বিধানসভা-জনতা ভৱন-মুখ্যমন্ত্ৰীৰ বাসভৱন-মন্ত্ৰীৰ কলনী... তাৰ কাষতেই চোৰৰ চাফাই
দিনে-নিশাই আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা দিছপুৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ত চুৰিকাণ্ড ।

Published : March 9, 2025 at 5:25 PM IST
গুৱাহাটী: এইবাৰ চোৰৰ চকু পৰিল ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগত । বিভাগটো হৈছে তথ্য আৰু জনসংযোগ সঞ্চালকালয় (ডি আই পি আৰ)। চৰকাৰৰ বিশেষকৈ প্ৰশাসনৰ এই গুৰুত্বপূৰ্ণ বিভাগটোৰ কাৰ্যালয় আছে দিছপুৰত । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ দিছপুৰ লাষ্টগেটত থকা তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কাৰ্যালয়ত শনিবাৰে নিশা চোৰে চলালে অভিযান ।
ৰাজধানী দিছপুৰত চুৰিকাৰ্য
আৰক্ষী-নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা দিছপুৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ত সংঘটিত হ'ল চুৰিকাৰ্য । চোৰে নিশা অভিযান চলোৱা ঘটনাটো দেওবাৰে পুৱাহে পোহৰলৈ আহে । লক্ষণীয় বিষয় যে বৰ্তমান অসম বিধানসভাৰ বাজেট অধিৱেশন চলি আছে । সোমবাৰে বিধানসভাত বাজেট দাখিল কৰিব বিত্তমন্ত্রী অজন্তা নেওগে । তেনে সময়তে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ত চোৰে চলালে লুটপাত । বিভাগটোৰ পুৰণি কাৰ্যালয়ত এই চুৰিকাণ্ড সংঘটিত হয় । নিশা দুৱাৰ ভাঙি চোৰে লকাৰসমূহত চলালে লুটপাত ।
ঘটনা সন্দৰ্ভত কাৰ্যালয়টোৰ এজন কৰ্মচাৰীয়ে কয়, "আজি পুৱা চুৰিকাণ্ড সম্পৰ্কে অৱগত হৈছো । তলা খুলিবলৈ আহোতে গম পালো । সকলো লণ্ডভণ্ড কৰিছে । আলমাৰি ভাঙিছে । হয়তো কিবা টকা-পইচা পাম বুলি ভাবিছিল । আগতে এনেদৰে চুৰিৰ ঘটনা হোৱা নাই ।" উল্লেখ্য যে কাৰ্যালয়টোৰ পৰা চোৰে কি নিলে সেই সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই । কাৰ্যালয়টোত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । কিন্তু অসম বিধানসভা, জনতা ভৱন, মুখ্যমন্ত্ৰীৰ বাসভৱন, মন্ত্ৰীৰ কলনী, অধ্যক্ষৰ বাসভৱন, বিধায়ক আৱাস আদিৰ নিচেই কাষতে থকা তথ্য আৰু জনসংযোগৰ কাৰ্যালয়ত এনেদৰে চোৰে লুটপাত কৰা কাণ্ডক কি বুলি আখ্যা দিব গুৱাহাটীবাসীয়ে ভাবি পোৱা নাই ।

