ETV Bharat / state

গভাইত চোৰৰ চকু পৰিল দণ্ডাধীশৰ ঘৰৰ সোণত - THEFT IN NAHARKATIA

চোৰৰ মৰসাহ ! পিছে চুৰি কৰাৰ এদিন পিচতেই হাতত ওলমিল হাতকেৰেয়া ।

Gold recovered from theft at jewelers in Moran
নাহৰকটীয়াত চুৰিকাণ্ডত জড়িতক গ্ৰেপ্তাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 30, 2025 at 11:36 PM IST

2 Min Read

মৰাণ: অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ তৎপৰ হৈ থকা আৰক্ষীৰ বেহু ফালি এইবাৰ গভাইত চোৰৰ চকু পৰিল দণ্ডাধীশৰ ঘৰৰ সোণত । স্মাৰ্ট আৰক্ষীক বিমোৰত পেলাই এইবাৰ দণ্ডাধীশৰ ঘৰত চোৰে চলালে চাফাই অভিযান ৷ চোৰে লুটি নিলে নাহৰকটীয়াৰ এগৰাকী দণ্ডাধীশৰ সোণৰ গহণা ৷

ইয়াৰ পিচতেই আৰম্ভ হ'ল অভিযান । চুৰি সোণৰ সন্ধানত মৰাণ নগৰত নাহৰকটীয়া আৰু মৰাণ আৰক্ষীৰ যুটীয়া অভিযান চলায় ৷ মৰাণ নগৰস্থিত দিপালী জুৱেলাৰ্ছৰ পৰা উদ্ধাৰ পাঁচ লক্ষাধিক টকা মূল্যৰ চুৰি গহণা ৷

মৰাণত জুৱেলাৰ্ছত চুৰি সোণ উদ্ধাৰ (ETV Bharat Assam)

উল্লেখ্য যে বৃহস্পতিবাৰে নাহৰকটীয়াৰ কল্যাণ নগৰত ভাড়াতীয়া হিচাপে থকা এগৰাকী প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ বাসগৃহৰ পৰা চোৰে লুটি নিছিল প্ৰায় ২০ লাখ টকা মূল্যৰ সোণৰ গহণা ৷ চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি নিশাৰ ভিতৰতে শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ কৰে অংকুৰ দাস নামৰ এটা চোৰক ।

এই চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে নাহৰকটীয়া আৰক্ষীয়ে মৰাণ আৰক্ষীৰ সহযোগত অভিযান চলাই মৰাণ কুশল নগৰস্থিত দিপালী জুৱেলাৰ্ছৰ পৰা উদ্ধাৰ কৰে চুৰি হোৱা সোণৰ প্ৰায় ৫ লাখ টকা মূল্যৰ অলংকাৰ ৷

আৰক্ষীয়ে দিপালী জুৱেলাৰ্ছৰ গৰাকীকো আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷ এগৰাকী দণ্ডাধীশৰ ঘৰৰ পৰাই চোৰে সোণৰ অলংকাৰ লুট কৰি নিয়া ঘটনাই নাহৰকটীয়াত চাঞ্চল্য সৃষ্টি কৰিছে ৷

মৰাণত দণ্ডাধীশৰ ঘৰৰ পৰাই চুৰি হোৱা সোণৰ অলংকাৰ বিচাৰি অভিযান চলাই নামৰূপৰ উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "নাহৰকটীয়াত এটা চুৰিৰ ঘটনা হৈছিল । তাৰ চিচিটিভি ফুটেজ লাভ কৰিছিলো । এজনক কালি শিৱসাগৰৰ পৰা আটক কৰিছো । তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি অভিযান চলাই কিছু উদ্ধাৰ কৰিছো । অভিযোগকাৰীয়ে জনোৱা মতে, প্ৰায় ২০ লাখ টকা মূল্যৰ সোণ চুৰি হৈছে; কিন্তু আমি কম পাইছো, তাৰবাবে অভিযান চলিব ।"

লগতে পঢ়ক:চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ - POLICE RECOVER STOLEN GOODS

কম সাংঘাতিক নে ! ঘটিৰাম-বাটিৰামৰ নহয়, মন্ত্ৰীৰ ঘৰতে চকু পৰিল গভাইত চোৰৰ - THEFT IN GUWAHATI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.