একাংশৰ সমালোচনা তুংগত, তথাপিও অদ্বিতীয় জামুগুৰিহাটৰ কোচগাঁৱৰ 'কালীয় দমন'
দুশ ত্ৰিশ বছৰ অতিক্ৰম কৰিলে জামুগুৰিহাটৰ কোচগাঁৱৰ 'কালীয় দমন' ভাওনাই । কি বিশেষত্ব এই ভাওনাৰ ? পঢ়ক এই প্ৰতিবেদন ।

Published : August 29, 2025 at 7:45 PM IST
তেজপুৰ: শোণিতপুৰ জিলাৰ ভিতৰত শংকৰীয়া কলা-কৃষ্টিৰ এখন ঐতিহাসিক ঠাই জামুগুৰিহাট । শংকৰীয়া পৰম্পৰা ৰক্ষা কৰাত উল্লেখনীয় ভূমিকা আছে জামুগুৰিহাটৰ কোচগাঁৱৰ ৰাইজৰ । এই গাঁওখনৰ ৰাইজে দুটা শতিকা ধৰি প্ৰতি বছৰে পৰিৱেশন কৰি আহিছে শংকৰদেৱ ৰচিত অংকীয়া নাট ভাওনা 'কালীয় দমন’ । প্ৰত্যেক বছৰেই এইখন নাটক অনুষ্ঠিত হৈ আহিছে ।
চলিত ২০২৫ বৰ্ষত এই নাটখনে দুশ ত্ৰিশ বছৰ পূৰ্ণ কৰিছে । শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বালিসত্ৰৰ অধীনত ১৭৯৫ চনত কোচগাঁৱৰ ৰাইজে প্ৰথম এই নাটখন পৰিৱেশন কৰে আৰু তাৰ পিছত প্ৰতি বছৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিত ‘কালীয় দমন ভাওনা ক্ষেত্ৰ'ত এই নাট পৰিৱেশন কৰিবলৈ লয় ।

এই বছৰ ভাওনাখন বিশেষ কাৰিকৰী কৌশল প্ৰয়োগ কৰি পৰিৱেশন কৰা হয় । এই সন্দৰ্ভত কোচগাঁৱৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি চিত্ৰ বৰাই ই টিভি ভাৰতক ফোন যোগে জনায়, "আমি পূৰ্বতকৈ কাৰিকৰী দিশত কিছু উন্নত কৰিছোঁ । অংকীয়া নাটখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কালীয় দমন কৰাৰ সময়ত গায়ন-বায়ন আৰু একে সময়তে গন্ধৰ্বসকলে পুষ্পবৰ্ষণ কৰে । পূৰ্বতে আমি বাঁহৰ দ্বাৰা নিৰ্মাণ কৰা সজুঁলি ব্যৱহাৰ কৰিছিলোঁ, তাৰ পৰৱৰ্তী সময়ত কাঠৰ সঁজুলি ব্যৱহাৰ কৰি সেই প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ । কিন্ত এইবাৰ আমি লোহাৰে নিৰ্মাণ কৰা চকৰিৰ দ্বাৰা গন্ধৰ্বসকলক উপস্থাপন কৰিছোঁ । এই ভাওনাভাগ সম্পূৰ্ণ মহাপুৰুষৰ বজ্ৰাৱলী ভাষাৰে হয় । আনহাতে এই ভাওনাত মহিলাই কোনো ভাও নিদিয়ে, সকলো পুৰুষেহে এই ভাও প্ৰদৰ্শন কৰে ।"

উল্লেখনীয় যে 'কালীয় দমন' হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৰচনা কৰা ছয়খন অংকীয়া নাটকৰ মাজৰ দ্বিতীয়খন ঐতিহাসিক নাটক । 'কথাগুৰু চৰিত'ৰ মতে জীৱন মুক্তিৰ অৰ্থে শ্ৰীৰাম আতাই গুৰুজনাক 'কালীয় দমন' নাট ৰচনা কৰিবলৈ অনুৰোধ কৰাৰ বাবে ৰচনা হৈছিল এই নাটখন । ১৭৯৫ চনৰে পৰা প্ৰতি বৰ্ষতে গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে উলহ-মালহেৰে পৰিৱেশিত হয় 'কালীয় দমন' ভাওনা । ইয়াকে লৈ উৎসৱমুখৰ হৈ পৰে কোচগাঁও । কেৱল কোচ গাঁওবাসীয়ে নহয় সমগ্ৰ অঞ্চলটোৰ হেজাৰ হেজাৰ লোকক জড়িত আৰু আকৰ্ষণ কৰি আহিছে এই নাটকখনে ।
অঞ্চলটোৰ এগৰাকী বিশিষ্ট লেখক তথা বিশ্বনাথ জিলাৰ জনসংযোগ বিষয়া ৰঞ্জিত শইকীয়া জনোৱা মতে, "শোণিতপুৰ জিলাৰ পূব ভৰলীপাৰৰ এখন পূৰাতনীয়া গাঁও । এই গাঁৱতে অৱস্থিত বালিসত্ৰৰ প্ৰতিস্থাপক অধিকাৰ শ্ৰীশ্ৰীলক্ষীকান্ত অধিকাৰদেৱৰ উদ্যোগতে সৰ্বপ্ৰথম ১৭৯৫ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে অনুষ্ঠিত কৰা হৈছিল 'কালীয় দমন' নাটৰ ভাওনা । তেতিয়াৰে পৰা কোনো হোঁহকা-পিছলা নকৰাকৈ বিৰামহীনভাৱে একাদিক্ৰমে ধৰি ৰাখিছে এক বিস্ময়কৰ পৰম্পৰাৰে এই নাটৰ ভাওনা । ভাদ মাহ আহিলেই প্ৰতি বছৰে গুৰুজনাৰ তিথিত আজিও সভক্তিৰে পাতি আহিছে এই কালীয় দমন নাটৰ ভাওনা উৎসৱভাগ ।"
তেওঁ লগতে উল্লেখ কৰে,"ভাদ মাহ আহিলেই কোন কোন সংগঠনৰ 'খেল', ‘পন্থা'ৰ প্ৰশ্ন নাই - বৰঞ্চ সমগ্ৰ গাঁওখনেই ডেকা-বুঢ়া নির্বিশেষে উলাহৰ উখল-মাখলত ‘তই থাক মই যাঁও’ অৱস্থা এটাৰ সৃষ্টি হয় । ধৰ্মীয় ৰীতি-নীতি, আদর্শ, জাত-কুল একোৰে ভেদাভেদ নাই । কালীয় দমন ভাওনা পতাৰ ক্ষেত্ৰত সকলো একাকাৰ হৈ পৰে । নক'লেও হয় যে বিভিন্ন সম্প্ৰদায়ৰ মিলনক্ষেত্র কোচগাঁও যেন সেই সময়ত হৈ পৰে এটি ভক্তিৰ ফটফটীয়া নিজৰাহে । য'ত নিজৰি নিজৰি অহৰহ বৈ থাকে অনন্ত প্ৰেৰণাময় ভক্তি প্রেম । আজিও জামুগুৰিহাটৰ কোচ গঞাই তেওঁলোকৰ ভক্তিভৰা আচৰণ, ভাওনালৈ আমন্ত্ৰণ কৰি অনা ভকতসকলক হিয়া উজাৰি কৰা সেৱা, আথে-বেথে আগবঢ়োৱা নৈবেদ্যকৰণৰ মাধ্যমত তেওঁলোকৰ উদ্দেশ্যৰ আঁত ধৰিব পাৰি ।"

বিশিষ্ট লেখকগৰাকীয়ে পুনৰ কয়,"নৱপ্ৰজন্মৰ বাবে ক্ৰমাৎ আচহুৱা যেন হৈ পৰা ‘ভাওনা’ কোচগাঁৱত আজিও জীয়াই আছে । মাজতে দুটা বছৰ কৰোণা মহামাৰীৰ বাবে ভাওনা ভাগ উদযাপন কৰাত সাময়িক বাধা আহি পৰিছিল যদিও তাৰ পিছৰে পৰা দুগুন উৎসাহেৰে গঞা ৰাইজে অনুষ্ঠিত কৰি আহিছে ২৩০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰিবৰ বাবে । এক ব্যতিক্ৰমী পৰম্পৰাৰে কোচগাঁৱৰ কালীয়দমন নাটৰ ভাওনাত বিবৰ্তনৰ মাজেদিয়েই, বিবৰ্তনৰ সত্ত্বেও ইমান বছৰৰ পিছতো আজি আমাৰ সন্মুখত থিয় দিছে সগৌৰৱে ।"
কোচগাঁৱৰ 'কালীয়দমন' ভাওনা এতিয়া ভাওনা মহোৎসৱলৈ ৰূপান্তৰ হৈছে । ইয়াত কেৱল ভাওনাই প্রদর্শন নহয় ,ভাওনাৰ পূৰ্বৰে পৰা ভক্তই শৰাই শলিতা, নৈবেদ্য দিবলৈ, ভাওনাৰ দিনা চাকি-বন্তি জ্বলাবলৈ অহা আৰু সন্ধিয়া ভাওনা উদযাপনথলী ‘কালীয় দমন ভাওনা ক্ষেত্ৰ'ত সমবেত হয় হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজৰ । সহস্ৰ চাকি বন্তিৰ আলোকৰ শিখাই উজলাই তোলে ভাওনা ক্ষেত্র ।
ৰঞ্জিত শইকীয়াই পুনৰ কয়,"এই ভাওনাৰ পৰম্পৰাৰ বিষয়ে মই বহু বছৰ ধৰি লেখনিৰে অৰিহণা যোগাই অহাৰ লগতে ময়ো জড়িত হৈ পৰোঁ । মোৰ মতে পৰম্পৰা ৰক্ষা কৰা বুলি যদি কোৱা হয় তেন্তে সেয়া প্ৰকৃত অৰ্থত ৰক্ষা কৰাসকলৰ মাজত উল্লেখনীয় হ'ব জামুগুৰিহাটৰ কোচগাঁৱৰ ৰাইজ । এই গাঁওখনৰ ৰাইজে দুটা শতিকা ধৰি প্ৰতি বছৰে পৰিৱেশন কৰি আহিছে 'কালীয় দমন' ।"
তেওঁ লগতে কয়, "এইবেলি এই নাটখনে দুশ ত্ৰিশ বছৰ পূৰ্ণ কৰিছে । শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বালিসত্ৰৰ অধীনত ১৭৯৫ চনত কোচগাঁৱৰ ৰাইজে প্ৰথম এই নাটখন পৰিৱেশন কৰে আৰু তাৰ পিছত বিৰতিবিহীনভাৱে প্ৰতি বছৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিত 'কালীয় দমন ভাওনা ক্ষেত্ৰ'ত এই নাট পৰিৱেশন কৰিবলৈ লয় । আজিও 'কালীয় দমন ভাওনা ক্ষেত্ৰ'ত নৰৰূপী নাৰায়ণৰ সেৱা-শুশ্রূষা কৰি উদ্যোক্তা গঞা ৰাইজে আশিস লোৱাটো নিত্য-নৈমিত্তিক কৰ্তব্যত পৰিণত হৈছে ।"

