ৰঙিয়া: অসমত বৰ্তমান পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলিছে । প্ৰতিটো সমষ্টিতে প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে । নিৰ্বাচনী উত্তেজনাৰ মাজতো কেতিয়াবা প্ৰশ্নৰ উদ্ভৱ হয়-স্বাধীনতাৰ পিছৰ পৰা চলি অহা পঞ্চায়তীৰাজ ব্যৱস্থাৰ ওপৰত ৰাইজৰ আস্থা আজিও অটুট আছে নে ?
এনে প্ৰশ্নৰ উত্তৰ বিচাৰি ইটিভি ভাৰতৰ সাংবাদিক উপস্থিত হৈছিল ৰঙিয়া নগৰৰ গাতে লাগি থকা এখন পঞ্চায়তত, য’ত গ্ৰাম্য জনজীৱনৰ বাস্তৱতা আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ মাজৰ ব্যৱধান স্পষ্ট হৈ পৰে ।
'বুঢ়াগোঁসাঁই গাঁও পঞ্চায়ত', নাম সলনি হ’লেও ভাগ্য অপৰিৱৰ্তিত :
ৰঙিয়া নগৰৰ কাষতে অৱস্থিত এই পঞ্চায়তৰ পূৰ্বৰ নাম আছিল আৰিমত্ত গাঁও পঞ্চায়ত । বৰ্তমান ইয়াৰ নাম সলনি কৰি ‘বুঢ়াগোসাঁই গাঁও পঞ্চায়ত’ কৰা হৈছে । এই পঞ্চায়তৰ এখন গাঁও হৈছে উদিয়ানা গাঁও, য’ত ২০২৩ ৰ গণনা অনুসৰি মুঠ জনসংখ্যা ৫,৩১৬ ।
ইয়াৰ ভিতৰত মহিলা ভোটাৰ ৩,০১৬ আৰু পুৰুষ ভোটাৰ ২,০০৩ । গাঁওখনত প্ৰৱেশ কৰিয়েই প্ৰথমে চকুত পৰে গাঁওবাসীৰ আৰ্থিক দুৰ্বলতা । কৃষিপ্ৰধান এই অঞ্চলত জীৱিকাৰ মূল ভিত্তি কৃষি হ’লেও , গাঁওখনৰ ৰাইজে বহুতো সমস্যাৰে জৰ্জৰিত জীৱন যাপন কৰি আহিছে ।
গাঁওবাসীৰ সমস্যা : উদিয়ানা গাঁৱত স্থানীয় লোকৰ সৈতে কথা পাতি জানিব পৰা গ’ল যে এই অঞ্চলৰ সমস্যাসমূহ যুগ যুগ ধৰি চলি আহিছে । গাঁওখনক ৰঙিয়া সমষ্টিৰ প্ৰথমখন আদৰ্শ গাঁও হিচাপে স্বীকৃতি দিয়া হৈছিল । কিন্তু আদৰ্শ গাঁৱৰ মৰ্যাদা লাভ কৰাৰ পিছতো গাঁওখনৰ উন্নয়নৰ ক্ষেত্ৰত কোনো উল্লেখযোগ্য পদক্ষেপ লোৱা হোৱা নাই । পৰৱৰ্তী সময়ত আদৰ্শ গাঁৱৰ মৰ্যাদা কৰ্তন কৰি পঞ্চায়তৰ নাম সলনি কৰা হ’ল যদিও, ৰাইজৰ জীৱনযাত্ৰাৰ মানদণ্ডত কোনো পৰিৱৰ্তন ঘটা নাই ।
১. পথৰ দুৰৱস্থা, জীৱন–মৰণৰ প্ৰশ্ন:
গাঁওখনৰ বহুতো গুৰুত্বপূৰ্ণ পথৰ অৱস্থা আজিও অত্যন্ত শোচনীয় । বৰষুণৰ সময়ত পথবোৰ বোকা–পানীৰে ভৰি যায়, যাৰ ফলত যাতায়ত ব্যৱস্থা প্ৰায় বন্ধ হৈ পৰে । স্থানীয় নিবাসী হাফিজুদ্দিন আহমেদে আক্ষেপেৰে কয়, “স্বাধীনতাৰ ৭৭ বছৰ পিছতো আমাৰ পঞ্চায়তৰ পথবোৰৰ অৱস্থা একেই আছে । এজাক বৰষুণৰ পিছতেই পথৰ দুৰৱস্থাৰ বাবে যাতায়ত কৰাটো অসম্ভৱ হৈ পৰে । পথৰ এনে অৱস্থাৰ বাবে এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হোৱাৰ নজিৰো আছে ।” এনেবোৰ ঘটনাই ইমান বছৰৰ পৰা গাওঁবাসীৰ মনত গভীৰ ক্ষোভৰ সৃষ্টি কৰি আহিছে ।
২. কৃষকৰ দুৰ্দশা, জলসিঞ্চনৰ অভাৱ আৰু চৰকাৰী সাহায্যৰ পৰা বঞ্চনা:
উদিয়ানা গাঁৱত প্ৰায় ৩৫০ জন কৃষক আছে , যিসকলে প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল । কিন্তু দুখৰ বিষয় যে গাঁওখনৰ প্ৰায় ১,২০০ বিঘা খেতিৰ মাটি থকা স্বত্বেও, এই পথাৰবোৰত জলসিঞ্চনৰ কোনো ব্যৱস্থা নাই । কৃষকসকল সম্পূৰ্ণৰূপে বৰষুণৰ ওপৰত নিৰ্ভৰশীল । জলসিঞ্চন বিভাগৰ দৰে এটা বৃহৎ চৰকাৰী বিভাগ থকাৰ পিছতো এই অঞ্চলৰ কৃষকসকলৰ বাবে কোনো সুবিধা প্ৰদান কৰা নহ’ল ।
ইয়াৰ উপৰিও কৃষক সন্মান নিধিৰ দৰে কৃষকৰ কল্যাণৰ বাবে গ্ৰহণ কৰা আঁচনিৰ সুবিধা গাঁওখনৰ অধিকাংশ কৃষকে লাভ কৰা নাই । উন্নত মানৰ বীজৰ যোগানো নোহোৱাৰ ফলত কৃষকসকলে উৎপাদন বৃদ্ধি কৰিবলৈ অক্ষম ।
স্থানীয় কৃষক গিয়াছুদ্দিন আলীয়ে ক্ষোভ প্ৰকাশ কৰি কয়, “আমি সময়ে সময়ে চৰকাৰী কাৰ্যালয়ত কাগজ–পত্ৰ জমা দিওঁ, কিন্তু কোনো সাহায্য পোৱা নাই । বিভিন্ন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিলে, কিন্তু আমাৰ গাঁওখনৰ কৃষকসকল আজিও চৰকাৰী সুবিধাৰ পৰা বঞ্চিত ।”
৩. খোৱা পানীৰ সমস্যা আৰু চৰকাৰী আঁচনিৰ অপপ্ৰয়োগ:
গাঁওখনত খোৱাপানীৰ যোগানৰ বাবে পাইপলাইন স্থাপন কৰা হৈছে যদিও অধিকাংশ সময়ত পানীৰ যোগান নাথাকে । ফলত গাওঁবাসীয়ে বিশুদ্ধ খোৱাপানীৰ পানীৰ অভাৱত ভুগিবলগীয়া হয় । ইয়াৰ উপৰিও অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি চৰকাৰী আঁচনিৰ সুবিধা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিবাৰৰ পৰিৱৰ্তে ধনী শ্ৰেণীৰ লোকে লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
গাঁওখনৰ বাসিন্দা চলেহা বিবিয়ে কয়,“আমি কাগজ–পত্ৰ জমা দি থাকোঁ, কিন্তু কোনো সাহায্য নাপাওঁ । চৰকাৰী আঁচনিৰ সুবিধা যোগ্য লোকৰ হাতলৈ নগৈ ধনী লোকৰ হাতত পৰে ।”
ৰাজনৈতিক অৱহেলা আৰু ৰাইজৰ হতাশাবহু সময় পাৰ হোৱাৰ পিছত এতিয়া গাঁওবাসীৰ মাজত ৰাজনৈতিক দলৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ পাইছে । তেওঁলোকৰ মাজৰ এজনে কয়,"কংগ্ৰেছ, বিজেপি, অগপ কোনো দলেই গাঁওখনৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ লোৱা নাই ।
চলেহা বিবিয়ে এটা উল্লেখযোগ্য ঘটনাৰ কথা উল্লেখ কৰি কয়,“পূৰ্বতে ৰাইজে কংগ্ৰেছৰ এজন প্ৰাৰ্থীক সভাপতি হিচাপে নিৰ্বাচিত কৰিছিল । কিন্তু তেওঁ জয়ী হোৱাৰ পিছত বিজেপিত যোগদান কৰি ৰাইজৰ সমস্যাবোৰ পাহৰি গ’ল । কংগ্ৰেছ, বিজেপি, চিপিএম সকলো দলৰ প্ৰাৰ্থী আমাৰ গাঁৱৰ পৰা নিৰ্বাচিত হৈছে, কিন্তু আমাৰ সমস্যাৰ সমাধান হোৱা নাই ।”
তথাপিও আস্থা হেৰুৱা নাই ৰাইজে:
দীৰ্ঘদিনীয়া অৱহেলা আৰু সমস্যাৰ মাজতো উদিয়ানা গাঁওৰ ৰাইজে পঞ্চায়তীৰাজৰ ওপৰত আস্থা হেৰুওৱা নাই । আগন্তুক ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । কিন্তু এইবাৰ ৰাইজৰ মানসিকতাত স্পষ্ট পৰিৱৰ্তন দেখা গৈছে । তেওঁলোকে ৰাজনৈতিক দলৰ পৰিৱৰ্তে প্ৰাৰ্থীৰ যোগ্যতা আৰু প্ৰতিশ্ৰুতিৰ ওপৰত ভিত্তি কৰি ভোট দিবলৈ সংকল্পবদ্ধ ।
স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত কয়,“এইবাৰ আমি দল নহয়, প্ৰাৰ্থী চাই ভোট দিম । যিজনে আমাৰ সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি দিব আৰু কাম কৰিব, তেওঁকেই আমি নিৰ্বাচিত কৰিম ।”
পঞ্চায়তীৰাজৰ প্ৰকৃত সফলতাৰ পথ:
উদিয়ানা গাঁৱৰ কাহিনীয়ে অসমৰ গ্ৰামাঞ্চলৰ বহুতো গাঁৱে প্ৰতিনিধিত্ব কৰে । পঞ্চায়তীৰাজ ব্যৱস্থাৰ মূল লক্ষ্য হৈছে গ্ৰাম্য জনজীৱনৰ উন্নয়ন আৰু স্থানীয় সমস্যাৰ সমাধান । কিন্তু বুঢ়াগোঁসাই গাঁও পঞ্চায়তৰ দৰে অঞ্চলত এই লক্ষ্য এতিয়াও আধৰুৱা হৈ আছে । ৰাইজৰ মৌলিক সুবিধাৰ অভাৱ, চৰকাৰী আঁচনিৰ অপপ্ৰয়োগ আৰু ৰাজনৈতিক অৱহেলাই গাওঁবাসীৰ জীৱনক জটিল কৰি তুলিছে । তথাপিও ৰাইজৰ আশা আৰু ভোটৰ প্ৰতি বিশ্বাস অটুট আছে ।
এই নিৰ্বাচনত তেওঁলোকে এনে প্ৰাৰ্থী বাছি উলিয়াবলৈ চেষ্টা কৰিব যিয়ে তেওঁলোকৰ সমস্যাৰ প্ৰতি সচেতন আৰু সমাধানৰ পথ দেখুৱাব পাৰে । পঞ্চায়তীৰাজৰ প্ৰকৃত সফলতা তেতিয়াহে সম্ভৱ যেতিয়া গাঁৱৰ প্ৰতিটো ঘৰত মৌলিক সুবিধা পোহৰৰ দৰে উপলব্ধ হ’ব । উদিয়ানা গাঁৱৰ ৰাইজৰ আকাংক্ষা আৰু সংগ্ৰামৰ কাহিনী আমাক এই বাৰ্তা দিয়ে যে গণতন্ত্ৰৰ সফলতা কেৱল ভোটদানত নহয়, বৰঞ্চ সেই ভোটৰ জৰিয়তে নিৰ্বাচিত জনপ্ৰতিনিধিৰ দায়বদ্ধতাত নিহিত ।