ETV Bharat / state

জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন নোহোৱালৈকে স্থগিত ছমহীয়া পৰীক্ষা

শুকুৰবাৰে ছিংগাপুৰত দুৰ্ঘটনাত পতিত হৈ শেষ নিশ্বাস ত্যাগ কৰে জুবিন গাৰ্গে ৷ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ এই খবৰ লাভ কৰাৰ পাছতেই শোকস্তব্ধ হৈ পৰিছে প্ৰতিজন অসমীয়া ।

ZUBEEN GARG DEATH
জুবিন গাৰ্গ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 7:49 AM IST

|

Updated : September 20, 2025 at 8:07 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পিছত ৰাজ্য চৰকাৰে আজিৰে পৰা ​​অৰ্থাৎ ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ছমহীয়া পৰীক্ষা স্থগিত ৰাখিছে ৷ জুবিনৰ শেষকৃত্য সম্পন্ন নোহোৱালৈকে স্থগিত ৰখা হ’ব পৰীক্ষা ৷ শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৱে শুকুৰবাৰে সামাজিক মাধ্যমত পোষ্ট কৰি এই তথ্য সদৰী কৰে ৷

শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৱে সামাজিক মাধ্যম X ত পোষ্ট কৰি কয়, "শ্ৰদ্ধেয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত‍্যুৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় পৰিদৰ্শক/জিলা প্ৰাথমিক শিক্ষা বিষয়াক কাইলৈ অনুষ্ঠিত হ’বলগীয়া ছমহীয়া পৰীক্ষা কিংবদন্তি শিল্পীগৰাকীৰ নশ্বৰদেহৰ অন্ত‍্যেষ্টিক্ৰিয়া নোহোৱা পৰ্যন্ত পিছুৱাই দিবলৈ নিৰ্দেশ দিয়া হৈছে।"

উল্লেখ্য যে, চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱ (এন ই আই এফ) ২০২৫ ত অংশ ল’বলৈ ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ । ২০ ছেপ্টেম্বৰত সাংস্কৃতিক অনুষ্ঠানত জুবিনে গান গোৱাৰ কথা আছিল । কিন্তু ইয়াৰ মাজতেই শুকুৰবাৰে সাগৰত বিনোদনৰ বাবে যোৱা শিল্পীগৰাকী হঠাতে অসুস্থ হৈ পৰে । লগে লগে গুৰুতৰ অৱস্থাত তেওঁক ছিংগাপুৰ জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও শিল্পীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ'ল চিকিৎসকৰ দল ৷

অসমৰ হিয়াৰ আমঠু, জনতাৰ প্ৰাণ স্পন্দন স্বৰূপ শিল্পীগৰাকীৰ অকাল মৃত্যুত এতিয়া শোকত ভাগি পৰিছে প্ৰতিজন অসমীয়া ৷ কোনেও মানি ল’ব পৰা নাই প্ৰিয় শিল্পীগৰাকীৰ এই মৃত্যু ৷ সমগ্র ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । সকলো ওলাই আহিছে প্ৰিয় শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ ৷

লগতে পঢ়ক : যুৱ প্ৰজন্মৰ মন সাগৰত জোৱাৰ তুলি গুচি গ'ল জুবিন

জুবিন গাৰ্গৰ নশ্বৰদেহ ছিংগাপুৰৰ পৰা কেতিয়া পাবহি মাতৃভূমি অসম ?

জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ খুলি কি ক’লে শ্যামকানু মহন্তই; বাতিল নৰ্থ-ইষ্ট ভাৰত উৎসৱ

Last Updated : September 20, 2025 at 8:07 AM IST