ETV Bharat / state

ফলা বাঁহ জোৰা লাগো লাগো ! বিহালীৰ অভিজ্ঞতা পাহৰি হাতে হাত ধৰি আগবঢ়াৰ ইচ্ছা

লখিমপুৰত অজিত ভূঞা, ৰকিবুল হুছেইন, ভূপেন বৰা, লুৰীণজ্যোতি গগৈয়ে একেমুখে ক’লে- বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাৰ বিকল্প নাই ।

UNITY AGAINST BJP
ৰাইজক বিৰোধীয়েও ভালকৈ বুজাব পৰা নাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 8, 2025 at 8:53 PM IST

|

Updated : February 8, 2025 at 9:21 PM IST

4 Min Read
Choose ETV Bharat

লখিমপুৰ: বিহালীৰ উপ-নিৰ্বাচনৰ তিতা অভিজ্ঞতা পাহৰি পুনৰ একত্ৰিত হোৱাৰ পথত বিৰোধী শক্তি ! "বিজেপিৰ অপশাসন উৎখাত কৰিবলৈ বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাৰ বিকল্প নাই ।" শনিবাৰে লখিমপুৰত একেমুখে এই কথা ক’লে সাংসদ অজিত কুমাৰ ভূঞা, ৰকিবুল হুছেইন, প্ৰদেশ কংগ্রেছৰ সভাপতি ভুপেন কুমাৰ বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । ভূপেন বৰাৰ পিতৃৰ স্মৃতিত নিৰ্মাণ কৰিবলৈ লোৱা এটা ৰাজহুৱা ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ আহি তেওঁলোকে এনেদৰে কয় ।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ ৰকিবুল হুছেইনে কয়, "নিৰ্বাচনত যাতে বিজেপিয়ে কোনো খেলিমেলি কৰিব নোৱাৰে তাৰ বাবে ৰাইজ সচেতন হ’ব লাগিব । ৰাইজে দিয়া ভোটটো যাতে আমি ভালকৈ গণনা কৰি ল’ব পাৰো তাৰ বাবে সচেতন হৈ থাকিব লাগিব ।"

ৰাইজক বিৰোধীয়েও ভালকৈ বুজাব পৰা নাই (ETV Bharat Assam)

আনহাতে সাংসদ অজিত কুমাৰ ভূঞাই বিজেপিক তীব্র সমালোচনা কৰি বিৰোধী শক্তি ঐক্যবদ্ধ হ’ব লাগে বুলি উল্লেখ কৰি কয়, "মই এইক্ষেত্ৰত ২০২১ চনৰ পৰা লাগি আছো । এতিয়া পৰিবেশ পৰিস্থিতি খুউব বেয়া । ৰাইজে এতিয়া কেৱল বিজেপিৰ বিৰুদ্ধেই নহয়, বিজেপিৰ ক’লা ধন, ই ডি, নিৰ্বাচন আয়োগ, চি বি আই আদিৰ বিৰুদ্ধেও যুঁজ দিবলগীয়া হৈছে । আইনৰ শাসন, অন্যান্য নীতি-নিয়ম নোহোৱা হৈছে । এনে সংকটৰ সময়ত বিৰোধী শিবিৰৰ নেতৃত্বই যদি কথাবোৰ বুজি নাপায় তেন্তে সংকট গভীৰ হ’ব ।"

UNITY AGAINST BJP
ভূপেন বৰাৰ পিতৃৰ স্মৃতিত ৰাজহুৱা ভৱনৰ আধাৰশিলা স্থাপন (ETV Bharat Assam)

তেওঁ আৰু কয়, "মই প্ৰফেচনেল পলিটিচিয়ান নহয় । তথাপি সমস্যাৰ বিৰুদ্ধে চেষ্টা কৰি আহিছো । মোৰ ব্যক্তিগত কোনো আকাংক্ষা নাই । এটা ঐতিহাসিক দায়িত্ব আমাৰ ওপৰত আহি পৰিছে । সেইটো হ’ল অসমখন বচোৱাৰ । অৱস্থা খুউব বেয়া । ক্ষন্তেকীয়া প্ৰলোভন, প্ৰচাৰত ভোল গৈ সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব নোৱাৰিলে আমাৰ বাবে আৰু বিপদ আহি আছে । এই কথাটো বুজি পোৱা ভাল । জাতিটোৰ বিৰুদ্ধে কি এক ষড়যন্ত্র ৰচনা কৰা হৈছে সেয়া ৰাইজে ভালকৈ বুজি পোৱা নাই ।" ৰাইজক বিৰোধীয়েও ভালকৈ বুজাব পৰা নাই বুলি তেওঁ নিজৰ ব্যৰ্থতা স্বীকাৰ কৰে । ২০২৬ ত যাতে ভোট বিভাজন নহয় তাৰ বাবে বিৰোধী ঐক্য গঢ়ি উঠাৰ তেওঁ পোষকতা কৰে ।

বিজেপিক কঠোৰ সমালোচনা কৰি তেওঁ কয়, "বিজেপিয়ে এক ভীত সন্ত্রস্ত পৰিবেশ সৃষ্টি কৰি নিজৰ স্বাৰ্থৰ অনুকূলে কাম কৰিছে ৷ ফলাফলৰ আগতে দিল্লীত কেজৰিৱালৰ ঘৰত অভিযান চলিছে । মুকলিকৈ টকা বিলাইছে ।" বহুতে কিবা কৰাৰ চিন্তা কৰিলেও ভয়তে প্ৰতিবাদৰ শাৰীত ঠিয় দিয়া নাই বুলি তেওঁ অনুভৱ প্ৰকাশ কৰে । দিল্লীৰ নিৰ্বাচনী ফলাফলে ৰাজ্যত প্ৰভাৱ নেপেলাই বুলিও কয় সাংসদগৰাকীয়ে ।

ভূপেন বৰাই আয়োজন কৰা এই অনুষ্ঠানটোত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও বিজেপিক উৎখাত কৰিবলৈ বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাৰ বিকল্প নাই বুলি কয় । অনুষ্ঠানটোত বিৰোধী দলপতি দেবব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্রীয় মন্ত্রী পৱন সিং ঘটোৱাৰ আদিয়েও অংশগ্রহণ কৰে ।

ইফালে দিল্লীৰ নিৰ্বাচনৰ প্ৰসংগত ভূপেন কুমাৰ বৰাই কয়, "আমি আগৰ পৰাই গম পাই আছিলো যে দিল্লীৰ নিৰ্বাচনী যুঁজখন দুইকোণীয়া হ’ব । সেই নিৰ্বাচনী যুঁজখনত আগৰ দৰে কংগ্রেছ দলে শক্তি প্ৰয়োগ কৰিছে বুলি মই নাভাবো । বিৰোধী ঐক্যমঞ্চত থকা আপ জিকিলে আমি ভাল পাম । বিৰোধীৰ ভোট বিভাজন নহ’বৰ বাবেই কংগ্রেছ দলে নিৰ্বাচনটোত জোৰ দিয়া নাছিল বুলি তেওঁ কয় ।"

লগতে পঢ়ক: মই মাঘৰ বিহু পাতিম, মই কংগ্ৰেছ কৰিম তাত আপুনি ক'বলগীয়া কি আছে: ভূপেন বৰা

Last Updated : February 8, 2025 at 9:21 PM IST