে ।

তেওঁ লগতে কয়, "আমাৰ অসমত থকা বঙালী হিন্দুখিনি ৭১ চনৰ আগতে অহা । তেওঁলোকে আবেদন কৰাৰ কথাই নাই । বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায় ৷ কিন্তু তেওঁলোকে আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে অসমলৈ অহা । গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক ।"

কেন্দ্ৰীয় সামূহিক ৰান্ধনি ঘৰ আৰু হৰেকৃষ্ণ সাংস্কৃতিক কেন্দ্ৰৰ ভূমি পূজন (ETV Bharat Assam)

উচ্ছেদ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ ঘোষণা

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰীৰ বিৰুদ্ধে সমগ্ৰ অসমতে উচ্ছেদ অভিযান চলিব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে । তেওঁ কয়, "সুবিধা অনুসৰি উচ্ছেদ চলাই থকা হ'ব । যাতে অসমৰ এডোখৰ মাটিও অচিনাকি মানুহৰ হাতত নাথাকে ।

Himanta Biswa Sarma
শোণিতপুৰত কেইবাটাও কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ (@himantabiswa X)

অক্টোবৰত ৮-৯ হাজাৰ শিক্ষকৰ নিযুক্তি

চৰকাৰী খণ্ডৰ প্রাথমিক বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি থকা সন্দৰ্ভত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "১০ অক্টোবৰত প্ৰায় ৮-৯ হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব । শিক্ষকসকলে প্ৰতি বছৰে অৱসৰো গ্ৰহণ কৰি আহিছে । গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰো । কেতিয়াবা আদালতত গোচৰ আদিও থাকে । তাৰ মাজতে মই ভাবো যে শিক্ষাৰ পৰিৱেশ আগতকৈ ভাল, আৰু ভাল কৰিব লাগিব ।"

মাদানীৰ সৈতে কাৰ সম্পৰ্ক আছে ?

জমিয়তৰ নেতা মাদানী প্ৰসংগত পুনৰ এবাৰ সৰব হৈ পৰে মুখ্যমন্ত্ৰী । মাদানীৰ সৈতে বিজেপিৰ মিত্ৰতা আছে বুলি বিৰোধীয়ে কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়,"মাদানীৰ সৈতে আমাৰ কি সম্পর্ক থাকিব ? মাদানীৰ সৈতে যদি আমাৰ সম্পৰ্ক থাকে তেতিয়াহ'লে মোক কিয় গালি পাৰে ? মোক মালাহে পিন্ধাব লাগিছিল । মাদানীৰ লগত লুৰীণজ্যোতি গগৈয়ে একেলগে কৈ আছে যে সংখ্যালঘু মানুহখিনিক নিৰাপত্তা দিব লাগে । তেতিয়াহ'লে কাৰ লগত মাদানীৰ সম্পর্ক আছে ?"

ৰঙাপৰাৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু আৰু শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস উপস্থিত থাকে ।

Himanta Biswa Sarma
ৰঙাপৰাত কেন্দ্ৰীয় সামূহিক ৰান্ধনি ঘৰ আৰু হৰেকৃষ্ণ সাংস্কৃতিক কেন্দ্ৰৰ ভূমি পূজন (ETV Bharat)

মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ

ইফালে ঢেকিয়াজুলি চাহ বাগিচা খেলপথাৰত অসমৰ মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনিৰ অধীনত সমষ্টিটোৰ ৩২ হাজাৰ হিতাধিকাৰীক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে ৷ য'ত মুখ্যমন্ত্ৰীয়ে কয় যে ১ নৱেম্বৰৰ পৰা চাউলৰ লগতে দাইল, নিমখ, চেনিও চৰকাৰৰ পৰা কম দামত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

Himanta Biswa Sarma
শোণিতপুৰত মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ (@himantabiswa X)

একেদৰে ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্মদিনত অৰুণোদয় ৩ৰ শুভাৰম্ভ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে । ইয়াৰ লগতে ৰন্ধন গেছ ক্ৰয়ৰ বাবে আৰু আঢ়ৈশ টকাও দিয়া হ'ব ।

অনুষ্ঠানত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই ভাষণ প্ৰদান কৰি কয়, "বাইহাটা চাৰিআলিৰ পৰা মিচন চাৰিআলিলৈ ১৩৫ কিলোমিটাৰ পথ চাৰিলেনযুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ দিছে ৷ ইয়াৰ ডিপিআৰ প্ৰস্তুত কৰা হৈছে । ইয়াৰ লগতে গুৱাহাটীৰ আগিয়াঠুৰিৰ পৰা বৰছলা হৈ তেজপুৰৰ ডেকাৰগাঁৱলৈ ৰেলপথ নিৰ্মাণৰ বাবে পৰিকল্পনা কৰা হৈছে ।"

কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ ভূমি পূজন

শোণিতপুৰ জিলাৰ ৰঙাপৰাত কেন্দ্ৰীয় সামূহিক ৰান্ধনি ঘৰ আৰু হৰেকৃষ্ণ সাংস্কৃতিক কেন্দ্ৰৰ ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীগৰাকী । ৰঙাপৰা বিধানসভা সমষ্টিৰ শিংৰিজান চাহ বাগিচাত অক্ষয়পাত্র ফাউণ্ডেচনৰ কেন্দ্ৰীয় সামূহিক ৰান্ধনি ঘৰৰ শিলান্যাস আৰু ভূমি পূজন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Himanta Biswa Sarma
শোণিতপুৰত মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ (@himantabiswa X)

অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই কয় যে ৰাজ্যখনত যেতিয়াৰ পৰা মধ্যাহ্ন ভোজন আঁচনি ৰূপায়ণ হৈছে তেতিয়াৰ পৰা দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে । চৰকাৰে বিনামূলীয়া মধ্যাহ্ন ভোজন, বিনামূলীয়া পোছাক, বিনামূলীয়া নামভর্তিৰ বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ পাছত অসমত এক সুন্দৰ শিক্ষাৰ পৰিৱেশ গঢ়ি উঠিছে ।

কেন্দ্ৰীয় সামূহিক ৰান্ধনি ঘৰৰ পৰা শোণিতপুৰ জিলাৰ ৰঙাপৰা, বৰছলা, তেজপুৰ আৰু নদুৱাৰত থকা ৩০ হাজাৰ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন আহাৰ যোগান ধৰা হ'ব । এইখন আঁচনিখনৰ পৰা চাহ বাগিচা আৰু গ্রামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে পুষ্টিকৰ আহাৰ লাভ কৰিব আৰু শিক্ষাৰ প্ৰতি ধাউতি বাঢ়িব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ৰাজ্য চৰকাৰে এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে ২৫ কোটি টকা ব্যয় কৰিব ।

লগতে পঢ়ক :বিদেশীৰ বোজা মানি লোৱা নহ’ব : কংগ্ৰেছৰ হুংকাৰ - CAA CUT OFF DATE EXTENDED