ETV Bharat / state

বৰপেটাৰ অতি জনপ্ৰিয় ৰাঙা ডিমা, আলু ভাজা আচলতে কি ?

ৰাঙা ডিমা, আলু ভাজা অবিহনে যেন আধৰুৱা বৰপেটাৰ দৌল মহোৎসৱ ।

Barpeta Popular Food Items
বৰপেটাৰ অতি জনপ্ৰিয় ৰাঙা ডিমা, আলু ভাজা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 12:18 PM IST

|

Updated : March 16, 2025 at 2:18 PM IST

4 Min Read
Choose ETV Bharat

বৰপেটা : আপুনি বাৰু কেতিয়াবা 'ৰাঙা ডিমা, আলু ভাজা' এই দুই ব্যঞ্জনৰ কথা শুনিছে নে ? আপোনাৰ ঘৰ যদি বৰপেটাত বা বৰপেটাৰ সৈতে আপোনাৰ সম্পৰ্ক আছে তেনেহ'লে ইয়াৰ কথা আপোনাক কোৱাৰ প্ৰয়োজন নাই । দৌল মহোৎসৱৰ সময়ত আপুনি যদি বৰপেটা সত্ৰলৈ গৈছে তেতিয়াও 'ৰাঙা ডিমা, আলু ভাজা'ৰ সৈতে চিনাকি হৈছে । কিন্তু বহুতৰ বাবে এই নাম দুটা কিছু ব্যতিক্ৰম ।

ৰাঙা ডিমা,আলু ভাজা কি ?

'ৰাঙা ডিমা,আলু ভাজা' হৈছে বৰপেটাৰ বিখ্যাত । 'ৰাঙা ডিমা' মানে হৈছে ৰঙা কণী আৰু 'আলু ভাজা' মানে আলু ভজা । বৰপেটীয়া ভাষাত ইয়াক 'ৰাঙা ডিমা, আলু ভাজা' বুলি কোৱা হয় । বৰপেটাৰ দৌল মহোৎসৱলৈ আহিলে আপুনি ইয়াৰ সোৱাদ ল'বলৈ নাপাহৰিব । কিয়নো ইয়াৰ সোৱাদ সুকীয়া । বৰপেটাৰ দৌল চাবলৈ আহিলে যিকোনো মানুহৰ মন যায় ৰাঙা ডিমা আৰু আলু ভাজা খাবলৈ । গতিকে বৰপেটাৰ দৌল উৎসৱৰ লগত এই দুবিধ খাদ্য সামগ্ৰীৰ এক নিবিড় সম্পৰ্ক আছে । অথচ কোনে কেতিয়াৰ পৰা ইয়াৰ আৰম্ভণি কৰিছিল তাৰ কোনো তথ্য নাই । কিন্তু বহুজনে কোৱা মতে এয়া কোনোবা ব্যৱসায়ীৰ উদ্ভাৱনী চিন্তাৰ ফচল ।

বৰপেটাৰ অতি জনপ্ৰিয় ৰাঙা ডিমা, আলু ভাজা (ETV Bharat)

এইখিনিতে হয়তো আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিছে কণীৰ ৰঙ কিয় ইমান ৰঙা হয় যাৰ বাবে ইয়াক বৰপেটীয়া ভাষাত ৰাঙা ডিমা বুলি কোৱা হয় ? আচলতে কণীত কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য বা ৰং ব্যৱহাৰ কৰা নহয় । ৰাঙা ডিমা প্ৰস্তুত কৰিবলৈ কণীটো প্ৰথমতে সিজাই হালধি আৰু চূণৰ পানীত তিয়াই থোৱা হয় । তাৰ পাছত কণীটো ভাজিলে টিকটিকিয়া ৰঙা হৈ পৰে । যাৰ বাব ই স্বাস্থ্যৰ প্ৰতি হানিকাৰক নহয় ৷ একেদৰে আলু ভাজাও একেবাৰে সাধাৰণভাৱে প্ৰস্তুত কৰা হয় । অথচ সোৱাদ হয় অপূৰ্ব । ৰাঙা ডিমা আৰু আলু ভাজাৰ সোৱাদ নল'লে যেন আধৰুৱা হৈ ৰয় দৌলোৎসৱ চোৱাৰ মজা ।

Barpeta Popular Food Items
বৰপেটাৰ সুস্বাদু আলু ভাজা (ETV Bharat)

আলু ভাজা বৰপেটাৰ বাবে এক পৰিচিত নাম

আলু ভাজি বৰপেটাবাসীৰ প্ৰিয় খাদ্যও ৷ অকল দৌলতে নহয় মাঘ বিহুৰ উৰুকাৰ নিশাও বৰপেটাবাসীয়ে আলু ভাজি খায় ৷ যাক বৰপেটীয়া ভাষাত গাতাৰ আলু বুলি কোৱা হয় ৷ ৰাঙা ডিমা আৰু আলু ভাজা সম্পৰ্কে ব্যৱসায়ী খনীন্দ্ৰ দাসে কয়,"বৰপেটা সত্ৰৰ দৌল মহোৎসৱত সকলোৱে ৰাঙা ডিমা আৰু আলু ভাজাৰ জুতি লয় ৷ ৰাঙা ডিমা বৰপেটাত ফেমাচ ৷" দাসে প্ৰতিবছৰে দৌল মহোৎসৱত ৰাঙা ডিমা আৰু আলু ভাজাৰ দোকান দিয়ে । এদিনত ১০ পৰা ১৫ কাৰ্টুন কণী বিক্ৰী হয় বুলি তেওঁ উল্লেখ কৰে ৷

Barpeta Popular Food Items
বৰপেটাৰ অতি জনপ্ৰিয় ৰাঙা ডিমা (ETV Bharat)

তেওঁ লগতে কয়,"ব্যৱসায় ভালে হয় ৷ সৰু কালৰে পৰা দৌল মহোৎসৱত ৰাঙা ডিমা আৰু আলু ভাজাৰ দোকান দেখি আহিছো ৷ সৰু কালত আমি নিজেও খাইছিলো আৰু বহু মানুহে ৰাঙা ডিমা আৰু আলু ভাজা খায় ভাল পায় ৷ দৌল মহোৎসৱৰ সময়ত প্ৰতিখন দোকানতে ৰাঙা ডিমা আৰু আলু ভাজা পোৱা যায় ৷" বৰপেটাত আলু ভাজা মেইন বুলিও উল্লেখ কৰে খনীন্দ্ৰ দাসে ৷ লগতে তেওঁ কয়,"অকল বৰপেটাৰ মানুহেয়ে বনাব পাৰে ৰাঙা ডিমা আৰু সোৱাদযুক্ত আলু ভাজি ৷"

আন এগৰাকী ব্যৱসায়ী প্ৰাঞ্জল দাসে কয়,"বৰপেটাৰ মানুহে আলু ভাজি খায় ভাল পায় । অকল দৌল মহোৎসৱতে নহয় মাঘ বিহুৰ উৰুকাৰ নিশাও বৰপেটাবাসীয়ে আলু ভাজি খায় ৷ যাক বৰপেটীয়া ভাষাত গাতাৰ আলু বুলি কয় ৷ বৰপেটাৰ দৌলত আহি যদি বৰপেটাৰ ৰাঙা ডিমা আৰু আলু ভাজা নাখায় তেনেহ'লে দৌল চোৱাহেনে নাপায় ৷ বৰপেটা দৌলৰ বিশেষ আকৰ্ষণ ৰাঙা ডিমা আৰু আলু ভাজা ৷"

Barpeta Popular Food Items
বৰপেটাৰ জনপ্ৰিয় আলু ভাজা (ETV Bharat)

আনহাতে বৰপেটাৰ দৌল মহোৎসৱত হাউলীৰ পৰা অহা এগৰাকী দৰ্শনাৰ্থীয়ে কয়, "বৰপেটাৰ দৌলৰ মেইন হ'ল ৰাঙা ডিমা আৰু আলু ভাজা ৷ দৌলত আহিলে ৰাঙা ডিমা আৰু আলু ভাজা খাবই লাগিব ৷ এই খাদ্য সুস্বাদু হয় ৷ ৰাঙা ডিমা আলু ভাজা নোহোৱাকৈ বৰপেটাৰ দৌল নহয় ৷" হাউলীৰ পৰা অহা এগৰাকী মহিলা দৰ্শনাৰ্থীয়ে কয়,"বৰপেটাৰ ৰাঙা ডিমা আলু ভাজা খায় ভাল লাগে ৷ বৰপেটাৰ এইটো ফেমাচ ৷ হাউলীৰ ৰাস মহোৎসৱত ৰাঙা ডিমা আলু ভাজা ফেমাচ হয় । বৰপেটীয়া দোকানীয়ে ৰাঙা ডিমা আলু ভাজাৰ দোকান দিয়ে ৷"

লগতে পঢ়ক :হোলীগীতৰ লহৰ-সত্ৰীয়া পৰম্পৰাৰে উখল-মাখল বৰপেটা সত্ৰ - BARPETA HOLI FESTIVAL

Last Updated : March 16, 2025 at 2:18 PM IST