ETV Bharat / state

অসমীয়া গহনালৈ একক স্বীকৃতি; এই সংগ্ৰামৰ আঁৰৰ এগৰাকী বিশেষ মহিলা - ASSAMESE JEWELLERY GI TAG

অসমীয়া গহনাই জি আই টেগ লাভ কৰাৰ ক্ষেত্ৰত জাংফাইৰ স্বত্বাধিকাৰী লখিমী বৰুৱা ভূঞাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ।

GI TAG FOR ASSAMESE JEWELLERY
অসমীয়া গহনালৈ জি আই টেগ;এই সংগ্ৰামৰ আঁৰৰ এগৰাকী বিশেষ মহিলা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 5, 2025 at 3:55 PM IST

4 Min Read

গুৱাহাটী : ৰঙালী বিহুৰ প্ৰাকক্ষণত অসমীয়া গহনাক প্ৰদান কৰা হৈছে ভৌগোলিক সূচাংক অৰ্থাৎ জি আই টেগৰ স্বীকৃতি । যাক লৈ আজি উৎফুল্লিত প্ৰতিগৰাকী অসমীয়া । বহিঃৰাজ্যৰ পৰা আমদানিকৃত নকল অসমীয়া গহনাৰ পয়োভৰৰ সময়তে অসমীয়া গহনাই ভৌগোলিক সূচাংক লাভ কৰাত আনন্দিত হৈ পৰিছে শিল্পীসকলো । কিন্তু অসমীয়া গহনাই জি আই টেগ লাভ কৰাৰ সংগ্ৰাম ইমান সহজ নাছিল ।

অতি দীঘলীয়া আছিল এই সংগ্ৰাম । এই সংগ্ৰামৰ গুৰি ধৰোঁতা সকলৰ মাজৰ অন্যতম হৈছে অসমীয়া গহনাৰ ব্যৱসায়ী তথা গুৱাহাটীস্থিত 'জাংফাই' প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী লখিমী বৰুৱা ভূঞা । এই সন্দৰ্ভত ইটিভি ভাৰতৰ সন্মুখত সমগ্ৰ সংগ্ৰামৰ কথা বৰ্ণনা কৰিলে অসমীয়া উদ্যোগী লখিমী বৰুৱা ভূঞাই ।

অসমীয়া গহনালৈ জি আই টেগ (ETV Bharat)
  • জি আই টেগ লাভৰ ক্ষেত্ৰত অৰিহণা

লখিমী বৰুৱা ভূঞাই কয়, "৮ বছৰীয়া সংগ্ৰামৰ অন্তত শেহতীয়াকৈ অসমীয়া গহনাই জি আই টেগ লাভ কৰাত আনন্দিত হৈ পৰিছো । সেয়া আছিল ২০১৭ চনৰ কথা । সেই সময়ত গামখাৰু প্ৰজেক্ট নামৰ সজাগতা অনুষ্ঠানৰ জৰিয়তে বৰপেটা, নগাঁৱৰ অসমীয়া গহনা বনোৱা শিল্পীসকলক একগোট কৰিছিলো । সকলোৱে জি আই টেগৰ বাবে দাবী জনাইছিল । তাৰ পিছতে মই উদ্যোগ বিভাগলৈ গৈছিলো । তেতিয়া গম পালো অলপ সময়ৰ প্ৰয়োজন হ'ব । তাৰ কিছুদিন পিছত ফিকি নামৰ সংস্থা এটাই মোক এটা বঁটা প্ৰদান কৰিছিল । সেই বঁটাটো তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিছিল । অসমীয়া গহনাৰ উদ্যোগটোলৈ অহা সংকটৰ কথা প্ৰকাশ কৰি অসমীয়া গহনাত জি আই টেগৰ কথা কৈছিলো । তেওঁ কথাটো গুৰুত্ব সহকাৰে ল'লে । তাৰ কিছুদিন পিছতে মোলৈ চিঠি পঠিয়ালে ।"

GI TAG FOR ASSAMESE JEWELLERY
অসমীয়া গহনালৈ জি আই টেগ (ETV Bharat)
  • ক'ভিডৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াত স্থবিৰতা

ক'ভিডৰ সময়ত হোৱা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি তেওঁ কয়, "তেতিয়াই জি আই টেগৰ বাবে উদ্যোগ বিভাগে কামখিনি আৰম্ভ কৰিছিল যদিও ক'ভিড কালত কামখিনি স্থবিৰ হ'ল । তাৰ পিছত ২০২১ ত জি আই টেগৰ প্ৰক্ৰিয়াটোত সেই সময়ৰ নগাঁৱৰ সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত আই এছ আৰণ্যক শইকীয়াই আগভাগ ল'লে ।"

"অসমীয়া গহনাৰ ওপৰত গৱেষণা কৰা গৱেষক জয়া চৌধুৰী, এএছটিইচিৰ সঞ্চালক জয়দ্বীপ বৰুৱাকে ধৰি আটাইকেইগৰাকীয়ে টীম হিচাপে কামখিনি আগবঢ়াই লৈ গ'ল । পৰীক্ষা-নিৰীক্ষাৰ অন্তত 'GI Journal'ত নাম নহাত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ে জনাও । তেওঁ কথাখিনি গুৰুত্বসহকাৰে লয় ।" তেওঁ কয় ।

GI TAG FOR ASSAMESE JEWELLERY
অসমীয়া গহনালৈ জি আই টেগ (ETV Bharat)

"পৰৱৰ্তী সম‌য়ত 'GI Journal'ত নাম আহিল আৰু শেহতীয়াকৈ অসমীয়া গহনাই জি আই টেগ লাভ কৰিলে । এই সম্পূৰ্ণ প্ৰচেষ্টাত মুখ্যমন্ত্ৰীৰ সক্ৰিয় ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ আৰু শলাগ ল'বলগীয়া । তেওঁৰ সবল প্ৰচেষ্টা আৰু মুখ‍্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশেষ সমৰ্থনত এই প্ৰক্ৰিয়া সফল হৈ উঠিল ।" লখিমী বৰুৱা ভূঞাই কয় ।

  • পৰৱৰ্তী পদক্ষেপ কি হ'ব ?

লখিমী বৰুৱা ভূঞাই লগতে কয়, "জি আই টেগ লাভৰ পিছতো অসমীয়া গহনাৰ ওপৰত কৰণীয় যথেষ্ট আছে । আমি পৰৱৰ্তী সময়ত সকলোৰে সৈতে আলোচনাত মিলিত হৈ বহিঃৰাজ্যৰ পৰা আমদানিকৃত অসমীয়া গহনা কিদৰে বন্ধ কৰিব পৰা যায় সেয়া সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব ।"

  • অসমীয়া গহনাৰ ব্যৱসায়ত জড়িত হ'ল কেনেকৈ ?

অসমীয়া গহনাৰ ব্যৱসায় আৰম্ভ কৰা সন্দৰ্ভত লখিমী বৰুৱা ভূঞাই কয়, "১৯৭৫ চনৰ কথা, সেই সময়ত মোৰ দেউতা নগাঁৱৰ প্ৰণৱ বৰুৱাই অসমীয়া গহনাৰ ডিজাইন কৰিছিল । কিয়নো সেই সময়ত অসমীয়া গহনা পিন্ধাৰ হাবিয়াস কমি গৈছিল ।"

GI TAG FOR ASSAMESE JEWELLERY
অসমীয়া গহনালৈ জি আই টেগ (ETV Bharat)

ভূঞাই আৰু কয়, "চিত্ৰশিল্পী হিচাপে দেউতাই অসমীয়া গহনাৰ উদ্যোগতো জীয়াই ৰাখিবলৈ গহনাৰ ডিজাইন কৰিছিল । অসমীয়া গহনাৰ প্ৰতিটো ডিজাইন প্ৰকৃতিৰ পৰা আহিছে । ১৯৯২ চনৰ পৰা মই ঘৰুৱাভাৱে এই উদ্যোগৰ লগত জড়িত হৈ পৰো ।"

লখিমী বৰুৱা ভূঞাই আৰু কয়, "২০০২ত গুৱাহাটীত শ্ব'ৰুম খুলি ব্যৱসায়িক ভিত্তিত লোৱাৰ পিছত বজাৰ খুব ভাল হ'ল । পৰৱৰ্তী সময়ত মোক দেখি নৱপ্ৰজন্মই অসমীয়া গহনাক ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰিলে । যেতিয়া সামাজিক মাধ্যম আহিল । আমি সামাজিক মাধ্যমত দিয়া ফটোৰ ডিজাইনবোৰ লৈ বহিঃৰাজ্যৰ পৰা আমদানিকৃত অসমীয়া গহনা আৰু নকল গহনাৰ পয়োভৰ হ'ল । যাৰ ফলত অসমীয়া গহনাৰ উদ্যোগলৈ সংকট নামি আহিল । এতিয়া জি আই টেগ লাভে অসমীয়া গহনাৰ ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ।"

লগতে পঢ়ক :জি আই টেগে সুৰক্ষিত কৰিবনে অসমীয়া গহনাৰ ভৱিষ্যৎ ? - GI TAG FOR ASSAMESE JEWELLERY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.