ETV Bharat / state

অতীজৰে পৰাই পৰম্পৰাগত চিকিৎসা-নিৰাময় জ্ঞানেৰে চহকী উত্তৰ-পূৰ্বাঞ্চল : মন্ত্ৰী কেশৱ মহন্ত - TRADITIONAL MEDICINAL PLANT GARDENS

গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত সংযোজন হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত ঔষধ বিষয়ক বীথিকা । মুকলি হ'ল অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত ঔষধি উদ্ভিদৰ উদ‍্যান ।

Minister Keshab Mahanta
পৰম্পৰাগত ঔষধি উদ্ভিদৰ উদ‍্যান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 21, 2025 at 9:22 AM IST

3 Min Read

গুৱাহাটী : "অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল জৈৱ-বৈচিত্ৰৰে অতি চহকী হোৱাৰ লগতে ঔষধি উদ্ভিদৰ সম্পদৰাজিৰেও পৰিপূৰ্ণ । পুৰণি পৰম্পৰাগত চিকিৎসা আৰু উপশমৰ জ্ঞান-ভাণ্ডাৰেৰে অতীজৰে পৰাই উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য সমৃদ্ধ হৈ আহিছে ।" এই মন্তব্য বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ ।

শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত মন্ত্রীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত ঔষধ বিষয়ক এটা বীথিকাৰ লগতে অঞ্চলটোৰ পৰম্পৰাগত ঔষধি উদ্ভিদৰ উদ‍্যান এখন মুকলি কৰে । কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ তত্বাৱধানত পৰিচালিত বিজ্ঞান কেন্দ্ৰটোৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে অনলাইন টিকট ব্যৱস্থা এটাও মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে ।

Minister Keshab Mahanta
পৰম্পৰাগত ঔষধি উদ্ভিদৰ উদ‍্যান মুকলি (ETV Bharat)

এই উপলক্ষে বিজ্ঞান কেন্দ্ৰটোত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী কেশৱ মহন্তই কয়, "সমগ্ৰ বিশ্বজুৰি এতিয়া ৰোগ নিৰাময় আৰু উপশমৰ ক্ষেত্ৰত পুৰণি পৰম্পৰাগত চিকিৎসা তথা উপশম পদ্ধতিৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে । ভাৰতকে ধৰি বিশ্বৰ প্ৰায়বোৰ দেশতে বৰ্তমান প্ৰাকৃতিক তথা পুৰণি পৰম্পৰাগত চিকিৎসাৰ বিকল্প ব্যৱস্থা জনপ্ৰিয় হ'বলৈ লৈছে ।’’

Minister Keshab Mahanta
পৰম্পৰাগত ঔষধ বিষয়ক বীথিকা মুকলি (ETV Bharat)

‘‘সমান্তৰালকৈ প্ৰকৃতিৰ মাজৰ পৰা কোনো ভেজাল নথকা, স্থায়ী পাৰ্শ্বক্ৰিয়াৰ আশংকা নথকা ঔষধী গছ-বন-লতা আদিৰ পৰা উপলব্ধ পৰম্পৰাগত ঔষধক মানুহে ৰোগ নিৰাময়ৰ বাবে গ্ৰহণ কৰাৰ প্ৰৱণতাও আশাব্যঞ্জকভাৱে বৃদ্ধি পাইছে ।" তেওঁ কয় ৷

Minister Keshab Mahanta
পৰম্পৰাগত ঔষধি উদ্ভিদৰ উদ‍্যানৰ মুকলি অনুষ্ঠানত (ETV Bharat)

গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰই অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে উপলব্ধ ঔষধি উদ্ভিদৰ প্ৰজাতিসমূহ একত্ৰে সংৰক্ষিত হোৱাকৈ ঔষধী উদ্ভিদ উদ্যান এখন গঢ়ি তোলাৰ প্ৰয়াসক মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে ।

Minister Keshab Mahanta
পৰম্পৰাগত ঔষধি উদ্ভিদৰ উদ‍্যান (ETV Bharat)

একেদৰে বিজ্ঞান কেন্দ্ৰটোত উত্তৰ পূৰ্বাঞ্চলৰ পুৰণি পৰম্পৰাগত চিকিৎসা তথা উপশম পদ্ধতিৰ জ্ঞান-ভাণ্ডাৰৰো উপযুক্ত সংৰক্ষণ-সংবৰ্ধন আৰু প্ৰণালীবদ্ধ অধ্যয়নত সুবিধা হোৱাকৈ পৰম্পৰাগত ঔষধ বীথিকাটো স্থাপন কৰা কাৰ্যকো অতি সময়োপযোগী পদক্ষেপ বুলি মন্ত্ৰী মহন্তই অভিহিত কৰে ।

Minister Keshab Mahanta
গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত মন্ত্ৰী কেশৱ মহন্ত (ETV Bharat)

মন্ত্ৰীগৰাকীয়ে লগতে কয়, "আগন্তুক দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চহকী ঔষধী উদ্ভিদৰ সম্পদৰাজিৰ উপযুক্ত সংৰক্ষণ-সংবৰ্দ্ধত তথা অধ্যয়নৰ লগতে অঞ্চলটোৰ পুৰণি পৰম্পৰাগত চিকিৎসা তথা নিৰাময় ব্যৱস্থাৰ জ্ঞান-ভাণ্ডাৰটোও আধুনিক বিজ্ঞানৰ সংস্পৰ্শৰে অধিক সমৃদ্ধ কৰাত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ এই ঔষধী উদ্যান আৰু পৰম্পৰাগত চিকিৎসা বিষয়ক বীথিকাই মহত্বপূৰ্ণ অৰিহণা যোগাব বুলি আমাৰ বিশ্বাস ।’’

Minister Keshab Mahanta
শিক্ষাৰ্থীৰ সৈতে মন্ত্ৰী কেশৱ মহন্ত (ETV Bharat)

‘‘সময়োপযোগী এই বিশেষ পদক্ষেপৰ বাবে ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদ তথা ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ গুৱাহাটীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শলাগ লৈছো ।" তেওঁ কয় ৷

Minister Keshab Mahanta
পুৰণি পৰম্পৰাগত চিকিৎসা আৰু উপশমৰ কিছু আভাস (ETV Bharat)

উদ্বোধনী অনুষ্ঠানত অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ (এছটেক) সঞ্চালক ড৹ জয়দীপ বৰুৱা, ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ সঞ্চালক সুজয় মজুমদাৰৰ লগতে মহানগৰীৰ একাধিক বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

Minister Keshab Mahanta
গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ (ETV Bharat)
লগতে পঢ়ক : নলবাৰীত ৭ গৰাকী বিশিষ্ট ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.