গুৱাহাটী : ডিব্ৰুগড়ৰ পৰা আঁতৰিল সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন । এতিয়া অসমৰ তিনিখন জিলা ক্ৰমে তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউত বাহাল থাকিল সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ।
ভাৰত চৰকাৰে অধিসূচনা জাৰি কৰি ডিব্ৰুগড়ক অশান্ত অঞ্চলৰ পৰা মুক্ত কৰে । বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অসমৰ চাৰিখন জিলাত আছিল সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন । কিন্তু এতিয়া ডিব্ৰুগড় জিলা ইয়াৰ পৰা মুক্ত হ'ল । আজি ভাৰত চৰকাৰে ডিব্ৰুগড় জিলাক সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ পৰা মুক্ত কৰে ।’’
‘‘ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী কৰাৰ বাবে আমি ভাৰত চৰকাৰক ডিব্ৰুগড়ক সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ পৰা মুক্ত কৰাৰ বাবে আহ্বান জনাইছিলো । আজি ভাৰত চৰকাৰে অধিসূচনা জাৰি কৰি ডিব্ৰুগড়ক সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ পৰা আঁতৰ কৰে ।’’ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় ৷
‘‘এতিয়া তিনিখন জিলা তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউত বাহাল থাকিল সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন । পৰ্যায়ক্ৰমে এইক্ষেত্ৰত ভাৰত চৰকাৰৰ লগত আলোচনা কৰি আমি ভাল ফলাফল লাভ কৰিম ।" তেওঁ কয় ৷
MAJOR WIN FOR ASSAM'S PEACE EFFORTS
— Himanta Biswa Sarma (@himantabiswa) March 27, 2025
My immense gratitude to Hon'ble Prime Minister Shri @narendramodi ji and Hon'ble Union Home Minister Shri @AmitShah ji for removing AFSPA from Dibrugarh. This decision will go a long way in establishing the city as Assam's 2nd capital.
With… pic.twitter.com/onQSEwQuOj
অসমৰ পৰ্যটন ক্ষেত্ৰৰ আন এটা ভাল খবৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "অষ্ট্ৰেলিয়াৰ পিছত জাপান চৰকাৰে অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰৰ বাহিৰে আন সকলো জিলাতে পৰ্যটক অহাৰ ক্ষেত্ৰত থকা বাধা নিষেধ আঁতৰ কৰিছে ।’’
‘‘অষ্ট্ৰেলিয়াৰ পাছত জাপানে অসমক লেভেল-টুৰ পৰা লেভেল-ওৱানলৈ আনিছে । ২৫ মাৰ্চত জাপান চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ ফলত পৰ্যটক অহাৰ ক্ষেত্ৰত থকা বাধা নিষেধ আঁতৰ হ'ল । নিউজিলেণ্ড চৰকাৰৰ লগতো এইক্ষেত্ৰত আলোচনা কৰা হ'ব । যাতে বাধা নিষেধ আঁতৰ হয় ।" মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় ৷