গুৱাহাটী: গুৱাহাটী মহানগৰীত চুৰি-ডকাইতি, হত্যাকাণ্ড, নাৰী নিৰ্যাতন, পথ দুর্ঘটনা, ধর্ষণ আদি নানান অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱালৈ চাই গুৱাহাটী স্মার্ট চিটী লিমিটেডে মহানগৰীখনৰ বিভিন্ন স্থানত চি চি টিভি কেমেৰা সংস্থাপনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে । অপৰাধমূলক কার্যকলাপ ৰোধ কৰিব পৰাকৈ মহানগৰীৰ প্ৰধান পথ, ৰাজহুৱা স্থান, বাছষ্টেণ্ড, বজাৰ, অফিচ-কাছাৰী, শিক্ষা প্ৰতিষ্ঠান, ধর্মীয় উপাসনাস্থলী আদিৰ আশে-পাশে পর্যাপ্ত চি চি টিভি কেমেৰা সংস্থাপনৰ প্ৰয়োজন । কিন্তু সেয়া বহুত বছৰ ধৰি হৈ উঠা নাই ।
উল্লেখ্য যে বিগত বৰ্ষৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গোটেই গুৱাহাটীতে চলিত বছৰৰ পৰাই চি চি টিভি কেমেৰা লগোৱা হ'ব বুলি ঘোষণা কৰিছিল । চৰকাৰে ২০০০টা চি চি টিভি কেমেৰা স্থাপন কৰোৱাৰ সিদ্ধান্ত লৈছিল । শেহতীয়াকৈ গুৱাহাটীত স্মার্ট চিটী লিমিটেডে গুৱাহাটীত চি চি টি ভি কেমেৰা স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
এই সন্দৰ্ভত গুৱাহাটীত স্মার্ট চিটী লিমিটেডৰ প্ৰশাসনিক বিষয়া দীপশিখা শইকীয়াই কয়, "গুৱাহাটী মহানগৰীত ক্ষেত্ৰীৰ পৰা বিমান বন্দৰ পর্যন্ত প্ৰাৰম্ভিক পৰ্যায়ত ৮৩৪টা চি চি টিভি কেমেৰা লগোৱাৰ পৰিকল্পনা লৈছে । ইয়াৰ বাবে ৰাজ্য চৰকাৰে ২২০ কোটি টকাৰ বাজেট নিৰ্দ্ধাৰণ কৰা বুলি জানিব পৰা গৈছে । ইতিমধ্যে ১৭৭ কোটি টকাৰ অনুমোদন দিয়া হৈছে ।"
গুৱাহাটীত স্মার্ট চিটী লিমিটেডৰ প্ৰশাসনিক বিষয়াগৰাকীয়ে কয়,"মহানগৰীৰ জি এছ ৰোডত ইতিমধ্যে ১০০ টা চি চি টিভি কেমেৰা লগাব পৰাকৈ যাৱতীয় খুঁটা পোতা হৈছে । চিচি টিভি কেমেৰাসমূহ সুন্দৰভাৱে নিয়ন্ত্ৰণ কৰিব পৰাকৈ খানাপাৰাত নৱনিৰ্মিত গুৱাহাটী আৰক্ষী আয়ুক্তালয় ভৱনৰ ওপৰ মহলাত শীঘ্ৰে এটা ইন্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ'ল চেণ্টাৰ' স্থাপনৰ কাম আৰম্ভ হৈছে । এই কেন্দ্ৰটোক বিশ্বমানৰ সা-সুবিধাৰে গঢ়ি তোলা হ'ব ।"
উল্লেখ্য যে কেন্দ্ৰটো চলিত বৰ্ষৰ ছেপ্টেম্বৰ অথবা অক্টোবৰৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে স্মার্ট চিটী কর্তৃপক্ষই । চিচি টিভি কেমেৰা সংস্থাপনৰ লগতে ৫ বছৰৰ বাবে চোৱা-চিতাৰ দায়িত্বত থাকিব হানিৱেল অটোমেচন ইণ্ডিয়া প্ৰাইভেট লিমিটেড । চিচি টিভি কেমেৰাসমূহ মহানগৰীৰ বিভিন্ন স্থানত সংস্থাপন হ'লে অপৰাধজনিত ঘটনা হ্ৰাস পোৱাৰ লগতে অপৰাধীক সহজে চিনাক্ত কৰাত সহায়ক হ'ব বুলি আশা কৰা হৈছে ।
২০১৫ চনত অসম আৰক্ষীয়ে মহানগৰখনত আৰক্ষীয়ে ১১ টা স্থানত ২৯০ টা চি চি টিভি কেমেৰা সংস্থাপন কৰিছিল যদিও ইয়াৰে অধিকাংশ বর্তমান বিকল হৈ পৰি আছে । যিসমূহ ভালে আছে সেইবোৰ বিশেষ কাৰ্যক্ষম নহয় । এই চি চি টিভিসমূহ উন্নত মানৰ নাছিল । ২০০ মিটাৰতকৈ অধিক এলেকাৰ দৃশ্য এই চি চি টিভি সমূহে আৱদ্ধ কৰিব নোৱাৰে । লগতে এইবোৰে আৱদ্ধ কৰা দৃশ্য ২৪ ঘন্টাৰ বেছি সময় ৰেকৰ্ডিং কৰি ৰাখিব নোৱাৰে । কেমেৰাবোৰে নিশা কাৰ্যক্ষম নহয় । যাৰ বাবে আৰম্ভণিৰ পৰা সংস্থাপন কৰা এই চি চি টিভি কেমেৰাবোৰ অপৰাধী চিনাক্ত কৰাৰ ক্ষেত্ৰত সক্ষম নাছিল ।