ETV Bharat / state

দুটা শৈক্ষিক বৰ্ষত কমিল আঢ়ৈ লক্ষাধিক শিক্ষাৰ্থী, হ্ৰাস হ'ল দুই সহস্ৰাধিক চৰকাৰী বিদ্যালয়

হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু অসমৰ শিক্ষাখণ্ড । এবছৰতে এজনীয়া শিক্ষকৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ সংখ্যা বৃদ্ধি ২৪৫ খনলৈ । চৰকাৰী শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপ ।

The number of students of government schools has decreased more than two and half lakh in two years
চৰকাৰী শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 29, 2025 at 10:43 PM IST

10 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ পাছতো ৰাজ্যখনৰ চৰকাৰী শিক্ষানুষ্ঠানত উদ্বেগজনকভাৱে হ্ৰাস পাইছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা । মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শর্মাই দায়িত্ব গ্রহণৰ পাছৰে পৰাই অসমত দ্ৰুত গতিত চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । এই কথা আমি কোৱা নাই । এই কথা কৈছে খোদ কেন্দ্ৰীয় চৰকাৰৰ তথ্যই ।

বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত কিমান হ্ৰাস পালে শিক্ষাৰ্থীৰ সংখ্যা:

২০২১-২২ শৈক্ষিক বৰ্ষৰ পৰা ২০২৩-২৪ শৈক্ষিক বৰ্ষৰ মাজত অসমৰ চৰকাৰী বিদ্যালয়সমূহত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংখ্যা ২,৬০,০৯৩ জনলৈ হ্ৰাস পাইছে । আনহাতে সর্বানন্দ সোণোৱালৰ কাৰ্যকালৰ অন্তিম দুটা শৈক্ষিক বর্ষত ছাত্র-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছিল ২,৪৫,৭৭৬ জনলৈ । অর্থাৎ সোণোৱাল চৰকাৰৰ অন্তিম দুটা বৰ্ষত শিক্ষাৰ্থীৰ সংখ্যা যিমান বৃদ্ধি পাইছিল তাতোকৈ অধিক হ্ৰাস পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ প্রথম দুটা শৈক্ষিক বৰ্ষত ।

The number of students of government schools has decreased more than two and half lakh in two years
সোণোৱাল চৰকাৰৰ কাৰ্যকালত চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা (ETV Bharat Assam)

লোকসভাৰ মজিয়াত এই তথ্য সদৰী কৰে কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে । সংসদৰ চলিত অধিৱেশনত তৃণমূল কংগ্ৰেছৰ সাংসদ সৌগত ৰায় আৰু কংগ্ৰেছৰ সাংসদ কিশোৰী লালৰ প্ৰশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে দিয়া বিবৃত্তিত অসমৰ শিক্ষাখণ্ডৰ এই তথ্য উন্মোচিত হৈছে । কেন্দ্ৰীয় শিক্ষামন্ত্রীগৰাকীয়ে দিয়া বিবৃতি অনুসৰি ২০২১ চনৰ ১০ মে'ত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ সময়ত অসমৰ চৰকাৰী বিদ্যালয়সমূহত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৫২,৭৭,৬৭১ গৰাকী ।

ইয়াৰ ঠিক পিছত বছৰটোত অর্থাৎ ২০২২-২৩ শৈক্ষিক বৰ্ষত চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৫১,৫১,৭১০ গৰাকীলৈ হ্ৰাস পায় । অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ প্ৰথম দুটা শৈক্ষিক বৰ্ষৰ মাজত হ্ৰাস পোৱা ছাত্র-ছাত্ৰীৰ সংখ্যা হৈছে ১,২৫,৯৬১ গৰাকী । ইয়াৰ পৰৱৰ্তী বছৰটোত অর্থাৎ ২০২৩-২৪ শৈক্ষিক বৰ্ষত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্রাস পায় ৫০,১৭,৫৭৮ গৰাকীলৈ । মুখ্যমন্ত্ৰী শৰ্মাৰ কাৰ্যকালৰ দ্বিতীয় আৰু তৃতীয় শৈক্ষিক বছৰৰ মাজত চৰকাৰী বিদ্যালয়ত হ্রাস পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ১,৩৪,১৩২ গৰাকী ।

অর্থাৎ দুই বছৰৰ ব্যৱধানত ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ পৰা নোহোৱা হ'ল ২,৬০,০৯৩ গৰাকী ছাত্ৰ-ছাত্ৰী । কেন্দ্ৰীয় মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে প্ৰদান কৰা তথ্য অনুসৰি মুখ্যমন্ত্ৰী হিচাপে সোণোৱালৰ কাৰ্যকালৰ অন্তিম দুটা শৈক্ষিক বৰ্ষৰ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত বৃদ্ধি পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ২,৪৫,৭৭৬ গৰাকী ।

বিস্তাৰিত তথ্য অনুসৰি ২০১৯-২০ শৈক্ষিক বৰ্ষত অসমৰ চৰকাৰী বিদ্যালয়ত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৫০,৩১,৮৯৫ গৰাকী । আনহাতে ২০২০-২১ শৈক্ষিক বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ এই সংখ্যা বৃদ্ধি পালে ৫০,৯৭,৪৩৬ গৰাকীলৈ । বৃদ্ধি পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ৬৫,৫৪১ গৰাকী । একেদৰে ২০২১-২২ বৰ্ষৰ এপ্ৰিল মাহত হোৱা নামভৰ্তিৰ পাছত ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ সংখ্যা হ'লগৈ ৫২,৭৭,৬৭১ গৰাকী ।

অৰ্থাৎ মুখ্যমন্ত্ৰী হিচাপে সোণোৱালৰ অন্তিম শৈক্ষিক বৰ্ষটোত বৃদ্ধি পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ১,৮০,২৩৫ গৰাকী । কিন্তু অতি আশ্চর্যজনকভাৱে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পাছৰে পৰাই অসমৰ চৰকাৰী বিদ্যালয়সমূহত দ্রুত হাৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্রাস পাবলৈ ধৰিলে ।

ৰাজ্যখনত কিমান হ্ৰাস পালে চৰকাৰী শিক্ষানুষ্ঠানৰ সংখ্যা:

আনহাতে ৰাজ্যসভাতো অসমৰ শিক্ষাখণ্ডৰ আন এক উদ্বেগজনক তথ্য উন্মোচিত হৈছে । কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে প্ৰদান কৰা বিবৃতিত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে । সমাজবাদী পার্টিৰ সাংসদ ৰামজি লাল সুমনে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী চৌধুৰীয়ে প্ৰদান কৰা তথ্যত অসমত বিগত চাৰি বছৰত চৰকাৰী বিদ্যালয়ৰ সংখ্যা উল্লেখযোগ্যভাৱে হ্রাস পাইছে ।

The number of students of government schools has decreased more than two and half lakh in two years
হ্ৰাস পাইছে চৰকাৰী বিদ্যালয়ৰ সংখ্যা (ETV Bharat Assam)

২০১৯-২০ শৈক্ষিক বৰ্ষৰ পৰা ২০২৩-২৪ শৈক্ষিক বৰ্ষৰ ভিতৰত অসমৰ ২,১৪৯ খন চৰকাৰী বিদ্যালয় হ্রাস পাইছে । অৱশ্যে এই বিদ্যালয়সমূহ বন্ধ হৈ গৈছে নে একত্ৰীকৰণৰ বাবে হ্রাস পাইছে তাৰ কোনো তথ্য সুকীয়াকৈ প্ৰদান কৰা নাই । সদনত দিয়া তথ্য মতে ২০১৯-২০ শৈক্ষিক বৰ্ষত অসমত থকা চৰকাৰী বিদ্যালয়ৰ সংখ্যা আছিল ৪৭,১৫৭ খন । ২০২৩-২৪ শৈক্ষিক বৰ্ষত বিদ্যালয়ৰ সংখ্যা ৪৫,০০৮ খনলৈ হ্ৰাস পায় ।

বৃদ্ধি পাইছে এজনীয়া শিক্ষকৰ দ্বাৰা চলা শিক্ষানুষ্ঠানৰ সংখ্যা:

ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি শিক্ষার্থী তথা অভিভাৱকক আকৰ্ষিত কৰিবলৈ নতুন নতুন উপায় অৱলম্বন কৰাৰ পাছতো ৰাজ্য চৰকাৰ সফল হোৱা নাই । সেই কথা উন্মোচিত হৈছে কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ সমগ্ৰ শিক্ষাৰ প্ৰকল্প অনুমোদন পৰিষদত (পিএবি)। অসম চৰকাৰে শিক্ষক নিযুক্তি দি আহিছে যদিও এজনীয়া শিক্ষক থকা বিদ্যালয়ৰ সংখ্যা কমাৰ বিপৰীতে বৃদ্ধিহে পাইছে । মাধ্যমিক স্তৰত শিক্ষাৰ্থীক ধৰি ৰাখিবলৈ শিক্ষার্থীক চাইকেল বিতৰণকে ধৰি আৰ্থিক সকাহ দিয়াৰ আঁচনি ৰূপায়ণ কৰাৰ পাছতো আধাতে বিদ্যালয় এৰা শিক্ষার্থীৰ সংখ্যা বাঢ়িহে গৈছে ।

অসমত নামভৰ্তিৰ অনুপাত, এজনীয়া শিক্ষক থকা বিদ্যালয় আৰু নামভৰ্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ সমগ্ৰ শিক্ষাৰ প্ৰকল্প অনুমোদন পৰিষদ সন্তুষ্ট নহয় । পিএবিয়ে অলপতে কেন্দ্ৰীয় চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিবৰ অধ্যক্ষতাত নতুন দিল্লীত সমগ্ৰ শিক্ষাৰ অধীনত ২০২৫-২৬ বৰ্ষৰ অসমৰ বাৰ্ষিক কৰ্ম পৰিকল্পনা আৰু বাজেট পর্যালোচনা কৰে ।

বিদ্যালয়ত নামভর্তি, শিক্ষক নিয়োগ, শিক্ষাৰ সুবিধা আৰু অসমৰ অন্যান্য বিষয়সমূহৰ সৈতে জড়িত মূল বিষয়সমূহৰ ওপৰত বৈঠকত আলোচনা কৰা হৈছিল । বৈঠকৰ কাৰ্যবিৱৰণীত অসমৰ ৰাজহুৱা শিক্ষা খণ্ডৰ কেতবোৰ দিশ উন্মোচিত হয় । লক্ষণীয় বিষয় যে মাধ্যমিক স্তৰত বাণীকান্ত কাকতি মেধা বঁটা আদি শিক্ষার্থীক উৎসাহিত কৰিব পৰা বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ পাছতো শিক্ষার্থীক বিদ্যালয়ত ধৰি ৰাখিব পৰা নাই ।

পি এ বিয়ে উল্লেখ কৰা টোকাত ৰাজ্যখনে উচ্চতৰ মাধ্যমিক পৰ্যায়ত মুঠ নামভৰ্তিৰ হাৰ উন্নত কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে । ৰাজ্যখনত সকলো স্তৰতে নামভৰ্তিৰ হাৰ ১০০ শতাংশ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । পর্যালোচনা বৈঠকত ৰাজ্যখনে বিদ্যালয়ভিত্তিক তথ্য বিশ্লেষণ কৰি নামভৰ্তিৰ হাৰ উন্নত কৰাৰ বাবে উপযুক্ত পদক্ষেপ লোৱা আৰু আধাতে বিদ্যালয় এৰা শিক্ষার্থীৰ হাৰ হ্ৰাস কৰাটো নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ত উল্লেখ কৰা লক্ষ্যসমূহ প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

চৰকাৰী আৰু চৰকাৰী সাহায্যপ্রাপ্ত বিদ্যালয়ত থকা নামভৰ্তিৰ সংখ্যা ক্ৰমাৎ হ্রাস পোৱাকলৈ পি এ বিয়ে উদ্বেগ প্রকাশ কৰিছে । অৱশ্যে ৰাজ্যৰ শিক্ষা বিভাগে উত্তৰত শিক্ষাৰ্থীৰ আধাৰ পৰীক্ষণ কৰি সঠিক তথ্য উলিওৱাৰ ব্যৱস্থা কৰি থকাৰ কথা পি এ বিক অৱগত কৰে । শিক্ষাৰ্থীৰ অভাৱত বিদ্যালয় বন্ধ কৰি একত্ৰীকৰণ কৰাৰ পাছতো ৩০ গৰাকীৰ তলত থকা বিদ্যালয়ৰ সংখ্যা কমা নাই, বৰং বৃদ্ধিহে পাইছে ।

২০২২-২৩ বৰ্ষত ৩০ তকৈ কম ছাত্র-ছাত্রী থকা নিম্ন প্রাথমিক বিদ্যালয়ৰ সংখ্যা আছিল ৭,৯৩৫ খন । ২০২৩-২৪ত সেই সংখ্যা ৮,০৭১ খনলৈ বৃদ্ধি হয় । ইফালে বৈঠকত এজনীয়া শিক্ষক থকা বিদ্যালয়ৰ সংখ্যাও বৃদ্ধি হোৱাৰ তথ্য পোহৰলৈ আহে । ২০২২-২৩ বৰ্ষত অসমত এজনীয়া শিক্ষক থকা নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ সংখ্যা আছিল ২,২১৭ খন । মাত্ৰ এবছৰৰ ব্যৱধানত অৰ্থাৎ ২০২৩-২৪ বৰ্ষত সেই সংখ্যা ২,৪৬২ খনলৈ বৃদ্ধি হয় । অৰ্থাৎ এবছৰতে ২৪৫ খন বিদ্যালয় বৃদ্ধি হ'ল ।

The number of students of government schools has decreased more than two and half lakh in two years
চৰকাৰী বিদ্যালয়ত হ্ৰাস পাইছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা (ETV Bharat Assam)

উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে প্ৰত্যেক বছৰে গুণোৎসৱ অনুষ্ঠিত কৰি আহিছে । এই গুণোৎসৱত চৰকাৰী শিক্ষা খণ্ডৰ দুৰ্বলতাসমূহ প্ৰতিবাৰে উন্মোচিত হৈ আহিছে যদিও চৰকাৰে ইয়াৰ দূৰীকৰণৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰা নাই । যাৰ ফলত এনেদৰে উন্মোচিত হৈছে ৰাজ্যৰ শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপ ।

ৰাজহুৱা শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপ আৰু প্ৰতিক্ৰিয়া:

ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপটোৱে উদ্ধিগ্ন কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক । এফালে চৰকাৰে ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ উত্তৰণ ঘটা বুলি ঢাক-ঢোল বজোৱাৰ বিপৰীতে আনফালে চৰকাৰী তথ্যতে বিপৰীত ছবি এখনহে প্ৰতিফলিত হৈছে ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ সভাপতি পলাশ চাংমায়ে কয়,"অসমৰ ৰাজহুৱা শিক্ষাখণ্ডটোক চৰকাৰে ধ্বংস কৰাৰ বাবেহে উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । চৰকাৰৰ গাফিলতিৰ বাবেই এখনৰ পাছত আনখনকৈ চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈছে নাইবা একত্রীকৰণৰ নামত নোহোৱা হৈ গৈছে । সময় সাপেক্ষে চৰকাৰী বিদ্যালয়সমূহৰ উত্তৰণ ঘটোৱা হোৱা নাই । চৰকাৰে বিভিন্ন আঁচনিৰ নামত পুঁজি ব্যয় কৰি আহিছে যদিও গুণগত শিক্ষাত গুৰুত্ব দিয়া নাই ।"

তেওঁ লগতে কয়,"যাৰ বাবে চৰকাৰী বিদ্যালয় সমূহত শিক্ষাৰ্থীৰ সংখ্যা কমি আহিছে। ইফালে আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । চৰকাৰী শিক্ষানুষ্ঠানৰ এনে দুৰৱস্থাৰ বাবেই আজি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ব্যাপক প্ৰসাৰ লাভ কৰিছে । আচলতে চৰকাৰেও তেনে হোৱাটোৱেই বিচাৰে ।"

ইফালে গুৱাহাটীৰ কাহিলিপাৰাৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দেৱেশ্বৰ কাকতিয়ে এই সন্দৰ্ভত কয়,"বৰ্তমান সময়ত কোনো অভিভাৱকে পৰাপক্ষত নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাব নিবিচাৰে । এনে মানসিকতা গঢ় লৈ উঠাটো অস্বাভাৱিক নহয় । আৰ্থিকভাৱে সক্ষম নোহোৱাসকলেহে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত দিয়ে । সময়ৰ সৈতে চৰকাৰী বিদ্যালয় সমূহ আগুৱাই যাবলৈ সক্ষম নোহোৱাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে ।"

তেওঁ লগতে উল্লেখ কৰে,"আজিৰ তাৰিখত বেছি সংখ্যক চৰকাৰী বিদ্যালয়ৰে শৈক্ষিক মানদণ্ডৰ লগতে আন্তঃগাঁথনি যথেষ্ট দুৰ্বল । প্ৰয়োজনীয় বহু সা-সুবিধাৰ অভাৱ আছে । আনহাতে শিক্ষকসকলক চৰকাৰে শিক্ষাদানৰ উপৰি বহু কামত নিয়োজিত কৰাৰ লগতে বহু বোজা জাপি দিছে । চৰকাৰী শিক্ষানুষ্ঠানৰ দুৰৱস্থাৰ আঁৰত বহু কাৰণ জড়িত হৈ আছে । এইক্ষেত্রত চৰকাৰী সদিচ্ছাৰ প্ৰয়োজন আছে আৰু লগতে ত্ৰুটিসমূহৰ ক্ষেত্রত এক বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰয়োজন আছে ।"

লগতে পঢ়ক: গৰম কমাৰ যেন কোনো লক্ষণেই নাই, গ্ৰীষ্ম বন্ধৰ পাচতো পুৱা ৭.৩০ বজাৰ পৰাই আৰম্ভ হ’ব পাঠদান - SCHOOLS TIMING

কেনেদৰে চলিছে ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থা : ৭১ শতাংশ হ‍াইস্কুলত নাই কম্পিউটাৰ শিক্ষা - NO COMPUTER EDUCATION