আৰম্ভ হ'ল গঁড়ৰ খৰ্গৰ ডি এন এৰ নমুনা সংগ্ৰহ প্ৰক্ৰিয়া
বনবিভাগৰ উদ্যোগত কাজিৰঙাত চলিছে দাহ কৰা গঁড়ৰ খৰ্গৰ ডি এন এ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহৰ গুৰুত্বপূৰ্ণ কৰ্মসূচী ৷

Published : July 4, 2025 at 11:31 AM IST
|Updated : July 4, 2025 at 12:27 PM IST
কাজিৰঙা: হয়তু আপোনালোকৰ মনত আছে অসমৰ ইতিহাসৰ সেই বিশেষ দিনটো ৷ সেয়া আছিল ২০২১ চনৰ ২২ ছেপ্তেম্বৰ, বিশ্ব গঁড় দিৱসৰ দিনটো ৷ ২০২১ বৰ্ষৰ সেই দিনটো ৰাজ্যখনৰ এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হয় ৷ কিয়নো উক্ত দিনাই ৰাজ্যখনৰ বিভিন্ন মালখানাত জমা হৈ থকা ২,৪৭৯ টা গঁড়ৰ খৰ্গ বিভাগীয়ভাৱে দাহ কৰা হৈছিল ৷
মূলত গঁড়ৰ খৰ্গৰ যে কোনো ঔষধি গুণ নাই সেই কথা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি অন্ধবিশ্বাস দূৰ কৰাৰ উদ্দেশ্যেই এই পদক্ষেপ হাতত লোৱা হৈছিল ৷ বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তথা উপস্থিতিত এই সমগ্ৰ কাৰ্যসূচী সম্পন্ন হৈছিল ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া অৰুণ ভিগনেছে সংবাদ মাধ্যমক জানিব দিয়া মতে, উক্ত দিনা খৰ্গ দাহৰ পূৰ্বে গঁড়ৰ খৰ্গসমূহৰ এটা অংশ গৱেষণা কৰাৰ উদ্দেশ্যে সংগ্ৰহ কৰি কাজিৰঙাত ৰখা হৈছিল ৷ তেতিয়াৰে পৰা সংৰক্ষণ কৰি ৰখা উক্ত গঁড়ৰ খৰ্গৰ অংশসমূহৰ আজিৰে পৰা পদ্ধতিগতভাৱে ডি এন এৰ নমুনা সংগ্ৰহ কৰা কাম বনবিভাগে আৰম্ভ কৰিছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ অধীনত থকা শতবৰ্ষ উদযাপন প্ৰেক্ষাগৃহত জিনীয় বিশেষজ্ঞ, পৰ্যবেক্ষকৰ উপস্থিতিত এই কাম আৰম্ভ কৰা হৈছে ৷ বন সংমণ্ডল প্ৰাধিকাৰী ভিগনেছে কয়, "গঁড়ৰ খৰ্গৰ ডি এন এ ৰ নমুনা সংগ্ৰহৰ পিছত সেইসমূহ ডেৰাডুনস্থিত Wildlife Institute of India লৈ প্ৰেৰণ কৰা হ’ব; য’ত দক্ষ বিশেষজ্ঞই ডি এন এৰ তথ্য বিশ্লেষণ কৰি বিশেষ প্ৰক্ৰিয়াৰে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব ৷"

তেওঁ লগতে কয়, "যাৰ দ্বাৰা কেতিয়াবা যদি কোনো গঁড়ৰ খৰ্গ ধৰা পৰে তেন্তে এই তথ্যৰ পৰা খৰ্গটো ক’ৰ সেই সন্দৰ্ভত তথ্য লাভ কৰিব পৰা যাব ৷ এই প্ৰক্ৰিয়াই তদন্ত আৰু অনুসন্ধানত সহায় কৰাৰ লগতে বৈজ্ঞানিক গৱেষণা আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণত সহায় কৰিব ৷"

ভিগনেছে লগতে উল্লেখ কৰে, "ৰাজ্যৰ বনবিভাগৰ চীফ ৱাইল্ড লাইফ ৱাৰ্ডেনৰ সভাপতিত্বত Wildlife Institute of India আৰু বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা আৰণ্যকৰ দুজন জিনীয় বিশেষজ্ঞ তথা চাৰিগৰাকী স্বতন্ত্ৰ পৰ্যবেক্ষকক লৈ গঠন কৰা সমিতিৰ তত্বাৱধানত বৃহস্পতিবাৰৰ পৰা এয়া আৰম্ভ হৈছে ৷"

আনহাতে, জানিব পৰা মতে, অতি গুৰুত্বপূৰ্ণ এই কাম সম্পাদন কৰোতে বিশেষজ্ঞসকলে প্ৰতিটো পদক্ষেপ অতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰিব লগা হৈছে ৷ যাৰ বাবে দুহেজাৰতকৈ অধিক সংখ্যক গঁড়ৰ খৰ্গৰ ডি এন এৰ নমুনা সংগ্ৰহ কৰিবলৈ কিছু দিনৰ প্ৰয়োজন হ’ব ৷

উল্লেখ্য যে, দাহ কৰা গঁড়ৰ খৰ্গৰ ভস্মৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিমুখত পোৱালিসহ তিনিটা গঁড়ৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে ৷


