ইয়াতে জন্ম লৈছিলোঁ, ইয়াতে মৰিম: বেদখলকাৰী
নাও বুৰিলেও টিঙৰ পৰা ননমা একাংশ বেদখলকাৰী । সীমান্তলৈ আকৌ ঘূৰি আহিব তেওঁলোক ?

Published : July 24, 2025 at 6:27 PM IST
সৰুপথাৰ: অসমীয়াত এষাৰ ফঁকৰা-যোঁজনা আছে 'নাও বুৰিলেও টিঙৰ পৰা ননমা' । অৰ্থাৎ সকলো শেষ হৈ গ'লেও হাৰ নমনা । কাৰ্যত তেনেই অৰ্থ প্ৰতিপন্ন হৈছে উৰিয়ামঘাট সীমান্তৰ একাংশ বেদখলকাৰীৰ মন্তব্যত । "আমি ইয়াতে মৰিম, আকৌ ঘূৰি আহিম । আমি ইয়াতে জন্ম হৈছোঁ, ইয়াতে আহি মৰিম ।"- যেন মুখ্যমন্ত্ৰীকো কেৰেপ নকৰে বেদখলকাৰীয়ে । উৰিয়ামঘাটৰ পৰা নগাঁৱলৈ যোৱাৰ পূৰ্বে আকৌ উভতি আহিম বুলি হুংকাৰ দিলে সীমান্তৰ বেদখলকাৰীয়ে ।
উৰিয়ামঘাট সীমান্তত উচ্ছেদৰ বাবে চলিছে যুদ্ধকালীন প্ৰস্তুতি । জাননী পাই সীমান্ত ত্যাগ কৰিছে বেদখলকাৰীসকলে । দিনে-নিশাই হাজাৰ হাজাৰ বাহনযোগে কঢ়িয়াইছে ঘৰৰ সা-সামগ্ৰী, আচবাব । নগাঁও, ধিং, লাহৰীঘাট, মৈৰাবাৰী আদি ঠাইলৈ দিনে নিশাই ঘৰুৱা সামগ্ৰী কঢ়িওৱা বাহনৰ লানি নিছিগা সোঁত ।
উৰিয়ামঘাট আৰক্ষী থানাত পঞ্জীয়ন কৰিহে পঠিওৱা হৈছে বেদখলকাৰী লোকসকলক । তেওঁলোকে ক'ৰ পৰা সামগ্ৰী কঢ়িয়াইছে ? ক'লৈ যাব, কিমানজন মানুহ গৈছে ? আদি বিভিন্ন তথ্য লোৱাত ব্যস্ত আৰক্ষী । বেদখলকাৰীসকলেও নিজ মুখেৰেই স্বীকাৰ কৰিছে যে, কোনোৱে যদি নগাঁও যাব, কোনোবাই আকৌ ধিং, লাহৰীঘাট, মৈৰাবাৰী, ৰূপহী আদি ঠাইলৈ যাব । সেই ঠাইসমূহত কাৰোবাৰ যদি আছে পিতৃ-মাতৃ, কাৰোবাৰ আছে আত্মীয়-স্বজন । মুঠতে তেওঁলোকে প্ৰতিপন্ন কৰিছে যে বনাঞ্চল ধ্বংস কৰি ভূমি বেদখলকাৰী এই লোকসকলেই ।
ইয়াৰ মাজতেই যেন একাংশ বেদখলকাৰীয়ে পুনৰ উৰিয়ামঘাটৰ সীমান্তলৈ ঘূৰি অহাৰ হুংকাৰ দিছে । কিয়নো তেওঁলোকৰ জন্মই উৰিয়ামঘাটত, গতিকে পুনৰ উভতি আহিব তেওঁলোক । যেন উৰিয়ামঘাট সীমান্ত তেওঁলোকৰ পৈত্তিক সম্পত্তি ।
সীমান্ত ত্যাগ কৰা বেদখলকাৰী এজনে কয়,"আমি উৰিয়ামঘাট সীমান্তৰ বেঙেনাবাৰীৰ পৰা আহিছো, নগাওঁ যাবলৈ । বেঙেনাবাৰীত আমাৰ মাটি তিনি বিঘা আছে । এতিয়া নগাওঁ যাম আমাৰ ঠাইলৈ, নগাঁৱত আমাৰ মাটি আছে । মাটি কাকা(দাদা)ৰ মাটি আছে তালৈকে যাম । আমি ইয়াতে মৰিম, আকৌ ঘূৰি আহিম । আমি ইয়াতে জন্ম হৈছোঁ, ইয়াতে আহি মৰিম । বেলেগৰ কথা নাজানো, কিন্তু আমি পুনৰ ঘূৰি আহিম উৰিয়ামঘাটলৈ ।"
মুখ্যমন্ত্ৰীকো যেন কেৰেপ নকৰে এইসকল বেদখলকাৰীয়ে । উৰিয়ামঘাটৰ পৰা নগাঁৱলৈ যোৱাৰ পূৰ্বে আকৌ উভতি আহিম বুলি হুংকাৰ দিলে বেদখলকাৰীয়ে । ইপিনে ২৫ জুলাই তাৰিখে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উৰিয়ামঘাট সীমান্তলৈ আহিব বুলি জানিব পৰা গৈছে ।

