ETV Bharat / state

মকৰ সংক্ৰান্তি আৰু পৰশুৰাম কুণ্ডৰ স্নানৰ আছে এক ওতঃপ্ৰোত সম্পৰ্ক

অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ লোহিত জিলাৰ বিখ্যাত পৰশুৰাম কুণ্ড । মাঘ বিহুৰে আছে এই স্থানৰ এক বিশেষ সম্পৰ্ক । এক বিশেষ প্ৰতিবেদন ।

The significance of Makar Sankranti and Parshuram Kund
মকৰ সংক্ৰান্তি আৰু পৰশুৰাম কুণ্ডৰ স্নানঃ তাৎপৰ্য কি ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 14, 2025 at 11:03 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: আজি মাঘ বিহু । অসমীয়াৰ চহা জীৱনৰ এক অনবদ্য অংগ তথা বিহু উৎসৱ পালন । পুহ আৰু মাঘ মাহৰ সংক্ৰান্তি দিনত এই মাঘ মাহৰ বিহু উদযাপন কৰা হয় । সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ এই উৎসৱ পালন কৰা হয় যদিও ইয়াৰ নাম সকলোতে বেলেগ । উত্তৰত ভাৰতত লহৰী, দক্ষিণ ভাৰতত পোংগল, পশ্চিম অংশত মকৰ সংক্ৰান্তি, গুজৰাটে ইয়াক উত্তৰায়ণ বুলি কয় । মুঠতে একেটা উৎসৱ নাম বেলেগ বেলেগ ।

এই সংক্ৰান্তিৰ দিনত উত্তৰ পূৰ্বাঞ্চলৰ এক মাত্ৰ পৱিত্ৰ স্থান অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ লোহিত জিলাৰ বিখ্যাত পৰশুৰাম কুণ্ড । লোহিত নদীৰ বক্ষত এই স্থান অৱস্থিত । আজিৰ এই সংক্ৰান্তিৰ দিনত দেশ-বিদেশৰ ভক্তই লোহিত নদীৰ এই কুণ্ডত পৱিত্ৰ স্নান কৰি নিজৰ আত্মাৰ শান্তি কামনা কৰে । অৰুণাচল প্ৰদেশ চৰকাৰে ১৩ জানুৱাৰীৰ পৰা ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মহাকুম্ভ মেলাৰ আয়োজন কৰিছে পৰশুৰাম কুণ্ডত । ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী চাউনা মিন, সাংসদ তাপীৰ গাৱ, লোহিতৰ বিধায়ক মহেশ চাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

The significance of Makar Sankranti and Parshuram Kund
মকৰ সংক্ৰান্তি আৰু পৰশুৰাম কুণ্ডৰ স্নান (ETV Bharat Assam)

উপ-মুখ্যমন্ত্ৰী চাউনা মিনে অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্তব্য কৰে যে,"পৰশুৰাম কুণ্ডৰ এলেকা পৰ্যটকৰ আকৰ্ষণীয় ঠাই হিচাপে গঢ় দিব আৰু ভক্তৰ সুবিধাৰ্থে এই ঠাইখনৰ বাবে চৰকাৰে ১৫০ কোটি টকাৰ ব্যয় কৰিব ।" বিহুৰ দিনা দেশ-বিদেশৰ পৰা অহা বিভিন্ন ভক্তই এই কুণ্ডত পবিত্ৰ স্নান কৰে । কুণ্ডত অনুষ্ঠিত কৰা হৈছে আকৰ্ষণীয় মেলাৰ ।

মকৰ সংক্ৰান্তি হৈছে এক গুৰুত্বপূৰ্ণ তিথি সমগ্ৰ ভাৰতীয়ৰ এক সৌৰ উৎসৱ, একে তাৰিখতে পালন কৰা হ'লেও বিভিন্ন নামেৰে জনাজাত । একে তাৰিখত অনুষ্ঠিত এই উৎসৱক পেড্ডা পাণ্ডুগা, অন্ধ্ৰপ্ৰদেশত মকৰ সংক্ৰান্তি, কৰ্ণাটক, তেলেংগনা আৰু মহাৰাষ্ট্ৰত মকৰ সংক্ৰান্তি, তামিলনাডুৰ পোংগল, অসমত মাঘ বিহু, মধ্য আৰু উত্তৰ ভাৰতৰ কিছু অংশত মাঘমেলা নামেৰে জনা যায় । তদুপৰি কেৰালাত সংক্ৰান্তি বা শংকৰান্তি আৰু অন্যান্য নামেৰে লোকসকলৰ মাজত প্ৰচলিত এই উৎসৱ ।

সংক্ৰান্তিত স্নান:

এই স্নান কৰা ঠাই লোহিত নদীৰ তলৰ অংশত অৱস্থিত । ইয়াত এক গুৰুত্বপূৰ্ণ মন্দিৰ আছে । প্ৰতি বছৰে শীতকালত হাজাৰ হাজাৰ তীৰ্থযাত্ৰী এই স্থানলৈ আহে, বিশেষকৈ মকৰ সংক্ৰান্তিৰ দিনা পৱিত্ৰ কুণ্ডত ডুব মাৰিলে পাপ মোচন হয় বুলি বিশ্বাস কৰা হয় ।

The significance of Makar Sankranti and Parshuram Kund
লোহিত জিলাৰ বিখ্যাত পৰশুৰাম কুণ্ড (ETV Bharat Assam)

জনবিশ্বাস:

শাস্ত্ৰৰ মতে ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ ভগৱান পৰশুৰামে এক গম্ভীৰ পাপৰ প্ৰায়শ্চিত্ত বিচৰা ঠাই বুলি বিশ্বাস কৰা হয় এই লোহিত নদীৰ কুণ্ডক । স্থানীয় লোককথা অনুসৰি পৰশুৰামে পিতৃ ঋষি জমদগ্নীৰ আজ্ঞা পালন কৰি কৰুণভাৱে মাতৃ ৰেণুকাৰ কুঠাৰেৰে মূৰ কাটি পেলায় । এই হত্যা কৰাৰ পিছত পৰশুৰামৰ হাতৰ কুঠাৰ এৰাই যোৱা নাছিল । পিতৃ ঋষি জমদগ্নীৰ আদেশমতে পৰশুৰামে পৰৱৰ্তী সময়ত এই বিশাল হ্ৰদত আৱদ্ধ হৈ থকা এই পানীখিনি তেওঁৰ সেইখন কুঠাৰৰে মুকলি কৰি দিয়ে আৰু পৰৱৰ্তী সময়ত সেই নদীয়ে ব্ৰহ্মপুত্ৰ নাম লয় ।

The significance of Makar Sankranti and Parshuram Kund
অৰুণাচল প্ৰদেশৰ বিখ্যাত পৰশুৰাম কুণ্ড (ETV Bharat Assam)

লগতে পঢ়ক: ভোগালীক মঞ্চবিহুলৈ পৰিণত কৰা অসমৰ প্ৰথমখন ভোগালী উৎসৱৰ বিষয়ে আপুনি জানেনে ? - NAGAON BHOGALI FESTIVAL

৫০০ বছৰৰ পাছত ৰাম মন্দিৰত উদযাপন কৰা হ’ব মকৰ সংক্ৰান্তি - MAKAR SANKRANTI 2025