টীয়ক: সন্মুখত ৰঙালী বিহু । ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতিৰ সমান্তৰালকৈ ৰাজ্যত বলিছে নিৰ্বাচনী বতাহ । এতিয়া সময় হৈছে হিচাপ-নিকাচৰ, বিগত পাঁচ বছৰত পঞ্চায়তে কিমান উন্নয়ন আনিলে গ্ৰামাঞ্চলৰ । মৰিয়নী বিধানসভা সমষ্টিৰ ১১ নং পূৱ লাহিং গাঁও পঞ্চায়তৰ কলিয়াপানী আদৰ্শ গাঁৱৰ পৰিৱেশে দেখুৱাইছে আদৰ্শ গাঁৱৰ বিপৰীত দৃশ্য ।
বান-গৰাখহনীয়াত সকলো হেৰুৱা এইসমূহ পৰিয়ালক লৈ আদৰ্শ গাঁও নামাকৰণেৰে ১৯৯৩ চনত এই স্থানত সংস্থাপিত কৰিছিল চৰকাৰে । কিন্তু চৰকাৰ আহিল চৰকাৰ গ'ল । আজিও আদৰ্শ নামটোৰ বাহিৰে একো আদৰ্শয়ে নাই এই গাঁৱখনত । বিগত তিনিটা দশকত এই গাঁৱৰ প্ৰায় ৩৫০ টা পৰিয়ালে উন্নয়নৰ মুখ দেখা নাই ।
গাঁওখনৰ মুঠ পাঁচ কিলোমিটাৰ পথৰ মাত্ৰ ২.৪ কিলোমিটাৰ পথহে সুচল হৈছে । ইফালে খোৱাপানী, স্বাস্থ্য সেৱা, পঢ়া শুনা, বিভিন্ন চৰকাৰী আঁচনিৰ পৰা প্ৰায়ে বঞ্চিত এইসকল জনতা । নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জনপ্ৰতিনিধি আহি সকলো সমস্যা সমাধানৰ আশ্বাস দিয়ে যদিও পাছলৈ সকলোবোৰ ফুটুকাৰ ফেনত পৰিণত হয় ।
সেয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচন দলীয় চিহ্নবিহীনভাৱে অনুষ্ঠিত কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাক আদৰণি জনাইছে এইসকল ৰাইজে । লগতে ৰাইজৰ দুখ-দুৰ্দশা বুজি পোৱা জনপ্ৰতিনিধি নিৰ্বাচন কৰি সমস্যাসমূহ নিবাৰণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ।
কলিয়াপানী আদৰ্শ গাঁৱৰ এজন যুৱকে কয়,"আদৰ্শ গাঁও আমাৰ নামতহে আছে কামত একো নাই । ২৫ টা বছৰে বিধায়কগৰাকীয়ে গাঁওখনৰ মাত্ৰ আধা পথহে পকী কৰিলে । লগতে বিধায়কৰ একাংশ পালিনেতাৰ বাবে আমি উন্নয়নমুখী আঁচনিৰ পৰা বঞ্চিত হৈছোঁ । গাঁৱত থকা পালি-প্ৰহৰীখিনিয়েও বিধায়কৰ মূৰত নিমখ থৈ বগৰী খাই থকাৰ দৰে খাই আছে । সেয়ে এইবাৰ নিৰ্বাচনত দলীয় প্ৰতিনিধিৰ পৰিৱৰ্তে ৰাইজৰ প্ৰতিনিধিক নিৰ্বাচন কৰি আমাৰ অভাৱবোৰ পূৰণ কৰিম ।"
আনহাতে এগৰাকী মহিলাই কয়,"আমাৰ ইয়াত বাট-পথ, চৰকাৰী আঁচনি, পঢ়া-শুনা আদিৰ ক্ষেত্ৰত বহু সমস্যা আছে । দলীয় একাংশ নেতাৰ আশীৰ্বাদত পাবলগীয়াই চৰকাৰী আঁচনি নাপায় । নিৰ্বাচন দলীয় চিহ্নত নহ'লেহে আমাৰ অসুবিধাবোৰ নাইকিয়া হ'ব । আমাৰ ইয়াত বাঘৰ আতংক । গতিকে পথত ষ্ট্ৰীট লাইট আৰু উচ্চ শিক্ষাৰ বাবে এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাক দিয়ক ।"