তাঁতশালখনেই সপোন, তাঁতশালখনেই ভৰসা...
তাঁতশালেৰে পৰিয়াল চলোৱা এইসকল অভাৱী মহিলাৰ বাবে যেন মূল্যহীন নাৰী দিৱসৰ শ্ল'গান !

Published : March 8, 2025 at 5:34 PM IST
নলবাৰী: আজি আন্তৰ্জাতিক নাৰী দিৱস । নলবাৰী জিলাৰ দক্ষিণ অঞ্চলৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ এখন এনে গাঁও আছে, যিখন গাঁৱৰ এটা চুবুৰীত মহিলাসকলেই পৰিয়ালৰ মূল উপাৰ্জনকাৰী । মহিলাসকলৰ শ্ৰম তথা উপাৰ্জনেৰেই চলি আহিছে পৰিয়ালসমূহ । জিলাখনৰ চতেমাৰী গাঁৱৰ মঠাউৰি চুবুৰীৰ প্ৰতিঘৰ লোক শিপিনী । ব্যস্ত তাঁতশালত ।
নাৰী দিৱসৰ দিনটোতো তেওঁলোক ব্যস্ত তাঁতশালত । যাৰ পৰা উৎপাদন কৰা বস্ত্ৰ বিক্ৰী কৰি দি আহিছে পৰিয়াল পোহপাল । পুৰুষসকল যদিও ভিন্ন কৃষিকাৰ্যত জড়িত তথাপিও পৰিয়াল পোহপালৰ বাবে কেই উপাৰ্জন পৰ্যাপ্ত নহয় । আজিৰ দিনটোৰ মহত্ব কি, সেয়া বুজিও নাপাই তেওঁলোকে । কাৰণ তেওঁলোক সহায়-সাহাৰ্য, অনুদানৰ ক্ষেত্ৰত উপেক্ষিত । যিটো সময়ত নলবাৰী জিলাৰ প্ৰায়কেইটা চৰকাৰী বিভাগৰেই শীৰ্ষ পদবীত অধিষ্ঠিত হৈ আছে নাৰী, সেই সময়তে এইসকল নাৰী এতিয়াও বঞ্চিত বিভিন্ন সা-সুবিধা লাভৰ পৰা ।
নিজৰ উপাৰ্জনেৰে ক্ৰয় কৰা একমাত্ৰ তাঁতশালখনকে জীৱিকাৰ আহিলা হিচাপে লৈ গাঁওখনৰ মহিলাসকলে জীৱন নিৰ্বাহ কৰি আহিছে । তাঁতশালত মুগা, পলিষ্টাৰ সূঁতাৰে, গামোচা, চাদৰ-মেখেলাৰ লগতে বিভিন্ন পাট-মুগাৰ বস্ত্ৰ বৈ বিক্ৰী কৰি যি উপাৰ্জন হয় সেইখিনিৰে নিজৰ পৰিয়াটোক পোহপাল দি অহাৰ লগতে নিজৰ লৰা ছোৱালীক শিক্ষিত কৰি আহিছে ।

কিন্তু নিজৰ শ্ৰমৰ উচিত মূল্য লাভ নকৰা এইসকল নাৰী এতিয়া ক্ষুব্ধ । বিক্ৰীৰ বাবে উপযুক্ত বজাৰ নাপায় এইসকল নাৰীয়ে । যাৰ বাবে কম মূল্যত ওচৰৰ দোকানী নাইবা কোনোবা পাইকাৰী ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰিবলগীয়া হয় উৎপাদিত বস্ত্ৰসমূহ । বছৰ বছৰ ধৰি তাঁতশালখনকে সাৰথি কৰি এইদৰে জীৱন নিৰ্বাহ কৰি আহিছে গাঁওখনৰ মহিলাসকলে ।

নাৰী দিৱসৰ দিনা ঢাক-ঢোল বজাই নাৰীক সন্মান দিলেও চতেমাৰী গাঁৱৰ এইসকল নাৰী যে এতিয়া নিজৰ অধিকাৰৰ পৰা বঞ্চিত তাকে যেন প্ৰমাণ দিয়ে । চৰকাৰ সকলো সুবিধাৰ পৰা বঞ্চিত এই গাঁওখনৰ নাৰীসকলে নাৰী দিৱসৰ দিনাই ক্ষোভ উজাৰি চৰকাৰক সহায়ৰ বাবে আহ্বান জনায় । বানৰ সময়ত এইসকল নাৰীৰ দুখ-দুৰ্দশা কুলাই-পাচিয়ে নধৰা হৈ পৰে ।

ঘৰৰ ভিতৰত পানী সোমোৱাৰ ফলত নিজৰ একমাত্ৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰে । যাৰ বাবে কিছু ক্ষোভ মনত লৈ তথাপিও নিজৰ শ্ৰমত ব্ৰতী হৈ চলাই গৈছে জীৱন । আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা অসমৰ হস্ত-তাঁত বিভাগৰ লগতে মুখ্যমন্ত্ৰীক এইসকলে নাৰীয়ে অকণমান সহায়ৰ বাবে কাতৰ অনুৰোধ জনাইছে । বিভাগটোৱে যদি চকু মেলি চাই তেন্তে অৱস্থা কিছু উন্নত হোৱাৰ আশা এইসকল মহিলাৰ ।

