নগাঁও : বটদ্ৰৱা থান পৰিচালনা সমিতিৰ পূৰ্ণাংগ সমিতিৰ বিৰুদ্ধে বিগত বৰ্ষত বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক চর্চা হৈছিল । বিগত বৰ্ষৰ জুন মাহৰ ৯ তাৰিখে নগাঁৱত সমিতিৰ কাৰ্য্যকৰী সভাপতি প্ৰভাত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । একেদিনাই থান পৰিচালনা সমিতিখন ভংগ কৰি তৎকালীনভাবে থানৰ কামকাজ চলাই নিবলৈ এখন তদৰ্থ সমিতি কেইমাহমান মানৰ বাবে গঠন কৰা হয় ।
থান পৰিচালনাৰ বাবে অধিবক্তা বিৰাজ মণি বৰদলৈক সভাপতি আৰু সাংবাদিক শৈলেন শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি তদৰ্থ কমিটী গঠন কৰা হয় । এটা দিন পাছতেই তদৰ্থ কমিটীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত পূৰ্ণাংগ কমিটী কাষ চাপে নগাঁও আদালতৰ । নগাঁৱৰ নিম্ন আদালতে তদৰ্থ কমিটী ভংগৰ এক নিৰ্দেশনা জাৰি কৰাৰ পাছত পুনৰ নগাঁও আদালতৰ উচ্চ ডিভিজনত আপত্তি দৰ্শায় তদৰ্থ কমিটীয়ে ।

তদৰ্থ কমিটীৰ আবেদনৰ ভিত্তিত উচ্চ ডিভিজনে পুনৰ তদৰ্থ কমিটীৰ পক্ষত ৰায়দান কৰাৰ পাছত বিগত বৰ্ষৰ ২২ ছেপ্টেম্বৰলৈকে দায়িত্ব পালন কৰা তদৰ্থ কমিটী ভংগৰ বাবে পুৰণা সমিতিৰ আবেদনৰ ভিত্তিত পুনৰ ২৩ ছেপ্টেম্বৰত পুৰণি সমিতিৰ পক্ষত ৰায়দান কৰাত তদৰ্থ কমিটীয়ে দায়িত্ব এৰি দিয়ে থান পৰিচালনা সমিতিৰ ।

বটদ্ৰৱাৰ স্থানীয় লোকৰ সমৰ্থন লাভ কৰা তদৰ্থ কমিটীয়ে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাত উচ্চ ন্যায়ালয়ে চলিত বৰ্ষৰ এপ্ৰিল আন এক ৰায়দান কৰে । আগন্তুক তিনি মাহৰ ভিতৰত সাধাৰণ সভাৰ জৰিয়তে এখন পূৰ্ণাংগ সমিতি গঠন কৰি দায়িত্ব চমজাই দিয়াৰ এক নিৰ্দেশ প্ৰদান কৰে । বিষয়টো সন্দৰ্ভত পূৰ্ণাংগ কমিটীখনে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত SLP NO 1392/2025 নম্বৰত এখন আবেদন জনায় যদিও উচ্চতম ন্যায়ালয়ে পুৰণি কমিটীৰ আবেদন নাকচ কৰা বুলি জানিবলৈ দিয়ে তদৰ্থ কমিটীৰ সাধাৰণ সম্পাদক শৈলেন শইকীয়াই ।

এই সমগ্ৰ বিষয় সন্নিবিষ্ট কৰি মঙলবাৰে থান পৰিচালনা সমিতিৰ দায়িত্বভাৰ লোৱা সন্দৰ্ভত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক পত্ৰ প্ৰদান কৰে । আগন্তুক তিনি মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰি পূৰ্ণাংগ কমিটী গঠনৰ বাবে ন্যায়ালয়ে দিয়া ৰায়ৰ ওপৰত ভিত্তি কৰি তদৰ্থ কমিটীক দায়িত্বভাৰ চমজাই দিয়াৰ দাবী জনাই জিলা আয়ুক্তক পত্ৰ প্ৰদান কৰা বুলিও জানিবলৈ দিয়ে তদৰ্থ কমিটীৰ সাধাৰণ সম্পাদক শৈলেন শইকীয়াই ।

ইপিনে, গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত পূৰ্বৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰভাত কলিতাই পূৰ্ণাংগ সমিতিকহে সাধাৰণ সভা অনুষ্ঠিত কৰি নতুন সমিতি গঠনৰ কৰ্তৃত্ব প্ৰদান কৰা বুলি দাবী কৰে । কলিতাই ই টি ভি ভাৰতৰ সন্মুখত কয়, “ছমাহৰ বাবে গঠিত তদৰ্থ কমিটীৰ ম্যাদ ইতিমধ্যেই উকলি গৈছে । বটদ্ৰৱা থানৰ বিগত প্ৰায় আঢ়ৈ বছৰৰ হিচাপ নিকাচ আমাৰ লগত হে আছে । সেয়ে আমি পূৰ্বৰ হিচাপ দাখিল কৰি আমিহে সাধাৰণ সভা অনুষ্ঠিত কৰি নতুন কমিটী গঠন কৰিম ।”
কেৱল এয়াই নহয়, পূৰ্ণাংগ সমিতিখনৰ বিৰুদ্ধে উত্থাপিত বিত্তীয় কেলেংকাৰী সন্দৰ্ভতো প্ৰথমবাৰৰ বাবে মুখ খুলিছে পূৰ্ণাংগ কমিটীৰ কাৰ্যকৰী সভাপতি প্ৰভাত কলিতাই । এই সন্দৰ্ভত পূৰ্ণাংগ কমিটীৰ কাৰ্যকৰী সভাপতি প্ৰভাত কলিতাই কয়, “পূৰ্ণাংগ কমিটীৰ তদানীন্তন সাধাৰণ সম্পাদকে কিছু খেলিমেলি কৰাটো সঁচা । কিছু খেলিমেলি কৰাৰ বাবেই সাধাৰণ সম্পাদকগৰাকীক আমি অব্যাহতি দিছোঁ । বটদ্ৰৱা থানৰ নামত থকা সোণ পূৰ্বৰ সম্পাদকজনে ব্যক্তিগত বেংকত জমা ৰাখিছিল যদিও প্ৰায় ৮০ ভৰি আমি উভতাই আনি চৰকাৰী বেংকৰ লকাৰত ৰাখিছোঁ ।
লগতে পঢ়ক : বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ