পঞ্চভূতত বিলীন মহানায়কৰ পাৰ্থিৱ শৰীৰ: মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা...
এনে এগৰাকী 'অসমীয়া' পাবলৈ কিমান যুগ বা অপেক্ষা কৰিব লাগে ! অন্ত পৰিল এটা যুগৰ । যাৰ বাবে আজি সকলো শোক সাগৰত বুৰ গৈছে ।

Published : September 23, 2025 at 2:52 PM IST
গুৱাহাটী : অৱশেষত পঞ্চভূতত বিলীন হ'ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ । চৌদিশে কেৱল প্ৰিয় শিল্পীগৰাকীৰ জয়গান । সমগ্ৰ ৰাজ্য আজি নিতাল-নিস্তব্ধ ।
ৰাজ্যবাসীক নিঠৰুৱা কৰি মঙলবাৰে জোনবাইৰ দেশলৈ গুচি গ'ল প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গ । পঞ্চভূতত বিলীন হৈ গ'ল শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ । গ'লগৈ অজানা দেশলৈ । আজিৰে পৰা অসমবাসীৰ প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গৰ নতুন ঠিকনা হ'ল কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ পাণবাৰী মৌজাৰ কমাৰকুছি গাঁৱৰ হাতীমূৰা টিলা ।
মঙলবাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় । শিল্পীগৰাকীক পিন্ধাই দিয়া হয় তেওঁৰ প্ৰিয় ড্ৰেগণ সাজযোৰ । শেষকৃত্যস্থলীত ভাৰত চৰকাৰৰ হৈ কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৱে মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে ।
আনহাতে, পৰিয়ালৰ লোকৰ উপৰি আছুকে ধৰি বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে । অসম আৰক্ষীৰ তৰফৰ পৰাও শেষ শ্ৰদ্ধা নিবেদন কৰা হয় ।

লোকাৰণ্য হৈ পৰা শেষকৃত্যস্থলীত কৰা হয় বেদ পাঠ । চৌদিশে কেৱল মানুহ আৰু মানুহ । জনসমুদ্ৰত পৰিণত হয় সমগ্ৰ সোণাপুৰ অঞ্চল । নিশাৰে পৰাই সোণাপুৰলৈ জনতাৰ সোঁত বৈছিল । লাখ লাখ লোকৰ উপস্থিতিত আজি শিল্পীগৰাকী অগ্নি দেৱতাৰ কোলাত শুই অজান দেশলৈ গুচি গ'ল । পৰিয়ালৰ লোকে ধৰ্মীয় ৰীতি-নীতিৰ পৰ্ব সমাপ্ত কৰাৰ পাছতে চিতাৰ কাষলৈ অনা হয় জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ । লগে লগে আকাশে-বতাহে উচ্চাৰিত 'জয় জুবিন দা', 'জুবিন দা অমৰ হওক' ।

অন্তিম শয্যাত উঠাৰ পূৰ্বে পুত্ৰক শেষ বিদায় জনায় পিতৃ কপিল বৰঠাকুৰে । শেষ বিদায় দি শ্ৰদ্ধা নিবেদন কৰে পত্নী গৰিমা গাৰ্গে । ডবা, শংখ, ঘণ্টাৰ ধ্বনিৰ মাজতে চন্দন কাঠেৰে সজোৱা চিতাত জুবিন গাৰ্গৰ নশ্বৰ দেহ তুলি দিয়া হয় । চিতাত তুলি দিয়াৰ পাছতে ধৰ্মীয় ৰীতিৰে মুখাগ্নি কৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে ।
মুখাগ্নি কৰাত সংগ দিয়ে জুবিন গাৰ্গৰ অতিকৈ মৰমৰ ৰাহুল গৌতম শৰ্মা, অৰুণ গাৰ্গ আৰু ৰিতু প্ৰয়াগ গাৰ্গে । মুখাগ্নিৰ সময়তে অসম আৰক্ষীয়ে টোপধ্বনিৰে শিল্পীগৰাকীলৈ সন্মান প্ৰদৰ্শন কৰে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চিতাত তুলি দিয়ে চন্দন কাঠ ।

চিতাৰ কাষতে বহি প্ৰিয় মানুহজনক শেষ বিদায় দিয়ে পত্নী গৰিমা গাৰ্গে । চিতাত উঠাই দিয়াৰ পাছত ১২.২২ বজাত মুখাগ্নি কৰা হয় । লগে লগে গুঞ্জৰিত হয় টোপধ্বনি । ২১ জাঁই গুলী ফুটাই ৰাষ্ট্ৰীয় মৰ্যাদাৰে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হয় । সকলোৱে হাতযোৰ কৰি মহান শিল্পীগৰাকীৰ প্ৰতি অন্তিম শ্ৰদ্ধা নিবেদন কৰে ।
আকাশে-বতাহে গুঞ্জৰিত হয় বেদৰ শ্লোক । লগতে গুঞ্জৰিত হয় 'মায়াবিনী ৰাতিৰ বুকুত' শীৰ্ষক শিল্পীগৰাকীৰ কালজয়ী গীতটো । যিটো গীত শিল্পীগৰাকীয়ে নিজৰ মৃত্যুত গোৱাটো বিচাৰিছিল । অন্তিম যাত্রাৰ সময়ত উপস্থিত অগণন জুবিনপ্ৰেমীয়ে একেলগে গালে গীতটো । পত্নী গৰিমা গাৰ্গেও কান্দি কান্দি গালে প্ৰিয়জনে বিচৰা গীতটো ।

এক বুজাব নোৱৰা আবেগিক পৰিৱেশ । যাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি । এক বাকৰুদ্ধ পৰিৱেশ । চন্দন কাঠৰ আবেশত দপদপাই জ্বলি উঠা জুইকুৰাৰ মাজত বিলীন হৈ পৰিল শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ । জুবিন গাৰ্গৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হৈ পৰাৰ লগে লগে অৱসান ঘটিল এটা বৰ্ণিল যুগৰ । যিটো যুগৰ নেতৃত্ব দিছিল কেৱল জুবিন গাৰ্গে ।
আজি সমগ্ৰ ৰাজ্য মৰ্মাহত । শুকুৰবাৰে বিয়লিৰে পৰাই শোক সাগৰত ডুব গৈ আছে সমগ্ৰ ৰাজ্য । সিদিনাই আহিছিল অসমবাসীৰ বাবে অত্যন্ত বেয়া খবৰটো । জুবিন গাৰ্গ নাই বুলি সুদূৰ ছিংগাপুৰৰ পৰা আহিছিল খবৰটো । নৰ্থ-ইষ্ট ফেষ্টিভেলৰ বাবে বুধবাৰে হাঁহিমুখে কাহিলিপাৰাৰ ঘৰখনৰ পৰা ছিংগাপুৰ অভিমুখে ওলাই গৈছিল জুবিন গাৰ্গ ।

কিন্তু সাগৰত সাঁতুৰিব গৈ ঘূৰি নাহিল শিল্পীগৰাকী । অসুস্থ হৈ পৰা শিল্পীগৰাকীয়ে ছিংগাপুৰতে শেষ নিশ্বাস ত্যাগ কৰে । সেই খবৰটো পোৱা মাত্রকে শোকস্তব্ধ হৈ পৰে সমগ্ৰ ৰাজ্যবাসী । ইয়াৰ পাছত শনিবাৰে নিশা ছিংগাপুৰৰ পৰা শিল্পীগৰাকীৰ নশ্বৰ দেহ দিল্লীলৈ অনা হয় আৰু তাৰ পাছত দিল্লীৰ পৰা নশ্বৰ দেহ দেওবাৰে পুৱা প্ৰায় ৭ বজাত গুৱাহাটী আহি পায় ।
দেওবাৰে গুৱাহাটী বিমানবন্দৰৰ পৰা বিশাল সমদলেৰে শিল্পীগৰাকীৰ নশ্বৰ দেহ কাহিলিপাৰাৰ বাসগৃহলৈ অনা হয় । সেই সমদল আছিল অসমৰ ইতিহাসৰ এক বিৰল সমদল । জুবিন গাৰ্গৰ প্ৰতি থকা মানুহৰ প্ৰেম-ভালপোৱাই ৰাজপথক জনসমুদ্ৰৰ ৰূপ দিছিল । সেই সমদলত আছিল কেৱল মানুহ আৰু মানুহ ।
কান্দি উঠিছিল সমগ্ৰ ৰাজ্য । আজিও কান্দি আছে প্ৰতিগৰাকী অসমীয়া । সকলোৱে জানে এনে এজন 'অসমীয়া' পাবলৈ কিমান যুগ অপেক্ষা কৰিব লাগিব । এইগৰাকী শিল্পীৰ মৃত্যৰ লগে লগে এটা যুগৰ অন্ত পৰিল । যাৰ বাবে আজি সকলো শোক সাগৰত বুৰ গৈছে ।
বিমান বন্দৰৰ পৰা কাহিলিপাৰাৰ ঘৰখনলৈ নশ্বৰ দেহ আনোতে প্ৰায় ছয় ঘণ্টা সময় লাগিছিল । ঘৰত কিছু সময় ৰখাৰ পাছত দেওবাৰে দিনৰ প্ৰায় ২.৪৫ বজাত সৰুসজাইলৈ নিয়া হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ । য'ত আয়োজন কৰা হৈছিল ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ । প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধা নিবেদনৰ বাবে ৰখা হৈছিল সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত ।
দেওবাৰে বিয়লি প্ৰায় ৩ বজাৰ পৰা সোমবাৰে নিশা ১২ বজালৈ লাখ লাখ লোকে শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে । ৰ'দ-বৰষুণ নেওচি অগণন লোকে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । শ্ৰদ্ধা জনাবলৈ ওলাই আহে আবাল-বৃদ্ধ-বণিতা ।

ইফালে মঙলবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত জি এম চি এইচত শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় । তাৰ পিছত পুনৰ সৰুসজাইলৈ নিয়া হয় নশ্বৰ দেহ । সৰুসজাইৰ পৰা পুষ্পসজ্জিত বাহনত সমদল কৰি জুবিন গাৰ্গৰ নশ্বৰ দেহ সোণাপুৰলৈ লৈ যোৱা হয় ।
সমগ্ৰ পথছোৱাৰ চৌদিশে কেৱল মানুহ আৰু মানুহ । সোণাপুৰৰ কমাৰকুছি গাঁৱৰ হাতীমূৰা টিলালৈ অনাৰ পাছত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় । পঞ্চভূতত বিলীন হৈ পৰে মৰমৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ । ৰাজ্যবাসীক কন্দুৱাই গুচি গ'ল অজানা দেশলৈ ।
আজি সমগ্ৰ ৰাজ্য নিস্তব্ধ আৰু নিতাল । শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ পোনপটীয়া সম্প্ৰচাৰ বিভিন্ন মাধ্যমযোগে ৰাজ্যবাসীয়ে প্ৰত্যক্ষ কৰি অশ্ৰুসিক্ত নয়নেৰে শিল্পীগৰাকীক অন্তিম বিদায় দিয়ে । আপোন শিল্পীগৰাকীক অন্তিম বিদায় দি আজি শোকস্তব্ধ ৰাজ্য ।

