ETV Bharat / state

অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ইজনে সিজনক আলিংগন কৰি জনালে ঈদৰ শুভেচ্ছা - EID AL FITR 2025

শনিবাৰে ছৌদি আৰৱৰ আকাশত কাঁচিজোন দেখাৰ পিছতে আজি সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে পবিত্ৰ উৎসৱ ঈদ উল ফিটৰ 2025 ৷

The joyous occasion of Eid al Fitr celebrates with traditional zeal and fervor across Assam
ঈদ-উল-ফিটৰ নামাজত বহু লোকৰ অংশগ্ৰহণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 31, 2025 at 6:02 PM IST

6 Min Read

নিউজ ডেস্ক: আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিটৰ ৷ বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ বহু ঠাইতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে এই পবিত্ৰ উৎসৱটি ৷

গোলাঘাট :

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ গোলাঘাটতো অতি উলহ মালহেৰে উদযাপন কৰা হৈছে ঈদ উল ফিটৰ 2025 । বিগত এটা মাহে ৰমজান মাহ হিচাপে ৰোজা ৰখাৰ অন্তত আজি তেওঁলোকৰ বাবে অতি আনন্দৰ দিন ৷ আজি পুৱাই গোলাঘাট নগৰৰ মাজমজিয়াৰ সমন্বয় ক্ষেত্ৰৰ ঈদগাহ ময়দানত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰাজহুৱাভাৱে ঈদৰ নামাজ আদায় কৰি ইজনে সিজনক ঈদ উল ফিটৰৰ শুভেচ্ছা জ্ঞাপন কৰে ।

ৰাজহুৱা ঈদগাহ ময়দানৰ দৃশ্য (ETV Bharat Assam)

গোলাঘাট নগৰ মুছলিম কল্যাণ পৰিষদৰ দ্বাৰা আয়োজন কৰা ৰাজহুৱা নামাজত আজি প্ৰায় দহ সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে ৷ ঈদৰ নামাজ আদায় কৰি গোলাঘাট নগৰ মুছলিম কল্যাণ পৰিষদৰ বিষয়ববীয়া মুক্তাৰ হুছেইনে কয়, ‘‘সমগ্ৰ বিশ্বৰ লগতে গোলাঘাটতো ঈদ উল ফিটৰৰ নামাজ আদায় কৰা হয় । প্ৰায় দহ সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকে ইয়াত সমবেত হৈ নামাজ আদায় কৰে । আজি এই পবিত্ৰ দিনটোত গোলাঘাট মুছলিম কল্যাণ পৰিষদৰ তৰফৰ পৰা সকলো জাতি, জনগোষ্ঠী, ভাষা-ভাষী লোকক ঈদৰ শুভেচ্ছা জনাইছো ।’’

The joyous occasion of Eid al Fitr celebrates with traditional zeal and fervor across Assam
ঈদ-উল-ফিটৰ নামাজত বহু লোকৰ অংশগ্ৰহণ (ETV Bharat Assam)

শিক্ষাবিদ ৱাজিদুৰ ৰহমানে কয়, ‘‘ইছলামিক সমাজৰ তৰফৰ পৰা ভাৰতবৰ্ষৰ সকলো ৰাইজক ঈদৰ শুভেচ্ছা জনাইছো । আজি আমাৰ ইছলাম সমাজৰ ঈদ উল ফিটৰ, এক আনন্দৰ উৎসৱ । মাহজোৰা ৰমজান সাধনা কৰাৰ পাছত আজি এই পবিত্ৰ ঈদ উল ফিটৰ উদযাপন কৰা হয় । ৰমজান মাহত কেৱল মাত্ৰ ৰোজা ৰখাই নহয় আৰু বহু নীতি নিয়ম আছে ৷ ইয়াৰ দ্বাৰা সকলো ইছলাম ধৰ্মাৱলম্বী লোকক শিক্ষা দিয়া হৈছে আমি মানুহ হিচাপে কেনেকৈ জীয়াই থাকিব লাগে ।’’

লগতে পঢ়ক : ঈদৰ নামাজ অংশগ্ৰহণ কৰিব পৰাটো মোৰ বাবে সৌভাগ্যৰ কথা : গৌৰৱ গগৈ

যোৰহাট :

শনিবাৰে ছৌদি আৰৱৰ আকাশত কাঁচি জোন দেখাৰ পিছতে গোলাঘাটৰ লেখিয়াকৈ যোৰহাটতো ইছলাম ধৰ্মাৱলম্বীসকলে উলহ মালহেৰে পালন কৰে পবিত্ৰ ঈদ-উল-ফিটৰ । মাহজোৰা ত্যাগ, সংযম আৰু ৰোজাৰ অন্তত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ঈদগাহ, মছজিদৰ সমান্তৰালভাৱে যোৰহাটৰ সমূহীয়া ঈদগাহ ময়দানতো সহস্ৰাধিক ইছলাম ধৰ্মীয় লোক একত্ৰিত হৈ সমূহীয়া নামজত অংশগ্ৰহণ কৰে আৰু বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে । আজি যোৰহাট ঈদগাহ ময়দানত বয়োজ্যেষ্ঠজনৰ পৰা আদি কৰি কণমানিটোলৈকৈ সকলোৱে অংশ লয় সমূহীয়া নামাজত ।

ঈদ-উল-ফিটৰ 2025 (ETV Bharat Assam)

সমূহীয়া নামাজত অংশগ্ৰহণ কৰি যোৰহাট ঈদগাহ সমিতি সম্পাদক পাৰভেজ হুছেইনে কয়, ‘‘অসমৰ শান্তিৰ বাবে আজি আল্লাহৰ ওচৰত দোৱা জনোৱা হ’ল ৷ ঈদৰ সমূহীয়া নামাজৰ পবিত্ৰ দিনটোত আমাৰ দুখ লাগিছে ৷ কাৰণ মুখ্যমন্ত্ৰী পৰা আদি কৰি মন্ত্ৰী পৰিষদৰ একাংশই অকল হিন্দু-মুছলমানৰ ৰাজনীতি কৰি আহিছে । সেয়েহে এনেধৰণৰ বিভেদকামী ৰাজনীতি পৰা আঁতৰি থাকক আৰু হিন্দু-মুছলমানে অতীতৰ পৰা যেনেদৰে বসবাস কৰি আহিছিল তথা শান্তি সম্প্ৰীতিৰে আছিল ৷ তেনেদৰে থাকিবলৈ দিয়ক ।’’

বৰপেটা :

অতি উলহ মালহেৰে বৰপেটা জিলাত ঈদ-উল-ফিটৰ উদযাপন কৰা হৈছে । জিলাখনৰ বিভিন্ন ঈদগাহ ময়দানত আজি পুৱা ঈদৰ নামাজ আদায় কৰা হয় । বৰপেটা, কলগাছিয়া, হাউলী, মন্দিয়া, কয়াকুছি, চেঙা, মাজদিয়া আদি সকলো প্ৰান্ততে অনুষ্ঠিত ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰে ।

ঈদ-উল-ফিটৰ নামাজ (ETV Bharat Assam)

কয়াকুছিৰ কুৰিহাস্থিত ঈদগাহ ময়দানত অনুষ্ঠিত নামাজত উপস্থিত থাকে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ । নামাজত ভাগ লোৱাৰ পাছত শিকদাৰে সদৌ অসমবাসী ৰাইজক ঈদ উল ফিটৰৰ শুভেচ্ছা জনায় । তেওঁ কয়, ‘‘ৰমজান মাহটো ৰোজা ৰখাৰ অন্তত আজি ঈদ উল ফিটৰ পালন কৰা হৈছে । এই উৎসৱ হ'ল আনন্দ, শান্তি আৰু মৈত্ৰীৰ এক শক্তিশালী বাৰ্তা ।’’

ইপিনে বৰপেটা জিলাৰ কুকাৰপাৰত মাজদিয়া- চেঙা- কুকাৰপাৰ মিলন আঞ্চলিক ঈদগাহ ময়দানতো আজি পুৱাই সমাপন কৰা হয় ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ । কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ কুকাৰপাৰত এনেকৈ আদায় কৰিলে ঈদৰ সমূহীয়া নামাজ ।

লোকাৰণ্য ৰাজহুৱা ঈদগাহ ময়দান (ETV Bharat Assam)

বিশ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি পৰম্পৰাগতভাৱে একেটা ঈদগাহ ময়দানত সমূহীয়া ঈদৰ নামাজ আদায় কৰে । ঈদৰ সমূহীয়া নামাজত ইমামতি কৰে মৰিগাঁও লাহৰিঘাতৰ শ্বেখ হাফিজ কাৰী মৌলানা আব্দুল ওহাব খান বুলবুলি চাহাবে । নামাজৰ অন্তত বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হয় ।

লগতে পঢ়ক : এয়া দুখৰ ঈদ: পেলেষ্টাইনীসকলৰ বাবে ঈদ উদযাপনৰ নাই কোনো বিশেষ কাৰণ

গুৱাহাটী :

ইফালে আজি পুৱাই গুৱাহাটী মহানগৰীৰ মছজিদ ঈদগাহ ময়দানবোৰত সমূহীয়া নামাজ অনুষ্ঠিত হয় । মহানগৰীৰ আমবাৰীৰ বুঢ়া জামে মছজিদ, ইছলামপুৰ জামে মছজিদ, মাছখোৱা মছজিদ, মাছখোৱাস্হিত গুৱাহাটী ঈদগাহ, হাতীগাওঁ খানকাহ ঈদগাহ, জুৰিপাৰ নোৱাপাৰা মছজিদ, পুৰাণবস্তি মছজিদ আদিকে ধৰি মহানগৰৰ বিভিন্ন মছজিদ, ঈদগাহত সমূহীয়া নামাজ অনুষ্ঠিত হয় । মহানগৰীৰ মাছখোৱাস্থিত গুৱাহাটী ঈদগাহত কেইবাহাজাৰ লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰি জনগণে বিশ্বশান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে ।

উল্লেখযোগ্য যে পবিত্র ৰমজান মাহৰ অন্তত পালন কৰা এই উৎসৱত সমূহীয়া নামাজত অংশগ্রহণ কৰি ইছলামধর্মী জনগণে বিশ্বশান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে । তাৰ পিচত পৰস্পৰে পৰস্পৰক আলিংগন কৰি ঈদৰ শুভেচ্ছা জনায় ।

সামর্থবানসকলে সমাজৰ দীন-দুখীয়াসকলক ফিতৰা, জাকাত আদি দিয়াৰো নিয়ম এই উৎসৱৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে । ইছলামধৰ্মীসকলৰ ঘৰে ঘৰে চলিছে উচাহপূর্ণ আয়োজন । আজিৰ দিনটোত ইছলামধৰ্মী লোকৰ ঘৰত ছেৱৈ, বিৰিয়ানি, পোলাওকে ধৰি বিভিন্ন সুস্বাদু খাদ্য প্ৰস্তুত কৰিছে ।

লগতে পঢ়ক : অনৈক্যৰ মাজত ঐক্য: ঈদ উপলক্ষে হাফলঙৰ অজাচক আশ্ৰমত আয়োজন বিশেষ প্ৰাৰ্থনা

লগতে পঢ়ক : সমন্বয় আৰু ভাতৃত্ববোধৰ চানেকিৰে দেশজুৰি উদযাপন ঈদ-উল-ফিটৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.