ETV Bharat / state

ৰৈ যা বাটৰুৱা চাই যা মোক... ! দেওপাহাৰত হাজাৰ হাজাৰ উৰণীয়া মৌৱে যেন এনেকৈয়ে গুঞ্জৰে !

দুজোপা গছত আছে দুশৰ পৰা তিনিশ মৌ বাহ । কিয় ইয়ালৈ আহে ইমান মৌ ?

three hundred bee hives on two trees
ৰৈ যা বাটৰুৱা চাই যা মোক... ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 19, 2025 at 3:22 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: গোলাঘাট জিলাৰ নুমলীগড় দেওপাহাৰৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা দুজোপা গছ এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । প্ৰতি বছৰে এই সময়ত উক্ত গছ দুজোপাক লৈ চৰ্চা হয় ।

সেইফালেদি যোৱা বাটৰুৱাই ৰ লাগি চাই থাকে গছ দুজোপাৰ ওপৰলৈ । এক দৃষ্টিনন্দন পৰিৱেশৰ বাবেই সকলোৰে বাবে গছ দুজোপা হৈ পৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । কি আছে এই গছ দুজোপাত সেয়া জানিবলৈ আপোনাৰো মন নাযায়নে ?

ৰৈ যা বাটৰুৱা চাই যা মোক... ! (ETV Bharat Assam)

প্ৰতি বছৰে বিশেষ সময়ত এই গছ দুজোপাত শতাধিক বাহ সাজে বৰ মৌ মাখিয়ে । শীতৰ আগমনৰ লগে লগে এই স্থানত উপস্থিত হয় এই বৰ মৌ, যাৰ বাবে এক দৃষ্টিনন্দন পৰিবেশ সৃষ্টি হয় উক্ত অঞ্চলটোত। এই পথেৰে দৈনিক অহা-যোৱা কৰা লোকে এবাৰ হ'লেও ৰৈ চাই যায় এই অপূৰ্ব দৃশ্যটো । অৱশ্যে মাজে মাজে আক্ৰমণাত্মকো হৈ পৰে এই বৰ মৌ । পথেৰে অহা-যোৱা কৰা লোকৰ লগতে গৰু-ছাগলীকো আক্ৰমণ কৰে ।

three hundred bee hives on two trees
দুজোপা গছত আছে দুশৰ পৰা তিনিশ মৌ বাহ (ETV Bharat Assam)

ইয়াৰ মূল কাৰণ মৌপিয়া চৰাই । মৌপিয়া চৰাইয়ে উক্ত মৌচাকৰ পৰা মৌ খাবলৈ যাওতে আক্ৰমণাত্মক হৈ পৰে এই বৰ মৌসমূহ । সেয়েহে পথেৰে অহা-যোৱা কৰা মানুহ বা গৰু-ছাগলীক আক্ৰমণৰ লক্ষ্য কৰি লয় । এই সম্পৰ্কে গোলাঘাটৰ প্ৰকৃতিপ্ৰেমী অৰূপ বল্লভ গোস্বামীয়ে কয়, "শীতকালীন সময়ৰ আগে আগে বিভিন্ন ঠাইৰ পৰা বৰ মৌসমূহ এই স্থানত একলগ হয় । দেখা গৈছে মৌবোৰে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আহিবলৈ আৰম্ভ কৰে আৰু এতিয়া সেই ঠাইৰ পৰা বহু মৌ উৰি গৈছে । এই বৰ মৌসমূহ এটা নিৰ্দিষ্ট ঠাই বা নিৰ্দিষ্ট গছত এই কাৰণে আহে যে শীতকালীন অবস্থাত মৌৰ খাদ্য সেই অঞ্চলত পোৱা যায় । বিশেষকৈ শীতকালীন অৱস্থাত ফুলৰ সংখ্যা কমি যায় যদিও সেই সময়ত সৰিয়হ ফুল ফুলে আৰু বৃহত্তৰ নুমলীগড় অঞ্চলত সৰিয়হ খেতি কৰা হয় আৰু সম্ভৱতঃ সৰিয়হ খেতিৰ বাবে মৌসমূহ আহে ।"

three hundred bee hives on two trees
দুজোপা গছত আছে দুশৰ পৰা তিনিশ মৌ বাহ (ETV Bharat Assam)

তেওঁ লগতে কয়, "মৌবোৰে সুৰক্ষিত অনুভৱ কৰে বাবে ইয়ালৈ আহে । সুৰক্ষিত মানে বহুধৰণৰ সুৰক্ষা যেনে বতাহ, ধুমুহা, অনুকুল বাতাবৰণ, প্ৰদূষণমুক্ত বায়ুমণ্ডল এনে বহুধৰণৰ কথাৰ বাবে নিৰ্দিষ্ট সুৰক্ষিত ঠাইত ইহঁতে বসবাস কৰে । দুজোপা গছত যেতিয়া দুশৰ পৰা তিনিশ মৌ বাহ একেলগে থাকে ই এটা বিৰল দৃশ্য ।" আনহাতে পথেৰে অহা-যোৱা কৰা লোকক আক্ৰমণ কৰা সম্পৰ্কে তেওঁ কয়, "মই কাৰ্বি আংলং জিলাৰ শান্তিপুৰ অঞ্চলত ইয়াৰ ওপৰত কিছু চিত্ৰগ্ৰহণ কৰিছিলো আৰু মানুহে মোক কৈছিল যে তাত কিছুমান চৰাই আহে বিশেষকৈ মৌ খাপ চৰাই, সেই চৰাইয়ে মৌ চাকৰ পৰা মৌ খায় । বিশেষকৈ পুৱাৰ ভাগত মৌ চাকৰ ওপৰত আক্ৰমণ কৰে যদিও সেই সময়ত মৌমাখিখিনি খঙাল নহয় কিন্তু দিনৰ ১১ বজাৰ পাছতে যদি মৌ খাপ চৰায়ে মৌ চাকৰ ওপৰত আক্ৰমণ কৰে সেই সময়ত মৌখিনি খঙাল হৈ পৰে । বহু সময়ত এই মৌ খাপ চৰায়ে খুব জোৰেৰে মৌ চাকৰ ওপৰত আক্ৰমণ কৰাৰ পাছত যেতিয়া মৌ জাকে খেদি যায় তেতিয়া সেই চৰায়ে মানুহ বা গৰু ছাগলীৰ কাষেৰে গুচি যায় আৰু মৌৱে আক্ৰমণ চলায় । এনে দৃশ্য মই বহুবাৰ প্ৰত্যক্ষ কৰিছো ।"

লগতে পঢ়ক:মৌ পালনৰে ছাত্ৰ-ছাত্ৰীক স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে অসমৰে এখন মহাবিদ্যালয়ে - TYAGBIR HEM BARUAH COLLEGE

লেঙেৰীলৈ আহকচোন এবাৰ... চাই যাওক গুলপীয়া পাতৰ আঁহতজোপা - DIBRUGARH VIRAL TREE