গ্ৰাম্যানুভূতিলৈ আহিলে অনুভৱ কৰিব পাৰিব তাহানিৰ সময়বোৰ
কেনে আছিল আমাৰ অতীজৰ অসমীয়া গ্ৰাম্য সমাজখন । কেনেধৰণৰ সা-সামগ্রী ব্যৱহৃত হৈছিল অতীজত । যদি তাৰ আভাস ল'ব খোজে তেন্তে আহক লখিমপুৰৰ গ্ৰাম্যানুভূতিলৈ ।

Published : March 5, 2025 at 1:58 PM IST
লখিমপুৰ: দেশ-বিদেশৰ পৰ্যটকক হাত বাউলি মাতিছে লখিমপুৰৰ গ্ৰাম্যানুভূতিয়ে । নিৰিবিলি প্ৰাকৃতিক পৰিবেশত জিলিকিছে অতীজৰ অসমীয়া গ্ৰাম্য সমাজখনৰ এক নিটোল প্ৰতিচ্ছবি । গ্ৰাম্য পৰ্যটনৰ ক্ষেত্র গ্ৰাম্যানুভূতিৰ পৰা আমাৰ এক বিশেষ প্ৰতিবেদন ।
গ্ৰাম্যানুভূতি, লখিমপুৰ নগৰৰ পৰা মাথো চাৰি কিলোমিটাৰ নিলগৰ লাহন গাঁৱত আছে গ্ৰাম্য পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ স্বাক্ষৰ বহন কৰা এক গ্ৰাম্য পৰ্যটন ক্ষেত্র গ্ৰাম্যানুভূতি । এই গ্ৰাম্যানুভূতিয়ে এতিয়া দেশ-বিদেশৰ পৰ্যটকক হাত বাউল দি মাতিছে । কেইবা দশকৰ পুৰণি অসমীয়া সমাজখনক সৰ্বাংগীণ ৰূপত তুলি ধৰা হৈছে গ্ৰাম্যানুভূতিত । আহোম ৰাজত্বকালৰ বা তাৰো আগৰ বহু সা-সামগ্ৰীৰে মেটমৰাকৈ ভৰি আছে গ্ৰাম্যানুভূতিত ।
গ্ৰাম্যানুভূতিত প্ৰৱেশ কৰিলে কেইবাদশকৰ পুৰণি অসমীয়া সমাজখনৰ প্ৰতিচ্ছবি উন্মোচিত হয় । যিয়ে কেৱল দেশৰ পৰ্যটককে আকৰ্ষিত কৰা নাই । বিদেশৰ বহু পৰ্যটকেও ভৰি থৈছে গ্ৰাম্যানুভূতিত । স্পেইন, তাঞ্জানিয়া, আফ্ৰিকা, ইজৰাইল, অষ্ট্ৰেলিয়া, আমেৰিকা, নেপাল, বাংলাদেশ, ভূটান আদি বহু দেশৰ পৰ্যটকে ভৰি থৈছে গ্ৰাম্যানুভূতিত । গ্ৰাম্যানুভূতি পৰিদৰ্শন কৰি তেওঁ লোকে হৃদয়ত সাচি লৈ গৈছে পৌৰাণিক অসমীয়া সমাজখনৰ এক বিনন্দিয়া চিত্ৰকল্প ।
দেশৰ বিভিন্ন ৰাজ্যৰ বহু দৰ্শনাৰ্থীৰো আগমন ঘটে গ্ৰাম্যানুভূতিলৈ । শিক্ষার্থী সমাজ আহে জ্ঞান অন্বেষণৰ হেতু । বহু লোকে যান্ত্রিকতাৰে ভৰা প্ৰাত্যহিক জীৱনৰ পৰা অৱসাদ বিচাৰি গ্ৰাম্যানুভূতিলৈ আহি প্ৰাকৃতিক পৰিৱেশত নিজক বিলীন কৰি দিয়ে । গ্ৰাম্য পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি কৰি এতিয়া এনেদৰে উজ্বলিছে গ্ৰাম্যানুভূতি । এই গ্ৰাম্যানুভূতিৰ স্ৰষ্টা হ’ল দিকপল লাহন নামৰ এজন উদ্যমী যুৱক ।

উচ্চ শিক্ষাৰে যুৱক দিকপলে বাচি ল’লে এনে পৰ্যটন ক্ষেত্রৰ উদ্যোগ । নিজে সংস্থাপিত হোৱাৰ লগতে আন বহুতকে তেওঁ সংস্থাপন দিছে । তেওঁৰ বাবে কেৱল অৰ্থোপাৰ্জনেই শেষ কথা নহয় । অৰ্থোপাৰ্জনৰ সমানে অসমীয়া সমাজ জীৱনৰ পৌৰাণিক বাস্তব চিত্রখন দেশে-বিদেশে প্ৰতিভাত কৰাই তেওঁ গৌৰৱবোধ কৰে । তেওঁৰ বাবে এই গৌৰৱ এজন স্বাভিমানী অসমীয়া হোৱাৰ ।
এখন দোলাৰ পৰাই আৰম্ভ হৈছিল গ্ৰাম্যানুভূতিৰ বিশ্বমুখী যাত্রা । এই সন্দৰ্ভত তেওঁ কয়, "এখন ঐতিহাসিক দোলাৰ পৰাই গ্ৰাম্যানুভূতিৰ জন্ম হয় । যিখন দোলাত আমাৰ আজোককাই আজোআইতাক বিয়া কৰাই উঠাই আনিছিল । সেই দোলাখনসহ তাহানিৰ দিনৰ কেতবোৰ সামগ্রী লৈ গ্ৰাম্যানুভূতি আৰম্ভ কৰিছিলোঁ । একক প্ৰচেষ্টাৰে ২০২০ চনৰ পৰা আৰম্ভ কৰা গ্ৰাম্যানুভূতিক ২০২৪ চনৰ পৰা ব্যৱসায়িক ৰূপ দিয়া হয় । দেশ-বিদেশৰ পৰ্যটকৰ লগতে শিক্ষার্থী সমাজৰ বাবে এতিয়া গ্ৰাম্যানুভূতি আকৰ্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে ।"
গ্ৰাম্যানুভূতিত ডেৰশ বছৰীয়া পুৰণি দোলা, ১৭ শ শতিকাৰ সাঁচি পাতৰ পুথি, এশ বছৰৰো পুৰণি বানকাঁহী, আহোম ৰাজত্বৰ কালৰ হেংদাং, ১৫ শ শতিকাৰ লোটা, মাটি খান্দোতে ওলোৱা চৰিয়া, বাঁহৰ জপা, তুলাচনী, কাঠৰ চৰীয়া আদিৰ লগতে ইংৰাজৰ দিনৰ অনুজ্ঞাপত্ৰ থকা ৰেডিঅ', পুৰণি মূদ্রা, গ্ৰামোফোন, জয়মতী কথাছবিৰ ৰেকৰ্ড, গৰুগাড়ী, ক'লাবগা টিভি, মেন্থেল লাইটৰ পৰা সকলো পুৰণি সা-সামগ্রীৰে গ্ৰাম্যানুভূতি সজাই তোলা হৈছে ।

প্ৰতিদিনে কমেও দুখনকৈ বিদ্যালয়ৰ ছাত্র-ছাত্রীসকল গ্ৰাম্যানুভূতিলৈ আহে । তেওঁলোকক আমি কাহিনী আকাৰে পুৰণি অসমীয়া সমাজৰ সম্পদসমূহৰ সৈতে চিনাকি কৰাই দিও । গ্ৰাম্যানুভূতিৰ বিষয়ে আৰু বিৱৰি দিকপল লাহনে কয়, "গ্ৰাম্যানুভূতিৰ চৌহদত হেটুলুকা বৃক্ষ বিলাস নামেৰে এজোপা ঔটেঙা গছত এটা তিনিমহলীয়া ঘৰ নিৰ্মাণ কৰা হৈছে । প্ৰতিটো মহলকে কলাত্মক ৰূপত সজাই তোলা হৈছে । এই বৃক্ষ বিলাস গ্ৰাম্যানুভূতিৰ আন এক আকৰ্ষণৰ কেন্দ্রবিন্দু । গ্ৰাম্যানুভূতিৰ পৰা ওলাই যোৱা প্ৰতিজন লোকে এক সুন্দৰ প্ৰকৃতিৰ চিত্রকল্প লৈ যোৱাৰ লগতে পুৰণি অসমীয়া সমাজ জীৱনৰ চিত্র প্ৰত্যক্ষ কৰি হৃদয় ভৰি যায় ।"
পিছে গ্ৰাম্যানুভূতিৰ স্ৰষ্টা দিকপলৰো আছে অভিমান । অসমীয়া হিচাপে গৌৰৱ কৰি, অসমীয়া সমাজক বিশ্বৰ আগত তুলি ধৰি গ্ৰাম্য পৰ্যটনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে আনকো সংস্থাপন দিয়া দিকপল বহু প্ৰত্যাহ্বান ৰ সন্মুখীন হ’বলগীয়া হৈছে । একাংশ অসচেতন লোকৰ গুটখা আদি খোৱাৰ অভ্যাসে গ্ৰাম্যানুভূতিৰ পৰিৱেশক প্ৰদূষিত কৰা, নেতিবাচক সমালোচনা আদিয়ে তেওঁক দুখ দিয়ে ।
তেওঁ কয়, "গ্ৰাম্য অৰ্থনীতিত প্ৰভাৱ পৰাকৈ গ্ৰাম্যানুভূতিক গঢ় দিয়া হৈছে । কিন্তু একাংশ নিজৰ মানুহৰ পৰাই নেতিবাচক সমালোচনাৰ সন্মুখীন হৈছোঁ । বহু কষ্টৰে গ্ৰাম্যানুভূতিক গঢ় দিছোঁ । ষোল্লজনক সংস্থাপন দিছোঁ । অঞ্চলটোত গ্ৰাম্যানুভূতিক কেন্দ্র কৰি পৰোক্ষভাৱে বহুজনে আৰ্থিকভাৱে লাভাম্বিত হৈছে । তাৰ পিছতো একাংশই নেতিবাচক সমালোচনা কৰিছে ।"
লাহনে লগতে কয়, "পৰ্যটন বুলিলে একাংশই মদ্যপান কৰি এক হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাটোকে বুজে । গুটখা আদি খাই পৰিৱেশ লেতেৰা কৰাটোহে বুজে । কিন্তু গ্ৰাম্যানুভূতি এই সকলোবোৰৰ পৰা মুক্ত । মই গ্ৰাম্যানুভূতিক এক নিকা নিৰ্মল পৰিৱেশত ৰখাৰ হকে কাম কৰি আছোঁ । এনেদৰে উজলিছে গ্ৰাম্যানুভূতি ।"
দিকলপ লাহনৰ মানসপুত্র গ্ৰাম্যানুভূতিৰ নাম এতিয়া দেশে-বিদেশে ৰৈ বৈ যোৱা । পুৰণি অসমীয়া সমাজ জীৱনৰ প্ৰতিচ্ছবি অংকিত কৰি বিশ্বমুখী ৰূপ দিয়াত সফল দিকপল লাহন । বহু প্ৰত্যাহ্বান নেওচি বুকুত অসমীয়া হোৱাৰ গৌৰৱ লৈ আগুৱাই গৈছে দিকপল লাহনে ।

