ETV Bharat / state

নিৰ্মীয়মাণ উৰণসেতুৰ তলত মৃত্যু এতিয়া সুলভ: নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ চূড়ান্ত মইমতালি

গুৱাহাটীৰ পদপথত মৰণফান্দ । সাধাৰণ জনতাক পণবন্দী সজাই উন্নয়নৰ নামত গুৱাহাটীত চলিছে তাণ্ডৱ । এক বিশেষ প্ৰতিবেদন ।

The tragic death of an innocent three year old child has exposed the dangerous nature of construction work in Guwahati
গুৱাহাটীৰ পদপথত মৰণফান্দ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 13, 2025 at 2:54 PM IST

12 Min Read
Choose ETV Bharat

গুৱাহাটী: এটি তিনি বছৰীয়া নিষ্পাপ শিশুৰ কৰুণ মৃত্যুৱে উদঙাই দিলে গুৱাহাটী মহানগৰীত চলি থকা নিৰ্মাণকাৰ্যৰ বিপদজনক স্বৰূপটো । উন্নয়ণৰ শ্ল'গান দিন চৰকাৰখনে এখনৰ পাছত আনখনকৈ উৰণ সেতু নিৰ্মাণ কৰি গৈছে যদিও জনতাৰ সুৰক্ষাৰ দিশটোক অলপো গুৰুত্ব দিয়া নাই । সাধাৰণ নাগৰিকক বলিৰ পঠা সজাই উন্নয়নৰ নামত গুৱাহাটীত চলিছে তাণ্ডৱ । কেৱল নিৰ্মাণকাৰ্য বুলিয়েই নহয় মহানগৰীৰ প্ৰায়বোৰ পদপথতেই এতিয়া বিপদজনক হৈ পৰিছে ।

অলপ সাৱধান নহ'লেই বিপদ নিশ্চিত । কাৰণ পদপথৰ শ্লেবসমূহ জৰাজীৰ্ণ হৈ পৰাৰ উপৰি ঠায়ে ঠায়ে মেনহল উন্মুক্ত হৈ আছে । এইবোৰ ইমানদিনে গুৱাহাটী পৌৰ নিগম নাইবা আন সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱা নাছিল । কিন্তু শেহতীয়াকৈ চাইকেল ফেক্টৰী অঞ্চলত উন্মুক্ত মেনহলত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রীয়ে দিয়া নিৰ্দেশৰ পাছতহে সংশ্লিষ্ট কৰ্তৃপক্ষই সাৰ পাইছে । আঁৰ-বেৰ দিয়া হৈছে উন্মুক্ত নলা-নৰ্দমাসমূহত । সেইদৰে পদপথৰ শ্লেবসমূহ মেৰামতি কৰাৰ ব্যৱস্থা কৰা হৈছে । যেন মুখ্যমন্ত্রীৰ নিৰ্দেশৰ অপেক্ষাতহে আছিল !

নিৰ্মীয়মাণ উৰণসেতুৰ তলত মৃত্যু এতিয়া সুলভ (ETV Bharat Assam)

উৰণসেতু নিৰ্মাণৰ নামত হোৱা গাফিলতিৰ বাবেই শিশুকে ধৰি দুজনৰ মৃত্যু:

গুৱাহাটীত উৰণসেতু আৰু পথ-নলা নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানৰ মইমতালি আৰু একাংশ বিষয়াৰ গাফিলতিৰ বাবেই বিগত সময়ছোৱাত কেইবাজন লোকৰ মৃত্যু হৈছে । কিন্তু তাৰ পাছতো লোকনির্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম নাইবা আন দায়িত্ববাহী সংশ্লিষ্ট কৰ্তৃপক্ষৰ গা লৰা পৰিলক্ষিত হোৱা নাই । শেহতীয়াকৈ কালাপাহাৰৰ চাইকেল ফেক্টৰীৰ উৰণসেতুৰ নির্মাণস্থলীত নিৰ্মাণকাৰী ঠিকাদাৰৰ প্ৰতিষ্ঠানৰ ভুলৰ বাবেই এটি তিনিবছৰীয়া কণমানি শিশুৰ কৰুণ মৃত্যুৰ হয় ।

এই ঘটনাক কেন্দ্ৰ কৰি তীব্র প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ হোৱাত আৰক্ষীয়ে উৰণসেতু নিৰ্মাণৰ ঠিকাদাৰী প্রতিষ্ঠানৰ সঞ্চালক অবিনাশ ভাটিয়া আৰু তেওঁৰ দুজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰাৰ দৰে হৈছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মুখ্য সচিবৰ তত্ত্বাৱধানত শিশুটিৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰি থকা হৈছে যদিও দায়িত্বত থকা অভিযন্তা-বিষয়াক তদন্তৰ আওতালৈ কিয় অনা হোৱা নাই বুলি প্রশ্ন উঠিছে ।

এই সন্দৰ্ভত চাইকেল ফেক্টৰী অঞ্চলৰ শিক্ষক বসন্ত চৌধুৰীয়া কয়, "উৰণসেতু নিৰ্মাণ কৰি আছে তাত আমাৰ কোনো আপত্তি নাই । কিন্তু নিৰ্মাণকাৰ্য চলাই থকাৰ সময়ত ল'ব লগা সাৱধানতা নোলোৱাটোত আমাৰ আপত্তি আছে । দৈনিক হাজাৰ হাজাৰ লোকৰ অহা-যোৱা চলি থকা এই লখৰা-নেপালী মন্দিৰ পথটোত ৰাইজৰ সুৰক্ষাৰ কথাটোত অলপো গুৰুত্ব দিয়া নাই । যাৰ বাবে এটি নিষ্পাপ শিশুৱে কৰুণ মৃত্যু সাবতি ল'ব লগা হ'ব । ইয়াৰ বাবে জগৰীয়া কোন । নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ তিনিজনক গ্ৰেপ্তাৰ কৰিলেই নহ'ব । দায়িত্বত থকা সংশ্লিষ্ট চৰকাৰী বিভাগৰ বিষয়াসকলো ইয়াৰ বাবে জগৰীয়া ।"

শিক্ষকগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি লগতে কয়,"নিৰ্মীয়মাণ চলাই থকাৰ সময়ত অভিযন্তা আৰু ঠিকাদাৰী প্রতিষ্ঠানে যিবোৰ সুৰক্ষামূলক ব্যৱস্থা ল'ব লাগে, সেয়া লোৱা নাছিল । যাৰ ফলত যোৱা এটা মাহত এটি শিশুকে ধৰি এই পৰ্যন্ত দুজন লোকৰ উক্ত নিৰ্মাণস্থানত মৃত্যু হৈছে । শিশুটিৰ পূৰ্বে এজন শ্ৰমিকৰ বিদ্যুতৰ সংস্পৰ্শলৈ অহাৰ বাবে মৃত্যু হৈছিল । পথটোত প্ৰায়ে সৰু-সুৰা দুৰ্ঘটনা হৈয়ে থাকে । বৰষুণ দিলে পথৰ মাজত থকা গাঁতসমূহত প্ৰায়ে দুচকীয়া বাহন বাগৰি পৰে ।"

The tragic death of an innocent three year old child has exposed the dangerous nature of construction work in Guwahati
নিৰ্মীয়মাণ উৰণসেতুৰ তলত মৃত্যু এতিয়া সুলভ (ETV Bharat Assam)

লখৰা-নেপালী মন্দিৰ পথত নিৰ্মিয়মান উৰণসেতু আৰু জনতাৰ দুৰ্ভোগ:

গুৱাহাটীৰ অন্যতম এটা ব্যস্ত পথ হৈছে নেপালী মন্দিৰৰ পৰা লখৰা সংযোগী এ কে আজাদ ৰোড । দৈনিক হাজাৰ হাজাৰ লোকৰ চলাচল হোৱা এই পথটোত কালাপাহাৰৰ (বৰ্তমানৰ আৰ্য নগৰ) পৰা লালগণেশলৈ নিৰ্মাণ কৰি থকা হৈছে এখন উৰণ সেতু । সেতুখনৰ দৈৰ্ঘ ৩.২৫ কিলোমিটাৰ । উৰণ সেতুখন নিৰ্মাণৰ প্রাককলন ব্যয় নিৰ্দ্ধাৰণ কৰা হৈছিল ২৮৯.২৫ কোটি টকা ।

উৰণ সেতুখন নিৰ্মাণ কৰি থকাৰ বাবে পথটো লুটুমাৰ পৰা ৱানৱে কৰি দিয়া হৈছে । অৰ্থাৎ নেপালী মন্দিৰ দিশৰ পৰা লখৰা অভিমুখে যাব পাৰি । কিন্তু লখৰাৰ পৰা লাল গণেশলৈ অহাৰ পিছত লুটুমাৰ পৰা ৱানৱে কৰি দিয়া হৈছে । অৰ্থাৎ লুটুমাৰ পৰা বাহনসমূহ নেপালী মন্দিৰ অভিমুখে যাব নোৱাৰে । লুটুমাৰ পৰা বৰ্ষাপাৰা, ধীৰেনপাৰা হৈ বিষ্ণুপুৰ নাইবা ফটাশিল হৈ বাহনসমূহ যাবলৈ দিয়া হৈছে । যাৰ ফলত বিকল্প পথটোত ব্যাপক যানজঁট হয় । তথাপিও এইখিনিলৈ ঠিকেই আছে । কিন্তু উৰণসেতু নিৰ্মাণ কৰি থকা লালগণেশৰ পৰা কালাপাহাৰলৈ সমগ্ৰ পথচোৱাত সুৰক্ষামূলক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ।

ঠায়ে ঠায়ে পৰি আছে নিৰ্মাণকাৰ্যত ব্যৱহাৰ হোৱা ৰদকে আদি কৰি বিভিন্ন সামগ্ৰী । আনহাতে সমগ্ৰ পথচোৱা খলা-বমা । ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁত । ইফালে ৰাস্তাৰ দুয়োকাষে নলা তথা পদপথ নিৰ্মাণ কৰি থকা হৈছে যদিও জনতাৰ সুৰক্ষাৰ দিশটোক অলপো গুৰুত্ব দিয়া হোৱা নাই । নলাসমূহ খান্দি গৈছে যদিও উন্মুক্ত কৰি ৰাখিছে । যাৰ ফলত পথটোৰে দৈনিক অহা-যোৱা কৰা হাজাৰ হাজাৰ লোকে এক বিপদসংকুল পৰিস্থিতিৰ মাজেৰে যাতায়াত কৰিবলগীয়া হয় । শেহতীয়াকৈ শিশুটিৰ মৃত্যু আৰু মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছত বাঁহ লগাই নামত বেৰিকেড দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

The tragic death of an innocent three year old child has exposed the dangerous nature of construction work in Guwahati
লখৰা-নেপালী মন্দিৰ পথত নিৰ্মিয়মান উৰণসেতু আৰু জনতাৰ দুৰ্ভোগ (ETV Bharat Assam)

কি কয় স্থানীয় নাগৰিকে:

মৰণফান্দত পৰিণত হৈছে গুৱাহাটীৰ এ কে আজাদ ৰোডত নিৰ্মাণ কৰি থকা উৰণসেতু । উৰণসেতুখনৰ তলত পদে পদে বিপদ । এই সন্দৰ্ভত লালগণেশৰ এগৰাকী বয়োজেষ্ঠ নাগৰিক মনোজ অধিকাৰীয়ে কয়, "নিৰ্মাণকাৰী প্ৰতিষ্ঠান তথা চৰকাৰী কৰ্তৃপক্ষই এতিয়া ৰাইজৰ সুৰক্ষাক কোনো গুৰুত্বই নিদিয়া হৈছে । যাৰ বাবে উৰণসেতুৰ নির্মাণস্থলীৰ ওচৰত সঘনাই দুর্ঘটনা সংঘটিত হয় । ন্যায়ালয়ৰ নিৰ্দেশ আৰু নিৰ্মাণকাৰ্যৰ সময়ৰ নিয়ম মতে বিপদসংকুল স্থানত ছাইনবোর্ড লগোৱা, বেৰিকেড দিয়া, উন্মুক্ত মেনহ'লত ঢাকনি দিয়া, যাতায়াতৰ বাবে পথ চল কৰা আদি ৰাইজৰ সুৰক্ষাৰ তথা সুবিধাৰ কাম ঠিকাদাৰী প্রতিষ্ঠানে কৰিব লাগে ।"

তেওঁ লগতে কয়,"কিন্তু লাল গনেশৰ এইখন বুলিয়েই নহয় গুৱাহাটীৰ কোনো এখন উৰণ সেতুৰে নির্মাণস্থলীত এনেধৰণৰ সুৰক্ষাৰ কাম কৰা পৰিলক্ষিত হোৱা নাই । যাৰ বাবে সমস্যাত পৰিছে জনতা । কোনে শুনিব আমাৰ কথা ।"

আনহাতে কালাপাহাৰ অঞ্চলৰ ব্যৱসায়ী ৰঞ্জিত দাসে কয়,"উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰা দিনাৰ পৰাই আমাৰ অৱস্থা শোচনীয় হৈ পৰিছে । ব্যৱসায়ৰ অৱস্থা একেবাৰে বেয়া । মানুহ দোকানলৈ আহিবই নোৱাৰে । ৰাস্তাত কাম কৰি থকা হৈছে যদিও ব্যৱসায়ী সকলৰ সুবিধা-অসুবিধাৰ প্ৰতি অলপো গুৰুত্ব দিয়া হোৱা নাই । নিজৰ খেয়ালখুচি মতে কাম কৰি গৈছে । কিবা ক'লে কোনেও অলপো গুৰুত্ব নিদিয়ে । সাধাৰণ মানুহৰ যেন কোনো মূল্যই নাই । পথটোত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় । কিন্তু কাৰো কোনো গুৰুত্ব নাই । বেছিকৈ কিবা ক'বলৈয়ো ভয় । ক'লেই বিপদ ।"

সেইদৰে ভাস্কৰ নগৰ অঞ্চলৰ ব্যৱসায়ী প্ৰদীপ বনিকে কয়,"ক'বলৈ ভাষা নাই । উৰণসেতু নিৰ্মাণ কৰি আছে ভাল কথা । কিন্তু মানুহৰ কথাও চিন্তা কৰিব লাগে । এই পথটোৰ লগত বৃহৎ কেইবাটাও অঞ্চলৰ লাখ লাখ লোকৰ কথা জড়িত হৈ আছে । কিন্তু উৰণসেতু নিৰ্মাণ কৰি থকা হৈছে যদিও মানুহৰ কথা অলপো চিন্তা কৰা হোৱা নাই । নিৰ্মাণকাৰ্য চলি থকা স্থানত পদে পদে বিপদ । ইতিমধ্যে বহু কেইটা ঘটনা হৈছে । কেইদিনমান পূৰ্বে এটি শিশুৰ মৃত্যু হৈছিল । তাৰ পূৰ্বে এজনৰ মৃত্যু হৈছিল । গাফিলতি হৈ থাকিব আৰু মানুহ মৰি থাকিব । এয়াই বাস্তৱ ।"

The tragic death of an innocent three year old child has exposed the dangerous nature of construction work in Guwahati
উৰণ সেতু নিৰ্মাণৰ নামত হোৱা গাফিলতিৰ বাবেই শিশুকে ধৰি দুজনৰ মৃত্যু (ETV Bharat Assam)

বৰ্ষাপাৰা অঞ্চলৰ আন এজন সচেতন নাগৰিক ভাস্কৰ মুখাৰ্জীয়ে কয়, "গুৱাহাটীৰ উন্নয়নৰ নামত নিৰাপত্তাৰ দিশটোক ভেঙুচালি কৰি প্ৰশাসন আৰু নিৰ্মাণকাৰী সংস্থাই চৌদিশে গঢ়ি তুলিছে মৰণফান্দ । তাৰ ওপৰতে আকৌ বাট-পথেও লৈছে বিপজ্জনক ৰূপ । পদপথসমূহ হৈছে গুৱাহাটীৰ আন এক আতংকৰ কাৰণ । পদপথৰ লোৰ ৰেলিংবোৰ হৈ পৰিছে মৰণফান্দ । চৌদিশে উন্মুক্ত পদপথ । কি নিৰ্মাণকাৰী সংস্থা, কি গুৱাহাটী উন্নয়ন বিভাগ, কি পৌৰ নিগম, কাৰোৰেই এইবোৰৰ প্ৰতি দায়িত্ব নাই । তাৰেই পৰিণতিত ইতিমধ্যে বহু লোকে অকালতে প্রাণ হেৰুৱাইছে ।"

তেওঁ লগতে কয়,"ঘটনা এটা সংঘটিত হোৱাৰ পাছত দুই-তিনি দিনৰ বাবে তথাকথিত সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হয় । তাৰ পাছতে পুনৰ সকলো ফুটুকাৰ ফেনত পৰিণত হয় । লখৰা-নেপালী মন্দিৰ পথটো এটা অত্যন্ত ব্যস্ত পথ । দিনটোত হেজাৰ হেজাৰ যানবাহন এই পথটোত চলে । নলা আৰু উৰণসেতুৰ কাম একেলগে চলি থকাৰ বাবে পথটোৰে খোজকাঢ়ি যাবলৈয়ে ভয় লাগে । পথটোৰ লগতে পদপথটোতো ইতিপূর্বে কেইবাটাও দুর্ঘটনা সংঘটিত হৈছে । কিন্তু তথাপিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ।"

নাগৰিকৰ জীৱনৰ নিৰাপত্তাক লৈ কোনো গুৰুত্বই নাই চৰকাৰৰ:

শাৰদীয় দুর্গোৎসৱলৈ মাজত মাত্র কেইটামান দিন বাকী । দেৱী দুর্গাক আদৰিবলৈ গুৱাহাটীৰ মণ্ডপে মণ্ডপে এতিয়া ব্যস্ততা । পূজাৰ দিনকেইটাত গুৱাহাটী মহানগৰী লোকে লোকাৰণ্য হৈ পৰিব । পূজাৰ আনন্দ উপভোগ কৰিবলৈ মহানগৰীত অভাৱনীয় ভিৰ হয় । কিন্তু দুৰ্গা পূজাৰ প্ৰাকঃক্ষণত মহানগৰীৰ বিধ্বস্ত বাট-পথসমূহে সাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে । বিশেষকৈ মহানগৰীৰ নিৰ্মিয়মান উৰণ সেতুৰ উপৰি গৰিষ্ঠ সংখ্যক পথ, উপ-পথত সৃষ্টি হৈছে প্ৰকাণ্ড প্রকাণ্ড গাঁত । এই বিধ্বস্ত বাট-পথসমূহত যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখাই দিছে ।

কিন্তু ইয়াৰ প্ৰতি যেন কোনো ভ্রূক্ষেপ নাই সংশ্লিষ্ট বিভাগসমূহৰ । পূজাৰ প্ৰাকক্ষণত বিধ্বস্ত পথ, উপ-পথসমূহ মেৰামতিৰ ব্যৱস্থা কৰা হয় যদিও এইবাৰ বিশেষ তৎপৰতা পৰিলক্ষিত হোৱা নাই । অৱশ্যে মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছত কিছু পদক্ষেপ দেখিবলৈ পোৱা গৈছে । কেৱল বাট-পথেই নহয়, ইয়াৰ কাষে কাষে থকা পদপদসমূহ, ৰাজপথৰ মাজত থকা লোহাৰ ৰেলিংসমূহত বৃহৎ বৃহৎ ফাঁট মেলি সম্প্ৰতি মৰণফান্দলৈ পৰ্যবেশিত হৈছে । ফলত যিকোনো মুহূৰ্তত তথা কিছু অসাৱধান হ'লেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে । মহানগৰীৰ সদাব্যস্ত বহু সংখ্যক পথ ঠায়ে ঠায়ে বিধ্বস্ত হৈ পৰিছে ।

এই সন্দৰ্ভত কাহিলাপাৰাৰ বিশেষ্ট নাগৰিক শৈলেন বৈশ্যই কয়,"শেহতীয়াকৈ গুৱাহাটীৰ বাট-পথসমূহ যথেষ্ট বিধ্বস্ত হৈ পৰিছে । যাৰ ফলত যাতায়াত ব্যৱস্থাটো বিপদজনক হৈ পৰিছে । বাট-পথৰ বেয়া অৱস্থাৰ উপৰি উন্মুক্ত পদপথ সমূহ বিপদজনক হৈ পৰিছে । নাগৰিকৰ জীৱন নিৰাপত্তাক লৈ যেন চৰকাৰখন দায়বদ্ধ নহয় । চৌদিশে কেৱল চৰকাৰৰ উন্নয়নৰ শ্ল'গান যদিও বাস্তৱ ছবিখন পৃথক ।" লক্ষণীয় বিষয় যে মহানগৰীৰ বিধ্বস্ত বাট-পথসমূহ পুনৰ মেৰামতিৰ দাবীৰে অলপতে লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ।

The tragic death of an innocent three year old child has exposed the dangerous nature of construction work in Guwahati
উন্নয়নৰ নামত গুৱাহাটীত চলিছে তাণ্ডৱ (ETV Bharat Assam)

মুখ্যমন্ত্রীৰ নিৰ্দেশ পাছত তৎপৰতা:

উন্মুক্ত নলাত পৰি চাইকেল ফেক্টৰীত এটি শিশুৰ মৃত্যু হোৱা ঘটনাৰ পাছতে শেহতীয়াকৈ দিছপুৰত এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । গুৱাহাটী মহানগৰীৰ উন্মুক্ত পদপথ তথা মেনহলসমূহ সমাগত দুর্গা পূজাৰ আগেয়ে বন্ধ তথা মেৰামতি কৰাৰ বাবে লোকনির্মাণ বিভাগক নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে । বৈঠকত মুখ্যমন্ত্ৰীয়ে নলাৰ আৱৰ্জনা আঁতৰোৱাৰ পিছত ঢাকনি পুনৰ যথাস্থানত স্থাপন কৰাৰ দিশত এটা আদর্শ পৰিচালনা বিধি (এছ অ' পি) প্রস্তুত কৰিবলৈও নিৰ্দেশ প্রদান কৰে ।

লোকনির্মাণ বিভাগে এই কামটোক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি দুৰ্গা পূজাৰ আগেয়ে মহানগৰীৰ সকলো উন্মুক্ত পদপথ তথা মেনহলসমূহ বন্ধ তথা মেৰামতি কৰাৰ কাম সম্পূৰ্ণ কৰি তুলিব লাগিব । তদুপৰি পূজাৰ আগেয়ে নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈকে নির্মীয়মাণ উৰণ সেতুখনৰ চানমাৰি অংশৰ তলছোৱা জনসাধাৰণৰ যাতায়াতৰ বাবে সুচল কৰি তুলিবলৈ লোকনিৰ্মাণ বিভাগক নিৰ্দেশ প্রদান কৰে । মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছতেহে লাহেকৈ বিভাগীয় তৎপৰতা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: জোঁৰ সমদলত দিয়া হ’ল বাধা; জনজাতিকৰণ বিচাৰি মোবাইল ফ্লেছৰ সহায়ত ৰাজপথত প্ৰতিবাদ টাইপাৰ

মই মনে প্ৰাণে বিচাৰো ইউ পি পি এল আৰু বি পি এফ এক হওঁক : মুখ্যমন্ত্ৰী