ETV Bharat / state

ৰাজনীতিৰ মেৰপেঁচত আজিও মুকলি নহ'ল আন্তঃৰাষ্ট্ৰীয় অগৰু বাণিজ্য কেন্দ্ৰ - INTERNATIONAL AGAR TRADE CENTER

সৰ্বানন্দ সোণোৱালে ২০২০ত দাবিডুবিত ২০০ বিঘা ভূমিত স্থাপন কৰিছিল অগৰু বাণিজ্য কেন্দ্ৰৰ আধাৰশিলা ।

International Agar Trade Center in Golaghat
দুই ম'হৰ যুঁজত... (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 3:18 PM IST

6 Min Read

গোলাঘাট: উজনি অসমৰ অগৰু গছৰ আন্তৰ্জাতিক বজাৰত আছে সুনাম তথা সমাদাৰ । এই ব্য়ৱসায়ৰ সৈতে জড়িত ব্য়ৱসায়ীসকলৰ সুৰক্ষা তথা অগৰু গছৰ বজাৰৰ পৰিসৰ বৃদ্ধিৰ বাবে ২০২০ চনতে আন্তঃৰাষ্ট্ৰীয় অগৰু বাণিজ্য কেন্দ্ৰৰ শিলান্যাস কৰা হৈছিল । তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিলান্যাস কৰাৰ পিছত ২০২৩ বৰ্ষৰ ডিচেম্বৰত এই কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল । পিছে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ ডেৰ বছৰ পিছতো ই মুকলি নহ'ল ।

গোলাঘাট জিলাৰ দাবিডুবিত ২০০ বিঘা ভূমিত নিৰ্মাণ কৰা এই কেন্দ্ৰটো আজিপৰ্যন্ত কিয় মুকলি হোৱা নাই তাক লৈ হৈছে চৰ্চা । কিয় আজিও আন্তঃৰাষ্ট্ৰীয় অগৰু বাণিজ্য কেন্দ্ৰটো মুকলি কৰা নাই বুলি ক্ষোভ উজাৰিছে অগৰু ব্য়ৱসায়ীৰ লগতে আমছু খিলঞ্জীয়া কেন্দ্ৰীয় সমিতিয়ে ।

আন্তঃৰাষ্ট্ৰীয় অগৰু বাণিজ্য কেন্দ্ৰ: এনেকৈয়ে পৰি থাকিল (ETV Bharat Assam)

২০২৩ ৰ ডিচেম্বৰত হ'ব লাগিছিল মুকলি :

উজনি অসমৰ সাঁচি খেতিয়ক আৰু ব্যৱসায়ীসকলক মধ্যভোগীৰ পৰা মুক্ত কৰি উচিত বজাৰ দিয়াৰ উদ্দেশ্য আগত ৰাখি তদানীন্তন সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত দাবিডুবিত পূৰ্বৰ সূতাকলৰ ভূমিত আন্তঃৰাষ্ট্ৰীয় অগৰু বাণিজ্য কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰিছিল । তাৰ পাছতে খৰতকীয়াকৈ নিৰ্মাণ কৰা হৈছিল হাজাৰ কোটিটকীয়া আন্তঃৰাষ্ট্ৰীয় অগৰু বাণিজ্য কেন্দ্ৰটো । নিৰ্মাণকাৰ্য সম্পন্ন কৰি ২০২৩ বৰ্ষৰ ডিচেম্বৰত কৃষকৰ বাবে মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰা হৈছিল ৷ কিন্তু ৰহস্যজনকভাৱে নিৰ্মাণ সমাপ্ত হোৱাৰ ডেৰ বছৰ পাছতো আজিলৈকে মুকলি নহ'ল এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰটো ।

ভাৰতবৰ্ষৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় অগৰু বাণিজ্য কেন্দ্ৰ নিৰ্মাণ হ'ল গোলাঘাট জিলাৰ দাবিডুবিত । ইয়াৰ জড়িয়তে স্থানীয় অগৰু খেতিয়ক আৰু ব্যৱসায়ীৰ লগতে দেশৰ অগৰু ব্যৱসায়ৰ ক্ষেত্ৰখনলৈ বিশেষ অৰ্থনৈতিক পৰিবৰ্তন আহিব বুলি আশা কৰা হৈছিল । আত্মনির্ভৰ ভাৰত আৰু আত্মনির্ভৰ অসমৰ লক্ষ্যৰে নিৰ্মাণ কৰা এই আন্তঃৰাষ্ট্ৰীয় অগৰু বাণিজ্য কেন্দ্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু এই কেন্দ্ৰটোৱে আন্তঃৰাষ্ট্ৰীয় বজাৰো অধিকাৰ কৰিব ৷ কিন্তু ইমান দিনে এই কেন্দ্ৰটো শুভ উদ্বোধন কৰিব নোৱৰা কাৰ্যই চিন্তিত কৰি তুলিছে ব্যৱসায়ৰ লগত জড়িত স্থানীয় ব্যৱসায়ীসকলক ।

International Agar Trade Center in Golaghat
আন্তঃৰাষ্ট্ৰীয় অগৰু বাণিজ্য কেন্দ্ৰ (ETV Bharat Assam)

এই সম্পৰ্কে স্থানীয় অগৰু খেতিয়ক বাবুল আলি হাজৰিকাই কয়, "আমাৰ থলুৱা অগৰু খেতিয়ক আৰু ব্যৱসায়ীসকলৰ দীৰ্ঘদিনৰ পৰা দাবী আছিল যে অগৰুৰ ক্ষেত্ৰত কিছু বাধ্যবাধকতা আছে । এইখিনি দূৰ হ'ব লাগে আৰু অগৰুৰ প্ৰকৃত মূল্য লাভ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । তাৰ পৰিপ্ৰেক্ষিতত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত অগৰুৰ ক্ষেত্ৰত থকা বাধ্যবাধকতাসমূহ দূৰ কৰাৰ লগতে উজনি অসমৰ থলুৱা ব্যৱসায়ীসকলৰ স্বাৰ্থত খুমটাই সমষ্টিৰ পূৰ্বৰ সূতাকলৰ ভূমিত এটা অগৰুৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত তাত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাইখুটা স্থাপন কৰিছিল ৷ পৰৱৰ্তী সময়ত আন্তঃগাথঁনি নিৰ্মাণকাৰ্য আৰম্ভ হ'ল; কিন্তু অতিকৈ দুৰ্ভাগ্য়জনক কথা সৰ্বানন্দ সোণোৱালৰ কাৰ্যকাল শেষ হ'ল, পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাৰি বছৰৰ অধিক কাৰ্যকাল শেষ হ'বলৈ হ'ল; কিন্তু সেই নিৰ্মাণ কৰা অট্টালিকাসমূহ তেনেদৰে থিয় হৈ থাকিল ।"

তেওঁ পুনৰ কয়, "বৰ্তমান সেই আন্তঃগাথনি গৰুৰ গোহালিত পৰিণত হ'বলৈ গতি কৰিছে । আমাৰ স্পষ্ট কথা ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে থলুৱা অগৰু খেতিয়ক আৰু ব্যৱসায়ীৰ স্বাৰ্থত আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰটো মুকলি কৰিব লাগে আৰু উজনি অসমত আমাৰ ব্যৱসায়ীসকলে প্ৰকৃত মৰ্যাদা পাব লাগে । মাজত এক বণিক গোষ্ঠী সোমাই ছিণ্ডিকেটৰাজ চলাই প্ৰকৃত মূল্য লাভ কৰাৰ ক্ষেত্ৰত আমাক প্ৰৱঞ্চনা কৰি আহিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আহিছে এইখন খিলঞ্জীয়াৰ চৰকাৰ, গতিকে তেওঁৰ ওচৰত আমাৰ কাতৰ আহ্বান অনতিপলমে দাবিডুবিৰ আন্তঃৰাষ্ট্ৰীয় অগৰু বাণিজ্য কেন্দ্ৰ মুকলি কৰিব লাগে আৰু আমাৰ থলুৱা ব্যৱসায়ীসকলে উচিত মূল্য লাভ কৰাৰ ব্যৱস্থা কৰিব লাগে । অন্যথা ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব ।"

তেওঁ আৰু কয়, "উজনি অসমৰ এই ব্যৱসায় কেৱল মাত্ৰ নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোকে নকৰে, সকলো জাতি-জনগোষ্ঠীৰ লোক ইয়াৰ লগত জড়িত, যাৰ পৰিপ্ৰেক্ষিতত অনাগত দিনত ইয়াৰ পৰা চৰকাৰৰ ওপৰত প্ৰভাৱ পৰিব । লগতে উজনি অসমৰ নিবনুৱা সমস্যা নিয়ন্ত্ৰণ কৰি আহিছে একমাত্ৰ অগৰুৰ ব্যৱসায়ে । কাৰণ আন্তঃৰাষ্ট্ৰীয় বজাৰত উজনি অসমৰ অগৰুৰ মূল্য আটাইতকৈ বেছি; কিন্তু আজি এজন অগৰু ব্যৱসায়ীয়ে যি মূল্যত অগৰু ঘৰলৈ আনে, বিক্ৰী কৰাৰ সময়ত তাতকৈ কম মূল্যত বিক্ৰী কৰিবলগীয়া হয় । যাৰ বাবে চৰকাৰে অতি সোনকালে এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰটো মুকলি কৰিব লাগে ।"

কেন্দ্ৰটো মুকলি নহ'লে '২৬ ৰ নিৰ্বাচনত দিব প্ৰত্য়ুত্তৰ :

আনহাতে এই সম্পৰ্কে আমছু খিলঞ্জীয়াৰ কেন্দ্ৰীয় সভাপতি ইচাদ হুছেইনে কয়," তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত সেই সময়ত গোলাঘাট জিলাৰ দাবিডুবিত আন্তঃৰাষ্ট্ৰীয় অগৰু বাণিজ্য কেন্দ্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল । তাৰ কিছুদিনৰ পাছতে আন্তঃগাথনি নিৰ্মাণ কৰা হ'ল; কিন্তু তাৰ পাছত আজিলৈকে সেই আন্তঃগাথনি তেনেদৰে থাকিল । পৰিতাপৰ বিষয়- এই আন্তঃৰাষ্ট্ৰীয় অগৰু বাণিজ্য কেন্দ্ৰটো আজিলৈকে কাৰ্যক্ষম নহ'ল । যাৰ বাবে আমি আমছু খিলঞ্জীয়াৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছো '২৬ ৰ বিধানসভা নিৰ্বাচনৰ আগত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে যদি এই আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰটো মুকলি নকৰে তেনেহ'লে আমি এই চৰকাৰৰ বিৰোধিতা কৰিবলৈ বাধ্য হ'ম । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজত চলি থকা শীতল যুঁজৰ বাবে এই উদ্যোগটো এনেদৰে পৰি আছে ।"

লগতে পঢ়ক:অৰুণাচলৰ বিখ্যাত গ্যালৱা জাম্পা লাখঙৰ বিষয়ে জানো আহক - GYALWA JAMPA LHAKHANG

দুই দশকৰ টকলা পাহাৰে ৮ বছৰত পিন্ধিলে সেউজীয়া চোলা: হাতী বন্ধুৰ নীৰৱ সেউজ বিপ্লৱ - WORLD ENVIRONMENT DAY 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.