উৰিয়ামঘাটৰ উচ্ছেদিতৰ লক্ষ্য মধ্য অসম ! সৰৱ বীৰ লাচিত সেনা
মধ্য অসমবাসী সাৱধান হোৱাৰ সময় । উৰিয়ামঘাটৰ উচ্ছেদিতৰ কলিয়াবৰত বাহৰ । কলিয়াবৰ জিলা বীৰ লাচিত সেনাৰ বাধা প্ৰদান ।

Published : July 24, 2025 at 10:28 PM IST
কলিয়াবৰ: উৰিয়ামঘাটৰ পৰা অহা একাংশ উচ্ছেদিত লোকে খালী ভূমি বিচাৰি প্ৰৱেশ কৰিছে কলিয়াবৰত । উৰিয়ামঘাটৰ পৰা ঘৰৰ সা-সামগ্ৰী গাড়ীত লৈ কলিয়াবৰৰ ৰেকাপাহাৰত উপস্থিত একাংশ উচ্ছেদিত । ৰেকাপাহাৰত চৰকাৰী ভূমিত ঘৰ সাজিবলৈ লোৱা অৱস্থাত কলিয়াবৰ জিলাৰ বীৰ লাচিত সেনাৰ এটা সজাতি দল উপস্থিত হৈ বাধা প্ৰদান কৰে ।
তিনিখন গাড়ীত ঘৰৰ সামগ্ৰী লৈ ৰেকাপাহাৰত প্ৰৱেশ কৰাৰ খবৰ লাভ কৰি বীৰ লাচিত সেনাৰ দলে এখন গাড়ী ওভতাই পঠাই যদিও দুখন গাড়ীত অহা একাংশ লোকে ৰেকাপাহাৰত ঘৰ বনাবলৈ লোৱা অৱস্থাত উপস্থিত হয় কলিয়াবৰ জিলা বীৰ লাচিত সেনাৰ দলটো । বীৰ লাচিত সেনাৰ দলে উচ্ছেদিতক ৰেকাপাহাৰৰ পৰা খেদি পঠাবলৈ সক্ষম হয় ।
উল্লেখ্যযোগ্য যে¸ ৰেকাপাহাৰৰ গাঁও প্ৰধানজনে কোনো লোকক ৰেকাপাহাৰত স্থান নিদিবৰ বাবে আহ্বান জনাইছিল ৰাইজক । কিন্তু ৰেকাপাহাৰৰ একাংশ লোকে উচ্ছেদিত একাংশ লোকক আশ্ৰয় দিয়া পৰিলক্ষিত হৈছে । গাড়ীয়ে-গাড়ীয়ে সৰুপথাৰৰ উৰিয়ামঘাটৰ পৰা মধ্য অসমত প্ৰৱেশ কৰিছে উচ্ছেদিত লোকে । এই লোকসকলে যাতে কোনো কাৰণতে কলিয়াবৰ বা চুবুৰীয়া অঞ্চলত থিতাপি ল'ব নোৱাৰে তাৰ বাবে সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাইছে লাচিত সেনাই ।
এই সন্দৰ্ভত এগৰাকী বীৰ লাচিত সেনাৰ নেতাই কয়,"আমি গম পাইছোঁ উৰিয়ামঘাটৰ পৰা তিনিখন গাড়ী কলিয়াবৰৰ মিছাত সোমাইছে । ইতিমধ্যে আমি এখন গাড়ী ধৰিবলৈ সক্ষম হৈছোঁ । ৰেকা পাহাৰৰ এজন লোকে ঠাই দিছিলে থাকিবলৈ । আমি সকলো লাচিত সৈন্য ওলাই আহিছোঁ । আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে তেওঁলোকে আমাৰ কলিয়াবৰত হওঁক বা আমাৰ অসমত হওঁক থাকিব নোৱাৰে । তেওঁলোকক ওলাই যাবলৈ আমি সকিয়নী প্ৰদান কৰিছোঁ । আগন্তুক দিনত তেওঁলোকে এইটো ভাবিবও নোৱাৰিব তেওঁলোক ওলাই যাব লাগিব ।"
আনহাতে, নগাঁও জিলাত প্ৰৱেশ কৰা শ শ বেদখলকাৰীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা শাখাই । গাড়ীয়ে-গাড়ীয়ে নগাঁও জিলাত প্ৰৱেশ সন্দেহজনক নাগৰিক । বৃহস্পতিবাৰে কলিয়াবৰৰ ৰাজপথত দেখা গৈছে ঘৰুৱা সা-সামগ্ৰী আৰু মানুহ বোজাই কৰি নিয়া বাহনৰ শাৰী ।
ৰাইজে এয়া উচ্ছেদিত লোকে ব্যৱহাৰ কৰা বাহন বুলি সন্দেহ কৰিছে । ৰাইজে সন্দেহ কৰিছে এওঁলোক উৰিয়ামঘাটৰ উচ্ছেদিত লোক । প্ৰশ্ন উঠিছে কলিয়াবৰৰ মাজেৰে এইসকল ক'লৈ গৈ আছে ? সংখ্যালঘু অধ্যুষিত নগাঁও জিলাৰ পশ্চিম অঞ্চললৈ যোৱা নাইতো ? যদি গৈছে তেন্তে তাত পুনৰ আৰম্ভ হ'ব নতুনকৈ বেদখল । সন্দেহজনক লোকসকলে ৰাষ্ট্ৰীয় ঘাইপথেৰে নগাঁও জিলাত প্ৰৱেশ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে ।

