ETV Bharat / state

বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে সৰৱ তিনিচুকীয়া জিলা বিজেপি; ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ - MLA SUREN PHUKAN

শেহতীয়াকৈ বিধায়ক সুৰেন ফুকনৰ কিছু কৰ্মকাণ্ডত ক্ষোভিত হৈ পৰিছে খোদ নিজ দলৰে জিলা সমিতি ।

MLA Suren Phukan
বিধায়ক সুৰেন ফুকন (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 12:10 AM IST

3 Min Read

তিনিচুকীয়া : বিগত কিছুদিনৰ পৰা ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ কিছু কৰ্মকাণ্ডৰ বিষয়ে চৰ্চিত হৈ আহিছে । শেহতীয়াকৈ বিধায়ক সুৰেন ফুকনৰ কিছু কৰ্মকাণ্ডত ক্ষোভিত হৈ পৰিছে খোদ নিজ দলৰে জিলা সমিতি । তেনে কিছু কৰ্মকাণ্ডৰ সন্দৰ্ভত ১৯ মে’ত তিনিচুকীয়া জিলা বিজেপিৰ কাৰ্যালয়ত জিলা বিজেপিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় আৰু সেই কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্তমৰ্মে বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ জিলা বিজেপিৰ সভাপতি কুশকান্ত বড়াই এখন পত্ৰ প্ৰেৰণ কৰে ৷ লগতে পত্ৰখনৰ প্ৰতিলিপি ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক প্ৰভাৰী আৰু জিলা প্ৰভাৰীলৈ প্ৰেৰণ কৰা হয় ।

পত্ৰখন উল্লিখিত অনুসৰি, “যোৱা ১ মে', ২০২৫ তাৰিখে ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ সৈতে বিগত পঞ্চায়তৰ কাৰ্যকালৰ বিজেপি দলৰ এগৰাকী ৱাৰ্ড সদস্যা তথা বর্তমান পঞ্চায়ত নিৰ্বাচনৰ এগৰাকী প্রার্থী জোনমণি মৰাণৰ সৈতে হোৱা ঘটনাৰ পাছত দলৰ সক্রিয় সদস্যপদ নথকা কল্পজ্যোতি ফুকন নামৰ জনৈক ব্যক্তিক মৰাণ সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ বাবে দল-সংগঠন আৰু স্থানীয় বাইজে কল্পজ্যোতি ফুকনক মুণ্ডণ কৰি বাজহুৱাকৈ শাস্তি বিহিছিল । লগতে বিজেপি যুৱ মৰ্চাৰ নামত, কিন্তু দলীয় লেটাৰ পেড ব্যৱহাৰ নকৰাকৈ আৰু জিলা সমিতিৰ সৈতে একো আলোচনা নকৰাকৈ জোনমণি মৰাণৰ বিৰুদ্ধে ডুমডুমা আৰক্ষী থানাত গোচৰ দিছিল ।”

MLA Suren Phukan
ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ তিনিচুকীয়া জিলা বিজেপিৰ (ETV BHARAT ASSAM)

পত্ৰখনত লগতে কোৱা হয় “উক্ত ঘটনা সন্দৰ্ভত জিলা সমিতিৰ তৰফৰ পৰা বিজেপিৰ ৰাজ্যিক সমিতিক অবগত কৰা হৈছিল । যিহেতু কল্পজ্যোতি ফুকন বিজেপি দলৰ কোনো দায়িত্বত নাই আৰু সক্রিয় সদস্যও নহয় । কিন্তু উক্ত ঘটনাৰ আলম লৈ ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনে যোৱা ১৬ মে' ২০২৫ তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক দিগন্ত পাদুনক কুশকান্ত বড়াৰ নেতৃত্বাধীন সমিতিয়ে কিয় উক্ত ঘটনাৰ সৈতে জড়িত দল-সংগঠন আৰু স্থানীয় ৰাইজৰ ওপৰত প্ৰতিশোধ লোৱা নাই বুলি কটুক্তি কৰে আৰু জিলা তথা ৰাজ্যিক সমিতিক অকথ্য গালি-গালাজ পৰাৰ লগতে দল বিৰোধী বহু বেয়া মন্তব্য আগবঢ়াই জিলা আৰু ৰাজ্যিক সমিতিক জনাই দিবলৈকো কটু ভাষাৰে নিৰ্দেসূচক বক্তব্য প্রদান কৰে ।”

“এই সম্পর্কত জিলাৰ সাধাৰণ সম্পাদক দিগন্ত পাদুনে ইতিমধ্যে ৰাজ্যিক সভাপতিক লিখিত ৰূপত অৱগত কৰিছে । পূৰ্বৰ পৰাই বিধায়ক সুৰেন ফুকনে দল তথা দলীয় কার্যকৰ্তাক কৰা দুৰ্য্যৱহাৰৰ বিষয়ে ৰাজ্যিক সমিতি অবগত । সেয়েহে যোৱা ১৯ মে' ২০২৫ তাৰিখে তিনিচুকীয়া জিলা সমিতিৰ এখনি কার্যনির্বাহক সভা অনুস্থিত হয় আৰু সভাৰ সৰ্বসম্মতি ক্রমে ৰাজ্যিক সভাপতিক সাক্ষাৎ কৰি লিখিত আকাৰে প্ৰতিবেদন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । বিধায়ক সুৰেন ফুকনৰ কাৰ্যকলাপে ভৱিষ্যতে দল আৰু কার্যকর্তাসকলক নিশ্চয়কৈ প্ৰভাৱিত কৰিব পাৰে আৰু সাংগঠনিক দিশত দলৰ অতিকৈ ক্ষতি হোৱাৰ সম্ভাৱনাই দেখাই দিছে । সেয়েহে বিষয়সমূহ অৱগত কৰাৰ দিহা কৰা হৈছে ।” পত্ৰখনত লগতে উল্লেখ কৰা হয় ।

লগতে পঢ়ক : জলাশয়ৰ ভূমি বেদখল জয়ন্ত মল্লবৰুৱাৰ, মুখ্যমন্ত্ৰীক উচ্ছেদৰ প্ৰত্যাহ্বান কংগ্ৰেছ নেত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.