জোনাই/মাজুলী : লালী নদীৰ বিধ্বংসী খহনীয়াই জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ বদলপুৰত তীব্ৰ ৰূপ ধাৰণ কৰিছে । ২০১৭চনৰ পৰা তীব্ৰ ৰূপ ধাৰণ কৰা লালী নদীৰ বিধ্বংসী খহনীয়াই ১ নং বদলপুৰ গাঁৱৰ সোতৰটা পৰিয়াল, বদলপুৰ বড়ো গাঁৱৰ পাঁচটা পৰিয়াল, বদলপুৰ শিমলুগুৰী গাঁৱৰ চৈধ্যটা পৰিয়ালৰ ঘৰ-ভেটি নদীৰ বুকুত জাহ যায় । যোৱা চাৰিবছৰৰ পূৰ্বে হোৱা লালী নদীৰ খহনীয়াত বদলপুৰ বড়ো প্ৰাথমিক বিদ্যালয়, বদলপুৰ বাথৌ মন্দিৰ, অংগনবাড়ী কেন্দ্ৰকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান বিলীন গৈছে নদীৰ বুকুত ।
স্মৰণীয় যে লালী নদীৰ খহনীয়া নিয়ন্ত্ৰণ নকৰিলে বগৰীগুৰী অঞ্চলৰ ১ নং বদলপুৰ, ২ নং বদলপুৰ, ৩ নং বদলপুৰ, বদলপুৰ বৰ্মন, পাকুৰিগুৰী লৃচাং, কাংকান চাপৰি আদি কেবাখনো গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিব । লালী নদীৰ বিধ্বংসী খহনীয়াৰ ফলত বদলপুৰ গাঁৱৰ প্ৰায় ১৮ টা নৈপৰীয়া কৃষিজীৱী পৰিয়ালৰ ঘৰ-ভেটি নদীত উছন যোৱাৰ উপক্ৰম হোৱাৰ লগতে গাঁওখনত থকা জলজীৱন মিছন প্ৰকল্পটো লালী নদীৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ।
ইয়াৰে কেইটামান নৈপৰীয়া পৰিয়ালৰ ঘৰ-ভেটি উছন যাবলৈ মাত্ৰ কেইমিটাৰমানহে বাকী আছে । লালী নদীৰ খহনীয়াৰ ফলত বদলপুৰ বড়ো, পাখ্ৰীগুৰী, ১ নং বদলপুৰ, বদলপুৰ শিমলুগুৰী, বদলপুৰ বৰ্মন গাওঁকেইখনত আতংকই দেখা দিছে । চৰকাৰ-প্ৰশাসন, নিৰ্বাচিত জনপ্ৰতিনিধিক, বিভিন্ন দল-সংগঠন, স্থানীয় ভুক্তভোগী কৃষিজীৱী ৰাইজে বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও আজিকোপতি লালী নদীৰ স্থায়ী গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে কোনো বিজ্ঞানসন্মত আৰু শক্তিশালী আঁচনি প্ৰস্তুত কৰি ৰূপায়ণত গুৰুত্ব আৰোপ কৰা হোৱা নাই । প্ৰতিবছৰে সৃষ্টি হোৱা গৰাখহনীয়াৰ লগতে লালী নদীৰ প্ৰলয়ংকাৰী বানে বদলপুৰ অঞ্চলৰ গাওঁসমূহৰ খেতি পথাৰত বালি পলস পেলাই কৃষিভূমি বিস্তৰ ক্ষতিসাধন কৰি আহিছে ।
উল্লেখ্য যে, ১৯৭০ চনৰ পৰা কামৰূপ জিলাৰ বকো, ছয়গাওঁ, বৰপেটা, গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আহি বসতি স্থাপন কৰা বদলপুৰ বড়ো, পাখ্ৰীগুৰী, ১ নং বদলপুৰ, বদলপুৰ শিমলুগুৰী, বদলপুৰ বৰ্মন গাওঁকেইখনত আতংকই দেখা দিছে । চৰকাৰ-প্ৰশাসন, নিৰ্বাচিত জনপ্ৰতিনিধিক বিভিন্ন দল-সংগঠন, স্থানীয় ভূক্তভোগী কৃষিজীৱী ৰাইজে বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছে যদিও আজিকোপতি লালী নদীৰ স্থায়ী গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে কোনো বিজ্ঞানসন্মত আৰু শক্তিশালী আঁচনি প্ৰস্তুত কৰি ৰূপায়ণত গুৰুত্ব আৰোপ কৰা নাই ।
অতি পৰিতাপৰ বিষয় যে লালী নদীৰ বান-খহনীয়াত বিধ্বস্ত বহু দুৰ্ভগীয়া পৰিয়ালে ভৱিষ্যতৰ নিৰাপত্তা বিচাৰি কোকৰাঝাৰ, ঢেকিয়াজুলি, বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চললৈ গৈ বসতি স্থাপন কৰিবলৈ লৈছে । আন কিছুমান পৰিয়ালে জাগুনলৈ ঢাপলি মেলিছে । প্ৰতিবছৰে সৃষ্টি কৰি অহা গৰাখহনীয়াৰ লগতে লালী নদীৰ প্ৰলয়ংকাৰী বানে বদলপুৰ অঞ্চলৰ গাওঁসমূহৰ খেতি পথাৰত বালি পলস পেলাই কৃষিভূমি বিস্তৰ ক্ষতিগ্ৰস্ত কৰি আহিছে । যাৰ ফলত কৃষিজীৱি ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হোৱা দেখা গৈছে ।
ছবছৰৰ পূৰ্বে অসম চৰকাৰৰ জলসম্পদ বিভাগে বাহিৰ জোনাইৰ পৰা চেঙাজান ফেৰীঘাটলৈ লালী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে বাইশ কোটি টকা ধাৰ্যকৃত আঁচনি ৰূপায়ণৰ কাম হাতত লৈছিল যদিও আঁচনিখন সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ বাবে নৈপৰীয়া বানপীড়িত ৰাইজ সুৰক্ষিত হোৱা নাই বুলি ভূক্তভোগী ৰাইজে আক্ষেপ প্ৰকাশ কৰি কয় ।
এজন স্থানীয় লোকে কয়, "আমাৰ এই বদলপুৰত গাঁও গৰাখহনীয়াত কমেও এতিয়ালৈকে 100 খন মান গৰা খহি গুচি গ’ল ৷ এতিয়াও গৰাখহনীয়াটো খান্দি আছে ৷ এনেদৰে গৰাখহনীয়া চলি থাকিলে আমাৰ বদলপুৰত গাঁওখন ভবিষ্যতলৈকে শেষ হৈ যাব ৷ আমাৰ এই গৰাখহনীয়াত কিছুমানৰ বাৰী-বাগান আছিল, ভাল ঘৰ আছিল, স্কুল ঘৰ আছিল এই সকলোবোৰ এতিয়া গৰাখহনীয়াই পানীত উটুৱাই লৈ গ’ল ৷ এতিয়া যদি চৰকাৰে কোনো ব্যৱস্থা নলয় আমাৰ এই বদলপুৰ গাওঁখন সকলো শেষ হৈ যাব বুলি আমি ভাবিছো ৷"
বানমুক্ত অসমৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে শাসনভাৰ লোৱা বিজেপিৰ নেতৃত্বৰ চৰকাৰখনে বাৰিষা আগমনৰ আগমূহূৰ্তলৈকৈ বদলপুৰ অঞ্চলত লালী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে অদ্যাপি কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।
ইফালে মাজুলীত খহনীয়া ৰোধৰ বাবে আজিৰ তাৰিখতো কাম চলি আছে যদিও মাজুলীৰ বিভিন্ন অঞ্চলত খহনীয়া অব্যাহত আছে । ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ ফলত প্ৰায় নিঃশেষ হ’বলৈ ধৰিছে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ ভকতচাপৰি অঞ্চল । ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই এফালৰ পৰা গ্ৰাস কৰিছে ভকত চাপৰি অঞ্চলৰ ঘৰ-মাটি, ভেটি, কৃষি পথাৰ ।

ভকত চাপৰি অঞ্চলত হোৱা গৰাখহনীয়াই সেই অঞ্চলৰ ১৬ খন গাঁৱৰ লগতে নামনি মাজুলীলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে । আজিৰ তাৰিখত ভকত চাপৰিৰ গৰুখুটি , ১নং পদুমণিত অঞ্চলত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া । এই গৰা খহনীয়া ৰোধৰ বাবে ব্ৰহ্মপুত্ৰ বৰ্ডে ৰূপায়ন কৰা পাকুপাইন জাহ গৈছে এতিয়া নদীত । প্ৰায় ৫০ কোটি টকীয়া পাৰ্কুপাইনৰ আঁচনি ৰূপায়নৰ লগে লগেই জাহ গৈছে নদীত । ভয়ংকৰ খহনীয়া প্ৰতিৰোধত ব্যৰ্থ ব্ৰহ্মপুত্ৰ বৰ্ড ।
খহনীয়া প্ৰতিৰোধৰ বাবে ২০০৩ চনৰে পৰা সেই পুৰণিকলীয়া আঁচনিকে অব্যাহত ৰাখিছে বৰ্ডে । আজিৰ তাৰিখতো নাই কোনো বিজ্ঞানসন্মত অভিলাষী প্ৰকল্প । পাৰ্কুপাইনৰ নামত শ শ কোটি নদীৰ বুকুত জাহ গ'লে পৰিণতিত বেজীৰ আগৰ ভূমিও সুৰক্ষা নহ’ল মাজুলীৰ ।
এগৰাকী স্থানীয় লোকে কয়, "ব্ৰহ্মপুত্ৰ নদীৰ দৈনিক খহনীয়া অব্যাহত আছে । এই খহনীয়া ৰোধৰ বাবে পার্কপাইন দিছে যদিও খহনীয়া ৰোধত ব্যৰ্থ হৈছে বিভাগ । ভকত চাপৰিৰ অধিকাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰি আহিছে । যদি ব্ৰহ্মপুত্ৰ নদীয়ে এনেদৰে খহাই থাকে তেতিয়া এই অঞ্চলৰ ৰাইজৰ কি হ’বগৈ ?" স্থানীয় ৰাইজৰ আহ্বান চৰকাৰে অতি সোনকালে এই খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক ।