যোৰহাট: বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ত সাহিত্য-সংস্কৃতিৰ ডোলেৰে বান্ধিবৰ বাবে শিলচৰত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হ’ব ৷
যোৱা ৯ মাৰ্চত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়স্থিত যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰথমখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷
এইক্ষেত্ৰত অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই অসম চৰকাৰৰ সহযোগিতা কামনা কৰিছে । তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনত দেশ-বিদেশৰ পাঁচশৰো অধিক সদস্য-প্ৰতিনিধি সমন্বয়ৰ সেতু গঢ়িবলৈ সংকল্পবদ্ধ হ’ব ৷
অসম সাহিত্য সভাই উক্ত কাৰ্যনিৰ্বাহক অধিৱেশনত বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । ইফালে মঙলবাৰে শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰাক উপত্যকাত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰিবলৈ আহ্বান জনোৱা প্ৰসংগত সঁহাৰি জনায় ৷
এক বিবৃতিৰ জৰিয়তে সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই বিষয়ত এনেদৰে কয়, "বৰাকবাসী আৰু অসম চৰকাৰৰ সঁহাৰি পালে অসম সাহিত্য সভাই বৰাকত অধিৱেশন পাতিবলৈ সদায় প্ৰস্তুত আছে ৷"
আনহাতে, সাহিত্যিক ড৹ কৰবী ডেকা হাজৰিকাক অসম সাহিত্য সভাৰ বিদ্যায়তনিক কেন্দ্ৰ "প্ৰাচ্য বিদ্যাৰ্ণৱ ড৹ মহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা সংস্থান" ৰ সঞ্চালকৰ দায়িত্ব প্ৰদান কৰা হৈছে । ইতিমধ্যে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সমিতিখনে প্ৰথমৰে পৰাই সাহিত্য সভাৰ পূৰ্বৰ গৰিমা ঘূৰাই অনাৰ স্বাৰ্থত বিভিন্ন কাৰ্যসূচী আৰু পদক্ষেপ গ্ৰহণ কৰি আহিছে ।
লগতে পঢ়ক: IIT গুৱাহাটীৰ নতুন উদ্ভাৱন : অসমৰ পৰম্পৰাগত পানীটেঙাৰ পৰা উপকাৰী বেক্টেৰিয়া চিনাক্ত - IIT GUWAHATI