ETV Bharat / state

দুলাল আলীয়ে হাহাকাৰ লগাইছে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত

নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন অভিযুক্তৰ । কাৰাগাৰ কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত ৰুজু গোচৰ । কাৰাগাৰত হাহাকাৰ ।

ACCUSED ESCAPE FROM JAIL
দুলাল আলীয়ে হাহাকাৰ লগাইছে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 5:31 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও: মৰিগাঁও কাৰাগাৰৰ পৰা একেলগে পাঁচজনকৈ অভিযুক্তই পলায়ন কৰা ঘটনাৰ পাছত এইবাৰ নগাঁও কেন্দ্ৰীয় কাৰাগাৰত লাগিল হাহাকাৰ । নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পৰা এজন অভিযুক্তই পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে কাৰাগাৰ কৰ্তৃপক্ষৰ মাজত লগাইছে হাহাকাৰ । নগাঁও আৰক্ষীয়ে এটা চুৰি গোচৰত গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা এটা অভিযুক্তই মঙলবাৰে বিয়লি কাৰাগাৰৰ পৰা পলায়ন কৰে । পলায়ন কৰা অভিযুক্তজনৰ নাম দুলাল আলী ।

নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জনোৱা মতে, বিগত ৯ ফেব্ৰুৱাৰীত নগাঁও চহৰৰ শিয়ালমাৰীৰ পৰা এটা চুৰি গোচৰত গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মাত নগাঁও কেন্দ্ৰীয় কাৰাগাৰত প্ৰেৰণ কৰিছিল দুলাল আলীক । দুলাল আলীৰ বিৰুদ্ধে চুৰি গোচৰত ১০৮/২৫ নম্বৰত এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসে । কিন্তু নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ কটকটীয়া নিৰাপত্তাৰ বেহু ফালি মঙলবাৰে সন্ধিয়া কাৰাগাৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় চুৰি গোচৰত অভিযুক্ত দুলাল আলী ।

ACCUSED ESCAPE FROM JAIL
নগাঁও কেন্দ্ৰীয় কাৰাগাৰ (ETV Bharat Assam)

মঙলবাৰে নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অভিযুক্ত দুলাল আলীয়ে পলায়ন কৰা বুলি অৱগত হোৱাৰ পাছতেই হাহাকাৰ লাগে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ মাজত । অভিযুক্ত দুলাল আলীয়ে পলায়ন কৰাৰ পাছতেই পলায়ন কৰা অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই ।

ইপিনে, মঙলবাৰে নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অভিযুক্ত দুলাল আলীয়ে পলায়ন কৰা সন্দৰ্ভত নগাঁও আৰক্ষীক কাৰাগাৰ কৰ্তৃপক্ষই এখনি এজাহাৰ দাখিল কৰা বুলিও নগাঁও আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে । কাৰাগাৰ কৰ্তৃপক্ষই দাখিল কৰা এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ১১৬/২৫ নম্বৰত আন এক গোচৰ ৰুজু কৰি পলাতক অভিযুক্ত দুলাল আলীৰ সন্ধানত অভিযান আৰম্ভ কৰা বুলিও জানিবলৈ দিয়ে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসে ।

ACCUSED ESCAPE FROM JAIL
নগাঁও কেন্দ্ৰীয় কাৰাগাৰ (ETV Bharat Assam)

স্মৰ্তব্য যে, নগাঁও কেন্দ্ৰীয় কাৰাগাৰত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী থকাৰ পাছতো এটা অভিযুক্তই পলায়ন কৰিবলৈ সক্ষম হোৱা ঘটনাৰ পাছতেই কাৰাগাৰৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে ।

লগতে পঢ়ক: আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰোতেই গুলীবিদ্ধ দুধৰ্ষ ডকাইত