ETV Bharat / state

তেজপুৰত ৭৮ সংখ্যক স্বাধীনতা দিৱসত বিশেষ আকৰ্ষণ অসম ৰাইফলছৰ মহিলা বাহিনী - INDEPENDENCE DAY 2024

78th Independence Day preparation: দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস লৈ মাজত মাত্ৰ দুটা দিন । সমগ্ৰ দেশৰ লগতে অসমতো চৰকাৰ তথা জিলা প্ৰশাসনে স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে । নেহৰু মৈদানৰ এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ আকৰ্ষণৰ মূল কেন্দ্ৰ হৈছে অসম ৰাইফলছৰ ৩০ নং বাহিনীৰ মহিলা জোৱানসকলৰ পেৰেড ৷

78th Independence Day preparation
তেজপুৰত ৭৮ সংখ্যক স্বাধীনতা দিৱসত বিশেষ আকৰ্ষণ অসম ৰাইফলছৰ মহিলা বাহিনী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 12, 2024 at 10:53 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ, ১২ আগষ্ট: সমগ্ৰ দেশৰ লগতে উত্তৰ অসমৰ তেজপুৰ চহৰৰ মাজমজিয়াত ঐতিহাসিক নেহৰু মৈদানতো স্বাধীনতা দিৱস উদযাপনৰ বাবে জিলা প্ৰশাসনে ব্যাপক আয়োজন কৰিছে ৷ বিগত বৰ্ষৰ দৰে এইবাৰো জিলাখনৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসত পেৰেডত বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে সুৰক্ষা বাহিনীৰ লোকে অংশগ্ৰহণ কৰিব । ইতিমধ্যে নেহৰু মৈদামত ব্যাপক উৎসাহ-উদ্দীপনাৰে ইয়াৰ কুচ-কাৱাজ চলি আছে ৷

তেজপুৰত ৭৮ সংখ্যক স্বাধীনতা দিৱসত বিশেষ আকৰ্ষণ অসম ৰাইফলছৰ মহিলা বাহিনী (ETV Bharat Assam)

এইবাৰ নেহৰু মৈদানত আয়োজিত হ’বলগীয়া পেৰেডত অংশগ্ৰহণ কৰিছে সশস্ত্ৰ সীমা বল, আই টি বি পি, অসম ৰাইফলছ, অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, আহোম ইণ্ডাষ্ট্ৰিয়েল ফৰ্চ, তেজপুৰ দৰং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়, স্কাউট-গাইড, এন চি চি বাহিনীয়ে । জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকসমাগম হোৱা নেহৰু মৈদানৰ এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ আকৰ্ষণৰ মূল কেন্দ্ৰ হৈছে অসম ৰাইফলছৰ ৩০ নং বাহিনীৰ মহিলা জোৱানসকলৰ পেৰেড ৷

লগতে পঢ়ক: সমাগত স্বাধীনতা দিৱস: বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত বিশাল বাইক ৰেলী - INDEPENDENCE DAY 2024

স্বাধীনতা দিৱসৰ আকৰ্ষণ: প্ৰত্যেক বছৰেই এইবাৰো তেজপুৰৰ নেহৰু মৈদানত দেশৰ স্বাধীনতা দিৱস কাৰ্যসূচীত সুৰক্ষা বাহিনীৰ লগতে সেনাইৰ দ্বাৰা এক বিশেষ প্ৰদৰ্শনী কৰা হয় ৷ এইবাৰ প্ৰথমবাৰৰ বাবে অসম ৰাইফলছৰ ৩০ নং বাহিনীৰ মহিলা জোৱানসকলে ভাগ লৈছে । এই পেৰেড আকৰ্ষণীয় মহিলা সকলে সেনাৰ পুৰুষ জোৱানসকলৰ সমান্তৰালভাৱে ভাগ লৈছে ।

অসম ৰাইফলছৰ এই বিষয়াই কয়, "এইবাৰ আমি দ্বিতীয়বাৰৰ বাবে কুচকাৱাজত অংশ লৈছো ৷ অৱশ্যে অসম ৰাইফলছৰ লক্ৰৰাৰ ৩০ নং বাহিনীৰ মহিলা জোৱানসকলৰ লগত প্রথমবৰাৰ বাবে ভাগ লৈছো । মহিলা জোৱানসকলে বিভিন্ন কমবেত প্ৰশিক্ষণ অন্য জোৱানসকলৰ দৰে সমানে অংশগ্ৰহণ কৰে ।"

লগতে পঢ়ক: সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে ধেমাজিত ব্যাপক প্ৰস্তুতি - INDEPENDENCE DAY 2024